উজনিৰ জাগুনত উগ্রপন্থী-বিৰোধী অভিযান তীব্র সেনাৰ::ভয়তে পলায়ন গাওঁবাসী



অৰুণাচলৰ সীমামূৰীয়া জাগুনৰ ৱাৰাবস্তি পথৰ সমীপত কালি উগ্রপন্থীয়ে চলোৱা আক্রমণৰ ঘটনাৰ পোতক ল’বলৈ  সেনাৰ জোৱানে এই নিকৃষ্ট পন্থা হাতত লয়৷ আজি পুৱাই ১ নং ৱাৰা গাঁৱত সেনাৰ জোৱান উপস্থিত হৈ গাঁওখনৰ ৭৫ বছৰীয়া গাঁওবুঢ়া কামচম ইয়ংকুকক অতি বেয়াকৈ মাৰধৰ কৰে৷ সেনাৰ জোৱানৰ মাৰত আধা মৰা হোৱা বৃদ্ধ গাঁওবুঢ়াগৰাকীক আনকি চিকিৎসাৰ বাবে গাঁৱৰ বাহিৰলৈও আহিবলৈ বাধা দিয়ে৷ ৱাৰা গাঁৱৰ গাঁওবুঢ়াৰ লগতে গাঁৱত থকা সকলো যুৱক আৰু পুৰুষকে এফালৰ পৰা সেনাই মাৰধৰ কৰিবলৈ লয়৷ সেনাৰ মাৰত গাঁৱৰে শিক্ষক কামৰেণ টাইৰিণো গুৰুতৰভাৱে আহত হৈছে৷ বহু যুৱক তথা পুৰুষে ভয়তে গাঁৱৰ পৰা পলায়ন কৰিছে৷ একেদৰে ২ নং ৱাৰা গাঁৱতো সেনাই নির্যাতন চলোৱাৰ বিষয়ে জানিব পৰা গৈছে৷ 
Share on Google Plus

About Unknown

0 comments:

Post a Comment