EVENING HEADLINES ::



## মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্বৰ মাজত কোনো সংঘাত হোৱা নাই, গোলাঘাটত মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ, এয়া অপপ্ৰচাৰ আৰু গোকাট মিছা কথা, সংবাদ মাধ্যমত উৰাবাতৰি ওলোৱা বুলি মন্তব্য ৰঞ্জিত দাসৰ।
## মন্ত্ৰীসভাত কোন সোমাব খাটাং হোৱা নাই, জ্যেষ্ঠজনে পাব উপযুক্ত সন্মান, মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ, নবীনক মৰম কৰি আগুৱাব চৰকাৰ, পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ কথা নাই, অকলে পঞ্চায়ত নিৰ্বাচন খেলিব বিজেপিয়ে।
## ৰাকেশ পালক ন্যায়িক জিম্মালৈ প্ৰেৰণ, গুৱাহাটীৰ বিশেষ আদালতৰ ৰায়, ৫ দিনৰ দিছপুৰ আৰক্ষীৰ জিম্মাৰ অন্তত আজি পুনৰ আদালতত হাজিৰ কৰোৱা হৈছিল ৰাকেশ পালক।
## প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ৰাজ্যিক বিজেপি, তৰুণ গগৈ–ৰিপুণ বৰাক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ ২ মুখপাত্ৰ দিলীপ শইকীয়া আৰু সুভাষ দত্তই, গগৈ–ৰিপুণ বৰাৰ ওঁঠত হতাশাৰ সুৰ, প্ৰকাশ পাইছে অপৰিপক্ব ৰাজনীতিকৰ ভাষা, ৰাজ্যত এতিয়া শেষ হৈছে অশুভ ৰাজনীতি।
## কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পাদুৰীবিলত মৃত গঁড় উদ্ধাৰ, গঁড়টোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই, অক্ষত অৱস্থাত বন বিভাগে উদ্ধাৰ কৰিছে খড়্গটো, ১৫ দিন পূৰ্বেও একেঠাইতে উদ্ধাৰ হৈছিল আন এটা মৃত গঁড়।
## কলগাছিয়াৰ খৰিশালাত কলগাছিয়া-সৰভোগ পথ অৱৰোধ, ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ তুলি ছাত্ৰ–ছাত্ৰীয়ে অৱৰোধ কৰিলে পথটো, পথৰ নিৰ্মাণৰ কামত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰৰো অভিযোগ।
## মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত আৰক্ষীৰ গুণ্ডাগিৰি, গণৰাজ্য দিৱসৰ গইনা লৈ গাড়ীৰ পৰা ৰছিদবিহীনভাৱে ধন সংগ্ৰহ, দাবী-ধমকিৰে প্ৰতিখন যান-বাহনৰ পৰা ৫০০-১০০০ টকাকৈ সংগ্ৰহ, আৰক্ষীৰ কাৰ্যত ক্ষুব্ধ স্থানীয় লোক।
## হাইলাকান্দিত প্ৰধান শিক্ষক আটক, মধ্যাহ্ন ভোজনত দুৰ্নীতিৰ অভিযোগত শিৱ উত্তৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাজ্জাদুৰ ৰহমান লস্কৰক আটক, লস্কৰৰ বিৰুদ্ধে বহু ধন আত্মসাত্‍ কৰাৰ অভিযোগ।
## এইবাৰ শৰাইঘাটৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা মহিলাৰ, দলঙৰ পৰা জাঁপ দিলে লক্ষ্মী পাটোৱাৰী নামৰ এগৰাকী মহিলাই, নদী আৰক্ষীয়ে কথমপি উদ্ধাৰ কৰিলে মহিলাগৰাকীক।
## বৰ্ষীয়ান অভিনেত্ৰী বীণা প্ৰসাদ আৰু নাই, গুৱাহাটীৰ চেনিকুঠিৰ নিজগৃহত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ নাট্য শিল্পীগৰাকীৰ, বীণা প্ৰসাদৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ।
[Courtesy :: NEWS18[
Share on Google Plus

About Unknown

0 comments:

Post a Comment