বাৰেৰহণীয়া অসমীয়া সংস্কৃতি আৰু অস্বতিত্ব ৰক্ষাৰ যুঁজ


 মাইন উদ্দিন (বৰপেটা ৰোড):
অসমীয়া সংস্কৃতি কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পতি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে।
অসমীয়াৰ দৰেই পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু যত মিলিত হৈছে - দ্রাবিড় , মঙ্গলীয় , শ'ক , হুন , আহোম , মান , আদি নৃগোষ্ঠীয় অৱদান । মানব জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈকে আঁত নিছিগাকৈ বৈ আহিছে সংস্কৃতিৰ বোৱতি সুঁতি। অসমীয়া সংস্কৃতিও কোনো এটা নিৰ্দিষ্ট সময়ত গঢ় লোৱা সংস্কৃতি নহয়। ইয়াৰ ইতিহাস অতি প্ৰাচীন। শতাব্দীৰ পিছত শতাব্দী ধৰি ক্ৰমবিকাশৰ পথত আগবাঢ়ি আহিছে অসমীয়া সংস্কৃতি। অৱশ্যে, কালক্ৰমত অসমীয়া সংস্কৃতিৰ ক্ৰমশঃ পৰিবৰ্ত্তন পৰিলক্ষিত হয়। আদিম অৱস্থাত অসমৰ বুকুত আৰ্য-অনাৰ্য, মঙ্গোলীয় তথা নানান জাতি-উপজাতি বসবাস কৰি তেওঁলোকৰ স্বকীয় সংস্কৃতিৰ উপাদান সমূহ আগবঢ়াই অসমীয়া সংস্কৃতি পৰিপুষ্ট সাধন কৰিছিল। পৰৱৰ্তী যুগত আহোম মোগলৰ বিভিন্ন সংস্কৃতিৰ উপাদানৰ সমাহৰনেৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ বন্ধাত সহায়তা কৰিছে। আহোমৰ ৰাজত্বকালৰ সময়চোৱাত অসমীয়া সংস্কৃতিৰ সৰ্বদিশত এটা সুশৃংখল ৰূপ ধাৰন কৰে। এই সময়চোৱা অসমীয়া সংস্কৃতিৰ ভেটি প্ৰতিষ্ঠাৰ যুগ বুলি কোৱা হয়। ইয়াৰ পিছত অসমলৈ বৃটিছৰ আগমন ঘটে। বৃটিছ অহাৰ লগে লগে অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ত পৰিবৰ্তন হোৱাৰ লগতে আবহমান কালকপি চলি অহা অসমীয়া সংস্কৃতিৰ প্ৰবাহলৈ বহুমুখী পৰিৱৰ্ত্তন আহিবলৈ ধৰে যত দুটা বৃহৎ জন গোষ্ঠী সংযোজন হয় - চাহ জনগোষ্ঠী আৰু বঙ্গমূলীয় চৰ চাপৰি জনগোষ্ঠী , বর্তমান সময়ত এই দুই জনগোষ্ঠীৰ সমষ্টি অসমৰ মুঠ জন সংখ্যাৰ আধা । পূৰ্বৰ সামাজিক ব্যৱস্থা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উত্স-ৱ-পৰ্ব, খোৱা-লোৱা, পিন্ধা-উৰা ইত্যাদি সৰ্বদিশত নতুনত্বৰ পৰিলক্ষিত হয়। পুৰনিকলীয়া সংস্কৃতিৰ ওপৰত আধুনিক বহু কথাৰ প্ৰলেপ পৰে আৰু ক্ৰমশঃ পুৰনিকলীয়া সংস্কৃতিৰ লুপ্তপ্ৰায় অৱস্থা হয়। সময় গতিশীল। যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জনসাধাৰনৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিবৰ্ত্তন হোৱাটো নিতান্তই স্বাভাৱিক।আধুনিকতাৰ স্পৰ্শই অসমীয়া সংস্কৃতি নেতিবাচক আৰু ইতিবাচক দুয়োটা ৰূপেই গ্ৰহণ কৰিছে। যুগৰ লগে লগে মানব সভ্যতা উন্নতিৰ দিশত আগুৱাবলৈ কেৱল পৰম্পৰাক যে খামুচি ধৰি থাকিব লাগিব এইটো সঁচা নহয়; পৰিবৰ্ত্তনৰ প্ৰয়োজন আছে। কিন্তু, পৰিবৰ্ত্তন কেতিয়াও নিজৰ অস্তিত্ব ধ্বংসমুখী হ’ব নালাগে। আধুনিকতাই অসমীয়া সংস্কৃতিৰ যি পৰিৱৰ্তন আনিছে এটা সময়ত অসমবাসীয়ে নিজৰ সংস্কৃতি বিচাৰি বিচাৰি হাবাথুৰি খাব লাগিব সেয়া ধুৰূপ। সেয়ে আজিৰ অসমবাসীয়ে নিজৰ স্বকীয় মৌলিক উপাদানসমূহ সংৰক্ষিত কৰি নিজৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ সময় সমাগত। পৰম্পৰাৰ স’তে আধুনিক এই দুয়োটাৰ সু-সমন্বয় কৰিব পাৰিলে অসমীয়া সংস্কৃতিৰ ইতিহাস সমৃদ্ধ হ’ব বুলি ধাৰণা কৰিব পাৰি ! 
আজি কিছুমান তথাকথিত উগ্র "অতি অসমীয়া" ৰ কাৰণে কিছু পৰিমানে অসমীয়া সংস্কৃতিৰ ম্লান পৰা ৰূপটো দেখা যায় যদি ও সেয়া ক্ষন্তেকীয়া ! 
অসমীয়াৰ "অস্তিত্ব ৰক্ষা" নামৰ যিটো তথাকথিত আন্দোলন যোৱা চাৰিটা দশক যুৰি চলি আছে ইয়াৰ ন্যায্যতা কিমান দূৰ সেয়া বিচর্য্য !

তথ্য সূত্র:

১) আমি কিদৰে অসমীয়া হ'লো - ইছমাইল হোছাইন 
২) অসমৰ সংস্কৃতি----লীলা গগৈ
৩) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ
৪) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ডঃ নবীন চন্দ্ৰ শৰ্মা
৫) বাৰেবৰনীয়া অসম----- ডঃ হৰিনাথ শৰ্মা দলৈ
৬)অসমীয়া সংস্কৃতিত চৰ-চাপৰিৰ অৱদান - ডঃ হাফিজ আহমেদ

Share on Google Plus

About Unknown

0 comments:

Post a Comment