Evenung Head Lines

# ৰবীন্দ্ৰ ভৱনত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠান, অহা বছৰৰ পৰা একাদশ–দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়েও পাব বিনামূলীয়া পাঠ্যপুথি, ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
# অহা বছৰৰ পৰা বিনামূলীয়া হ’ব মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণ, মেট্ৰিকৰ বহী নিৰীক্ষণ কৰা হ’ব কম্পিউটাৰত, এইবাৰ কম্পিউটাৰত চোৱা হ’ব অংকৰ বহী, মন্তব্য শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
# প্ৰধানমন্ত্ৰী মোদীয়ে দেখা স্বচ্ছতাৰ সপোন আমি পূৰণ কৰিম, ASSAM BIOTECH CONCLAVEত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, অসমক অৰ্গেনিক হাবৰূপে গঢ়াৰ পোষকতা মুখ্যমন্ত্ৰীৰ, গুৱাহাটীত হ’ব বায়’টেক পাৰ্ক, বিকাশ এতিয়া অসমবাসীৰ লক্ষ্য।
# মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আৰু পুনৰনিৰ্মাণ আঁচনিৰ জৰিয়তে ২০০০ কোটি টকাৰ পথ নিৰ্মাণ আঁচনি, সংবাদমেলত ঘোষণা গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ, চেন্ট্রেল ৰোড ফাণ্ড ৮০০ কোটি টকালৈ বৃদ্ধি, গড়কাপ্তানী বিভাগক ডিজিটেলাইজড কৰাত গুৰুত্ব মন্ত্ৰীগৰাকীৰ।
# ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আন এখন দলং, কুৰুৱা আৰু নাৰেংগীৰ মাজত হ’ব এই দলংখন, ব্যয় কৰা হ’ব ২,২৫৫ কোটি টকা, ঘোষণা গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।
# ৰূপনগৰত শ্ৰীমন্ত শংকৰদেৱ ভৱন আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নামত ১০ কোটি টকাৰ সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে, গহপুৰত হ’ব এইবাৰৰ শংকৰ অধিৱেশন।
# সাহিত্য সভাক লৈ উদ্বেগ হিমন্ত বিশ্ব শৰ্মাৰ, প্ৰাক্তন সভাপতি-সম্পাদকক লৈ আলোচনাৰ পোষকতা মন্ত্ৰীগৰাকীৰ, সাহিত্য সভাক সুস্থিৰ কৰাৰ আহ্বান হিমন্ত বিশ্বৰ।
# অসম ক্ৰিকেট সন্থাক লৈ ৰাণী নৰহৰ বিস্ফোৰণ, বৰ্তমানৰ সমিতিক অগণতান্ত্ৰিক আখ্যা ৰাণীৰ, উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই হিমন্তক পদত্যাগৰ দাবী।
## কাজিৰঙাৰ কঁহৰাত দুদিনীয়া কাৰ্যসূচীৰে ব্যঘ্ৰ প্ৰকল্পৰ সৰ্বভাৰতীয় বৈঠক, বৈঠকত বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ লগতে দেশৰ ৫০খন ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালকো উপস্থিত।
## গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ কংগ্ৰেছ প্ৰদেশ কমিটীৰ সভা, সভাত উপস্থিত কংগ্ৰেছৰ উত্তৰ-পূবৰ পৰ্যবেক্ষক চি পি যোশী, উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, নাবাম টুকি আৰু ডি ডি লাপাং, পূৰ্বোত্তৰত কংগ্ৰেছক শক্তিশালী কৰাৰ প্ৰসংগক লৈ আলোচনা।
## NEDA নহয়, RSSহে উত্তৰ-পূবৰ বাবে ‍ভাবুকি, এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ, সাৰদা কেলেংকাৰীক লৈ ৰাজ্য চৰকাৰ নিমাত বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে কাৰেং ঘৰৰ কাৰ্যকো ধিক্কাৰ দিয়ে গগৈয়।
## তেজপুৰত মিলনপুৰ অঞ্চলত বনৰীয়া হাতীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভাঙিলে এটা পৰিয়ালৰ চৌহদৰ দেৱালো, আনহাতে চিৰাঙৰ খংখ্ৰাঝৰাতো বন্যহস্তীয়ে চলালে তাণ্ডৱ, স্থানীয় ৰাইজে খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত উপস্থিত নহ’ল বন বিভাগৰ লোক।
## ডিগবৈ চাৰিআলিত বাছ চালকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি, বাছ চলাচল বন্ধ কৰিলে ক্ষোভিত চালকে।
## বৰক্ষেত্ৰীত বাইক চোৰৰ সন্দেহত যুৱকক আটক কৰে আৰক্ষীয়ে, ধৃত যুৱকজনৰ নাম চহৰ আলী, গেৰেজলৈ ভাল কৰিবলৈ আনিছিল এখন বাইক, আৰক্ষীক দেখি পলায়নৰ চেষ্টা যুৱকজনৰ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment