সৌন্দৰ্য চৰ্চ্চা::১০ দিনত বগা হোৱাৰ কিটিপ

(যুগুতাইছে::আচাৰ্য পংকজ পাঠক )

1 .  ১০ দিনত বগা হবৰ বাবে :

ক )৬০ গ্ৰাম বেচন , আধা চামুছ গুড়ি হালধি , আধা কাপ  কেঁচা গাখীৰ , 10 টোপাল খাটি সৰিয়হৰ তেল ভালকৈ মিহলাই লওঁক ।

যেতিয়া চাটনিৰ নিচিনা হব , তেতিয়া গালত , গলত আঠু , কিলাকুটি আৰু যত যত কলা পৰিছে তাত লগাওঁক ।

20 মিনিট মান থাকি যেতিয়া লেপটো শুকাই যাব , তেতিয়া হাতেৰে ঘঁহি ঘঁহি উলিয়াই দিয়ক ।। তাৰ পিছত কুহুমীয়া গৰম পানীৰে ধুই লব ।

ইয়াৰ দ্বাৰা কলা  দাগ , ৰদে পুৰা ছাল , অধিক তেলেতীয়া ছাল , বয়সৰ চাপ  ,  অনাবশ্যক নোম আদি নোহোৱা হয় ।।

খ ) দৈনিক  গা ধুওতে  পানীত 2 তা গোল নেমু ৰস মিহলাই লওক । অতি সোনকালে বগা হব পাৰিব ।

গ ) শুকান তেঁতেলী 300 মিলিগ্ৰাম পানীত ভিজাই থৈ দিব ।। যেতিয়া ফুলি যাব , তেতিয়া হাতেৰে  ভালকৈ মিহলাওক ।।

সেই পানী গোটেই গাত ঘঁহি 15 মিনিট পাছত গা ধুওক ।।

অতি সোনকালে ছালৰ ৰং সলনি হব ।।

2 . ক )  অধিক তেলেতীয়া চালৰ বাবে  আধা কাপ গাখীৰ লৈ তাৰ  এফাল গোল নেমুৰ ৰস মিহলাই  তুলাৰে লাহে লাহে মুখমণ্ডল আৰু গলত লগাই  25 মিনিট থাকিব দিয়ক ।

এখন কোমল ৰুমাল কুহুমীয়া গৰম পানীত তিয়াই লাহে লাহে মুচি পেলাওক ।।

খ ) তীয়হৰ  ৰস উলিয়াই তুলাৰে গোটেই মুখমণ্ডল আৰু গলত ঘহিলে তেলেটিয়া নোহোৱা হয় ।

গ ) এডোখৰ বৰফ লৈ গাখীৰত ডুবাই মুখত ঘহিলে লগে লগে তেলেটিয়া নোহোৱা হৈ যায় ।

3.  চকুৰ পতা বা তলত কলা পৰা :

ক )
তীয়হ পাতল পাতলকৈ কাটি লৈ চকুৰ পতাত ঘঁহিব ।

খ ) ৰাতিপুৱাৰ লালটি লগালে অতি ক্ষীপ্ৰতাৰে কলা দাগবোৰ নোহোৱা হয় ।

4 . ক ) শুকান আৰু উজ্জলতা নোহোৱা চালৰ বাবে এডোখৰ তুলা লৈ কেঁচা গাখীৰত তিয়াই  মুখমণ্ডলত লগাওঁক । গোটেই  গাত লগাব পাৰে ।

20 মিনিট পাছত কুহুমীয়া পানীৰে ধুই পেলাব ।

খ ) মূলতানি মাটি 50 গ্ৰাম  1 গিলাচ পানীত তিয়াই লৈ যেতিয়া  পেষ্টৰ নিচিনা হব , তেতিয়া সেইখিনি  গাত ঘঁহি লৈ আধা ঘণ্টা ছাঁয়াত বহক ।

আধা ঘণ্টা পিছত গা ধুই লব ।।

ছালৰ আৰু কিবা সমস্যা থাকিলে কমেণ্টত জনাব । সময় পালে লিখিম ।।

Share on Google Plus

About Unknown

0 comments:

Post a Comment