আবেলিৰ মুখ্য বাতৰি সমূহ ::

## চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ নতুন সময়সূচী ঘোষণা, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ঘোষণা কৰিলে শিক্ষা বিভাগে, নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান হ’ব পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২-১৫ বজালৈ, পূৰ্বে এই সময়সূচী আছিল ৯ বজাৰ পৰা ১.৪৫ বজালৈ। উচ্চ প্ৰাথমিকৰ পাঠদান হ’ব পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১ বজালৈ, পূৰ্বে এই সময়সূচী আছিল পুৱা ৯টাৰ পৰা ২.৩০ বজালৈ, অধিকাংশ শিশুৰে পিতৃ-মাতৃ বাগিচাৰ শ্ৰমিক হোৱা হেতু এই সিদ্ধান্ত শিক্ষা বিভাগৰ।
## তাৰকাযুক্ত হোটেলত চৰকাৰী সভা-সমিতি নিষিদ্ধ, GAD-এ জাৰি কৰিলে নিৰ্দেশনা, চৰকাৰী প্ৰেক্ষাগৃহতহে পাতিব পাৰিব সভা-সমিতি, গুৱাহাটী বিশ্ববিদ্যালয়, IIT, কলাক্ষেত্ৰত পাতিব পাৰিব চৰকাৰী কাৰ্যসূচী, চৰকাৰী বিদ্যালয়তো সভা-সমিতি অনুষ্ঠিত কৰাত নাই কোনো বাধা।
## ডিব্ৰুগড়ৰ সূৰযমল হনুমান বক্স কানৈ কলেজত মুখ্যমন্ত্ৰী, কলেজৰ এখন সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ সোণোৱালৰ, অনুষ্ঠানত উপস্থিত আছে ৰামেশ্বৰ তেলীও।
## ‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’ৰ সংকট, আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ ফেচবুকত মুকলি চিঠি পৰিচালক হিমাংশু প্ৰসাদ দাসৰ, সন্তোষজনক দৰ্শক থকা সত্ত্বেও দুখন হিন্দী ছবিৰ বাবে ২৫ জানুৱাৰীৰ পৰা ৰাজ্যত নচলে অসমীয় ছবিখন, অসমীয়া ছবি উদ্ধাৰৰ বাবে পৰেশ বৰুৱাৰ সহায় আহ্বান হিমাংশু প্ৰসাদ দাসৰ।
## জাগুনত সংঘৰ্ষত নিহত উগ্ৰপন্থীক চিনাক্ত, প্ৰিপাকৰ সদস্য বুলি চিনাক্ত নিহত দুজনক, নিহত দুজন হুইদ্ৰম পাৰি ওৰফে ৰকী আৰু ভালুই মুইভাপাম ওৰফে তম্বা।
## দীপৰ বিলত পুনৰ ৭টা হাড়গিলাৰ মৃত্যু, হাড়গিলাৰ অস্বাভাৱিক মৃত্যুক লৈ তৎপৰ বন বিভাগ, পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে দীপৰ বিলৰ পানী আৰু মাটিৰ নমুনা, সোমবাৰেও দীপৰ বিলত মৃত্যু হৈছিল ২০টা হাড়গিলাৰ।
## আম আদমী পাৰ্টীত যোগদান কমল কুমাৰ মেধিৰ, আপৰ কেন্দ্ৰীয় নেতৃত্বই জনালে এই কথা, শীঘ্ৰেই কমল মেধিক দিব গুৰুত্বপূৰ্ণ বিষয়বাব, আপৰ এজন সৈনিক হিচাবে কাম কৰিবলৈ সাজু বুলি মন্তব্য কমল কুমাৰ মেধিৰ।
## সাপেখাতীত গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও, পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, IAYৰ গৃহ–শৌচাগাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ সভানেত্ৰী ৰেণু গোহাঁইৰ বিৰুদ্ধে।
## দেৰগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, বানত ক্ষতিগ্ৰস্ত লোকৰ সাহায্য তালিকাত বিসংগতিৰ অভিযোগ, মণ্ডলক ঘেৰাও কৰিলে ক্ষুব্ধ ৰাইজে।
## কলিয়াবৰত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান, জখলাবন্ধা ষ্টেচনৰ সমীপত অভিযান চলাই অভিযানকাৰী দলে নষ্ট কৰিলে বহু পৰিমাণৰ দেশীয় সুৰা।
[Courtesy :: NEWS18]
Share on Google Plus

About Unknown

0 comments:

Post a Comment