বন্ধৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে:::

হকে বিহকে, মন গলেই বিভিন্ন দল সংগঠন সমূহে বন্ধ দি ৰাজ্যৰ অৰ্থনীতি আৰু সামাজিক পৰিবেশ বিনষ্ট কৰাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ লবলৈ অগ্ৰসৰ হৈছে। এই সম্পৰ্কত ৰাজ্য চৰকাৰে অসম বন্ধৰ বিৰুদ্ধে খচৰা বিধেয়ক উপস্থাপন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম বন্ধ সন্দৰ্ভত চলি থকা গোচৰৰ শুনানিৰ সময়ত আদালতক এই কথা অৱগত কৰে মহাধিবক্তা এ চি বুঢ়াগোহায়েঁ। অসম বন্ধৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ আহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত এক আবেদন কৰিছিল অৰুণ পাঠক নামৰ এজন ব্যক্তিয়ে। তেওঁৰ আৱেদনৰ ভিত্তিত ৰুজু হোৱা ৫৪/২০১২ নম্বৰৰ গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ সুমন শ্যামৰ আদালতে। পূৰ্বৰ শুনানিত অসম বন্ধৰ ফলত আৰ্থিক আৰু সামাজিক ক্ষেত্ৰত ৰাজ্যখন কেনে ধৰণে ক্ষতিগ্ৰস্থ হয়, সেই বিষয়ে ৰাজ্য চৰকাৰে আদালতক অৱগত কৰিছিল । বিধেয়ক খনি বিধান সভাত গৃহীত হলে বহুতো দল সংগঠনৰ নেতা পালি নেতাৰ জেললৈ যোৱাৰ পথ প্ৰসস্থ হব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment