ৰাজ্যৰ সর্বত্রে উচেছদ অভিযান চলি থাকিব:: বিজেপিৰ মুখপাত্র ৰূপম গোস্বামী


বেদখলকাৰীৰ বিৰুদ্ধে বিজেপি-নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে উচেছদ অভিযান অব্যাহত ৰখাৰ সময়ত ৰাজ্যৰ সর্বত্রে অভিযান অব্যাহত থাকিব বুলি এইবাৰ হুংকাৰ দিছে বিজেপি দলে৷ কেৱল নির্দিষ্ট একোটা অঞ্চলে নহয়, মন্দিৰ, মছজিদ, গীর্ আদি সকলো বেদখলমুক্ত হ’ব বুলি এখন সংবাদমেলৰ জৰিয়তে হুংকাৰ দিয়ে বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামীয়ে৷ গোস্বামীয়ে কয় যে বেদখলত থকা অঞ্চলত উচেছদ চলোৱাৰ বাবে কোনো আপোচ কৰা নহ’ব আৰু ইয়াক লৈ কোনোৱে যদি ধর্মৰ নাম লৈ ৰাজনীতি কৰে তেন্তে তাক সহ্য কৰা নহ’ব৷
       উন্নয়নৰ হকে কাম কৰি যোৱাৰ প্রতিজ্ঞা লৈ শাসনভাৰ লোৱা বিজেপি-নেতৃত্বাধীন চৰকাৰে বেদখলমুক্ত কৰাৰ বাবে ৰাইজৰ ওচৰত প্রতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যে বিজেপি প্রতিশ্রুতি দি পাহৰি যোৱা দল নহয়, বৰঞ্চ প্রতিশ্রুতি পূৰণৰ বাবে দৃঢ়তাৰে কাম কৰি যাব৷ পূর্ব প্রতিশ্রুতি অনুসৰি মুখ্যমন্ত্রী সোণোৱালে ইতিমধ্যেই বেদখলকাৰীক উচেছদ কৰাৰ বাবে দৃঢ় পদক্ষেপ গ্রহণ কৰাৰ কথা সংবাদমেলত উল্লেখ কৰে৷ পূর্ব প্রতিশ্রুতি অনুসৰি ভিজন ডকুমেণ্ট৻ত উল্লেখ কৰা প্রতিটো বিষয় কার্যকৰী কৰাৰ বাবে চৰকাৰে গ্রহণ কৰা পদক্ষেপক প্রশংসা কৰি মুখপাত্র গোস্বামীয়ে কয় যে বিদেশীমুক্ত, দুর্নীতিমুক্ত, সন্ত্রাসবাদমুক্ত আৰু প্রদূষণমুক্ত অসম গঢ়াৰ বাবে ৰাজ্যৰ নতুন চৰকাৰ দায়বদ্ধ৷ বিগত আঠ মাহত কাজিৰঙা ৰাষ্ট্রীয় উদ্যান বেদখলমুক্ত কৰাৰ লগতে বিভিন্ন সত্র বেদখলমুক্ত কৰাৰ কথা উল্লেখ কৰি কয় যে বিজেপিয়ে পূর্বে দিয়া কোনো প্রতিশ্রুতি উলংঘন নকৰে৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment