অসম লাভৱানহে হ’ব হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলে ::মন্ত্রী হিমন্ত বিশ্ব শৰ্মা

সমগ্র দেশেই যেতিয়া চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা হিন্দুসকলক নাগৰিকত্ব দিয়াৰ প্ৰস্তাৱটো মানি লৈছে তেনেহ’লে অসমেও এই প্রস্তাৱ মানি লোৱা উচিত। কিয়নো ইয়াৰ পৰা অসমৰ কোনো লোকচান নহয়, বৰঞ্চ লাভহে হ'ব। কালি নতুন দিল্লীত সাংবাদিকৰ আগত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ সম্পৰ্কত এই অভিমত ব্যক্ত কৰিছে ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্রী শৰ্মাই কয় যে অসমত হিন্দুৰ সংখ্যা দিনক দিনে হ্রাস পাইছে। ইয়াৰ বিপৰীতে মুছলিম লোকৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে। অসমৰ বহুতো লোকে ভাবিছে যে অসমখন হিন্দু বাংলাদেশীৰে ভৰি আছে। যদিহে ইমানেই হিন্দু বাংলাদেশী আছে তেনেহ’লে অসমত হিন্দু লোকৰ সংখ্যা কিদৰে হ্রাস পাইছে বুলিও প্রশ্ন উত্থাপন কৰে শৰ্মাই। তেওঁ কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিৰােধিতা কৰা সংগঠন ছাত্র সস্থাকে ধৰি আন আন সংগঠনসমূহে এই কথাত গুৰুত্ব দিয়া উচিত। নহ’লে অসমত হিন্দু লোকৰ জনসংখ্যা হ্রাস পাই এদিন হিন্দুসকল সংখ্যালঘুত পৰিণত হ'বগৈ। যোৱা দহ বছৰত অসমত হিন্দু লোকৰ সংখ্যা যে হ্রাস পাইছে এই হিন্দুসকল ক’লৈ গ’ল সেই কথা প্রতিবাদকাৰী সংগঠনসমূহক ভাবি চাবলৈকো কয় শৰ্মাই। মন্ত্রীজনৰ স্পষ্ট মত— হিন্দুসকলক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰই আনিব খোজা এই বিধেয়কখনে অসমৰ কোনো ক্ষতি নকৰে। এই বিধেয়কখন যিহেতু সমগ্ৰ দেশতে প্রযোজ্য হ’ব। গতিকে ইয়াৰ ফলত অসমৰ ক্ষতি হ’ব বুলি ভবাৰ কোনো যুক্তি নাই
Share on Google Plus

About Unknown

5 comments:

  1. সাম্ৰদায়িক মনোভাৱাপন্ন হিমন্ত বিশ্ব শৰ্মা আপুনি মুছলমানক লৈ ভয় পাই আছে কিয়? আপনালোকে নিৰপেক্ষ বাবে ৰাজনীতি কৰক ,মুছলমান সকল আপনালোকৰ লগদ থাকিব,পাৰিলে জন্মনিয়ন্ত্রনৰ আইন বান্দী দিয়ক,ন্যায়গতবাবে বিদেশী বহিস্কাৰ কৰক|এটা কথা ভাৱিব ভগৱানে পৃথিৱী খন বা দেশখন মানুহৰ কাৰনেই সৃষ্ঠি কৰিছে বি.জে.পি বা হিন্দু/মুছলমান সকলৰ কাৰনে নহয়,আপনি সদায় হিন্দু হিন্দু কৰি নাথাকিব এটা কথা সত্য যে কোৰআন শৰিফত উল্লেখ আছে পৃথিৱী ধবংসৰ আগত পৃথিৱীৰ সকলো মানুহেই ইচলাম ধৰ্ম গ্ৰহন কৰিব,মুচলমান হৈ মৃত্য হব|গতিকে হিংসাৰ ৰাজনীতি এতিয়াৰ পৰা ত্যাগ কৰক আৰু পাৰিলে আপনালোকৰ দলটোক শক্তিশালী কৰক ,হিন্দু বাংলাদেশীৰে নহয়|

    ReplyDelete
  2. Himantar kotha Mani lobo nuaru ketiau... Kin2 dangoria apuninu kun2 secular kotha kole!!! Prithibi dhonkho huar agot hokoluei musolmaan hobo buli koi apuni ki bujaboloi bisarise dangoria? Ami DUI dhorone apunar kotha2 lobo paru... Eta dhoronereu apunar Val nologa uttor eta ulabogoi, heye explain nokori... Nijor nijor jegat sobore religion best, gotike dhormok loi himantar logote apuniu kunu kotha nukuai Val...

    ReplyDelete
  3. হিমনতৰ তেনেকুবা কথাই অসমীয়া মুছলমান সকলক ইটা বেযা দিশত য়াবলৈ বাধ্য কৰাব .....
    Kashmir ৰ দৰে হব অসম

    ReplyDelete
  4. হিমন্ত শৰ্মা অসমৰ অভিভাৱক নহয়।

    ReplyDelete
  5. Amar songbidhanor ata niyom hol an desor vitoruwa kothat indiai kono konodhorone hat uzan nidiye so, jodi hindu bangladesik jodi assam t thakiboloi diye tenehole ki songbidhanor omanno nohobo jano?

    ReplyDelete