পঞ্চায়তত এককভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ পৰিৱর্তে ঐক্যবদ্ধভাৱে প্রতিদ্বন্দ্বিতা কৰা উচিত::ড0 হিমন্ত বিশ্ব শর্মা



পঞ্চায়তত এককভাৱে অৱতীর্ণ হোৱাতো বিচৰা নাই স্বয়ং দলটোৰ অন্যতম নেতা তথা মন্ত্রী ড0 হিমন্ত বিশ্ব শর্মাই৷ উল্লেখযোগ্য যে ২০ আৰু ২১ জানুৱাৰীত বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক অনুষ্ঠিত হৈছিল আৰু সেই কার্যনির্বাহকতে আগন্তুক পঞ্চায়ত নির্বাচনত গেৰুৱা দলটোৱে এককভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল৷ বিজেপিৰ সেই সিদ্ধান্তৰ পাছতে মিত্রদল অগপয়ো নিজৰ স্থিতি স্পষ্ট কৰি কৈছিল যে পঞ্চায়ত নির্বাচনত অগপ দলেও অকলে প্রতিদ্বন্দ্বিতা কৰিব৷ দুয়োটা দলে এনেকৈ স্থিতি স্পষ্ট কৰাৰ সময়ত বিষয়টোক লৈ অতি তাৎপর্যপূর্ণ মন্তব্য কৰে ড0 হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মাধ্যমৰ আগত বিজেপিৰ নেতা শর্মাই কয় যে পঞ্চায়তত বিজেপিয়ে অকলে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে লোৱা সিদ্ধান্ত সন্দর্ভত তেওঁ জ্ঞাত নহয়৷ এইকেইদিন তেওঁ বাজেটক লৈ ব্যস্ত আছে বাবে দলে গ্রহণ কৰা সিদ্ধান্ত সন্দর্ভত জ্ঞাত নহয়৷ ড0 শর্মাই এই কথাও কয় যে পঞ্চায়তত এককভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ পৰিৱর্তে ঐক্যবদ্ধভাৱে প্রতিদ্বন্দ্বিতা কৰা উচিত৷ ড0 শর্মাৰ স্পষ্ট মন্তব্য, ‘ মোৰ নিজৰ ব্যক্তিগত মন্তব্য হ’ল আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিব লাগে৷’ ড0 শর্মাৰ এই মন্তব্যই এই কথাই প্রমাণ কৰে যে পঞ্চায়তত বিজেপিয়ে এককভাৱে প্রতিদ্বন্দ্বিতা কৰাটো তেওঁ বিচৰা নাই৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment