MORNING HEADLINES

## আজি মহানগৰীৰ মাছখোৱা ITA প্ৰকল্পত প্ৰদেশ কংগ্ৰেছে পালন কৰিব গণ বেদনা দিৱস, বিমুদ্ৰাকৰণৰ বিৰুদ্ধে এই ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ, উপস্থিত থাকিব চি পি যোশী, তৰুণ গগৈ, ৰিপুণ বৰাৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু জিলা সভাপতি-সম্পাদকসকল।
## দেশৰ আয়কৰ দাতাসকললৈ ভাল খবৰ, পৰৱৰ্তী বৰ্ষৰ পৰা ৪ তৰপীয়া হ’ব কৰ ব্যৱস্থা, অৱসান ঘটিব বৰ্তমানৰ ৩ তৰপীয়া ব্যৱস্থাৰ,
৪ লাখ টকাপৰ্যন্ত অৰ্জনত আয়কৰ ৰেহাই, ১০ লাখপৰ্যন্ত আয়কৰৰ হাৰ ১০%, ১০-১৫ লাখলৈ আয়কৰৰ হাৰ ১৫%, ১৫-২০ লাখলৈ আয়কৰৰ হাৰ ২০% আৰু ২০ লাখৰ অধিক উপাৰ্জনত আয়কৰ হ’ব ৩০%, এই ঘোষণা ৰাষ্ট্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ।
## তেজপুৰত পথ দুৰ্ঘটনাত তিনিজন লোক নিহত, ৩১নং(ক) ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ, দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে হাস্পতাললৈ নিয়াৰ পথত আন এজনৰ মৃত্যু, আহত হৈছে আন ৫ জন লোক, দুৰ্ঘটনাৰ পিছতে ট্ৰাক চালকৰ পলায়ন।
## কাইলৈ ৬৮সংখ্যক গণৰাজ্য দিৱস, দেশজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা, দিল্লীৰ ৰাজপথত দেখা যাব কামাখ্যা মন্দিৰৰ আধাৰত নিৰ্মিত অসমৰ প্ৰতীকপট, গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ আয়োজন।
## প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে টেলিফোনিক বাৰ্তালাপ আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ, দুয়োখন দেশৰ অৰ্থনৈতিক আৰু নিৰাপত্তাৰ দিশটো অধিক সুদৃঢ় কৰাৰ ওপৰত আলোচনা মোদী-ট্ৰাম্পৰ, উগ্ৰপন্থীৰ বিৰুদ্ধে দুয়ো দেশে একেলগে যুঁজাৰ সংকল্প।
## কাইলৈ ৬৮সংখ্যক গণৰাজ্য দিৱস, গণৰাজ্য দিৱস উপলক্ষে আজি দেশবাসীক সম্বোধন কৰিব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে।
## ৰতন লহকৰৰ আশু-আৰোগ্য কামনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ, লহকৰৰ চিকিত্‍সাৰ সমস্ত ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে, GMCHৰ অধীক্ষকক যাৱতীয় চিকিত্‍সাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
[Courtesy :: NEWS18 ]
Share on Google Plus

About Unknown

0 comments:

Post a Comment