আশা কৰা ধৰণে ধৰা নপৰিল ক’লা ধন

বিমুদ্রাকৰণৰ পাছত নিষিদ্ধ হোৱা ন’ট বেংকত জমা দিয়াৰ শেষ সময়সীমা ৩১ ডিচেম্বৰত উকলিছে ৷ যোৱা ৫০ দিনত বেংকত জমা হ’ল প্রায় ১৪.২লাখ কোটি টকাৰ নিষিদ্ধ হোৱা ৫০০ আৰু ১০০০ টকীয়া ন’ট৷ বিমুদ্রাকৰণৰ পূর্বে দেশত প্রচলন থকা ১৫.৪ লাখ কোটি টকাৰ ভিতৰত বিমুদ্রাকৰণৰ পাছত বেংকত জমা হ’ল ১৪.২ লাখ কোটি টকা৷ এতিয়াৰে পৰা দেশবাসীয়ে কেৱল ভাৰতীয় ৰিজার্ভ বেংকৰ আঞ্চলিক কার্যালয়তহে জমা দিব পাৰিব নিষিদ্ধ হোৱা ৫০০ আৰু ১০০০ টকীয়া ন’ট৷ বেংক, ডাকঘৰত পুৰণি ন’ট জমা দিয়াৰ সময়সীমা আজি অন্ত পৰাৰ পাছত গ্রাহকে অহা ৩১ মার্চ পর্যন্ত কেৱল ৰিজার্ভ বেংকতহে পুৰণি ন’ট জমা দিব পাৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা ৮ নৱেম্বৰৰ নিশা দেশবাসীক সম্বোধন কৰি সকলোকে স্তম্ভিত কৰি  নৱেম্বৰৰ মাজনিশাৰ পৰা কার্যকৰী হোৱাকৈ দেশত নিষিদ্ধ কৰিছিল ৫০০ আৰু ১০০০ টকীয়া ন’ট৷ ইফালে যোৱা ৫০ দিনত দেশৰ বেংকত যিমান পৰিমাণৰ ধন জমা হ’ল ইয়াৰে ৫০ শতাংশ ধন জমা দিলে কেৱল ৬০ লাখ লোকে৷ অর্থাৎ, দেশৰ ১২৫ কোটি জনসংখ্যাৰ ভিতৰত মাত্র ৬০ লাখ লোকৰ হাততে জমা আছিল ৭ লাখ কোটি টকা৷ বাকী ৭ লাখ কোটি টকা জমা দিলে ১২৪ কোটি লোকে৷ স্বাভাৱিকতেই দেখা যায় যে দেশত পূর্বে প্রচলিত হোৱা নিষিদ্ধ ন’টৰ আধা অংশ মাত্র ৬০ লাখ লোকৰ হাতত জমা আছিল৷ এইক্ষেত্রত দেখা যায় যে গড় হিচাপত এই ৬০ লাখ লোকৰ প্রতিজনৰ হাতত জমা আছিল প্রায় ১২ লাখ টকাৰ নিষিদ্ধ হোৱা ন’ট৷ ক’লা ধনৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰে কেন্দ্রৰ মোদী চৰকাৰে দেশবাসীক স্তম্ভিত কৰি যোৱা ৮ নৱেম্বৰৰ মাজনিশাৰ পৰা কার্যকৰী হোৱাকৈ যি নীতি গ্রহণ কৰিছিল এনেক্ষেত্রত যি ধৰণে ক’লা ধন বিগত ৫০ দিনত ধৰা পৰিব লাগিছিল সেয়া হৈ নুঠিল৷ বিমুদ্রাকৰণৰ সময়ত কেন্দ্রৰ লগতে ৰিজার্ভ বেংকে আশা কৰিছিল যে নিষিদ্ধ হোৱা ন’টৰ ভিতৰত প্রায় ৪ লাখ কোটি টকা বেংকত জমা নহ’ব৷ কিন্তু নিষিদ্ধ হোৱা ন’ট বেংকত জমা দিয়াৰ শেষ সময়সীমা আজি অন্ত পৰাৰ পাছত দেখা গ’ল যে পূর্বে প্রচলিত হোৱা ৫০০ আৰু ১০০০ টকীয়া ন’টৰ এক লাখ কোটি টকাহে বেংকত জমা নহ’ল৷ এনেক্ষেত্রত স্বাভাৱিকতেই প্রশ্ন উঠিছে ক’লা ধন ধৰা পেলোৱাৰ বাবে কেন্দ্রই যি কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছিল সেই সিদ্ধান্তক চৰমভাৱে ভেঙুচালি প্রদর্শন কৰি ক’লা ধন মজুতকাৰীয়ে অধিকাংশ ক’লা ধন এই সময়ছোৱাত বগা কৰিবলৈ সক্ষম হ’ল নেকি? বিমুদ্রাকৰণৰ পাছত যিদৰে বেংকত নিষিদ্ধ হোৱা ন’ট জমা হ’ল এইক্ষেত্রত আয়কৰ বিভাগে শংকা প্রকাশ কৰিছে যে যোৱা ৫০ দিনত বেংকত প্রায় ৪ লাখ কোটি টকাৰ ক’লা ধন জমা হ’ল৷ আয়কৰ বিভাগে প্রকাশ কৰা অনুসৰি যোৱা ১৭ ডিচেম্বৰলৈকে বেংকৰ ১.১৪ লাখ একাউণ্টত জমা হৈছে ৪ লাখ কোটি টকা৷ ইয়াৰে একাংশ একাউণ্টত ৮০ লাখ টকাৰ পৰা কোটি টকা পর্যন্ত জমা হৈছে৷ এই বিশাল পৰিমাণৰ ধন সেইসকল লোকৰ যিসকলে আয়কৰ নিদিয়াকৈ সমুদায় ধন গোপনে মজুত কৰি ৰাখিছিল৷ এইক্ষেত্রত আয়কৰ বিভাগে সন্দেহজনক ১.১৪ লাখ একাউণ্টৰ ওপৰত তদন্ত কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ ইপিনে আয়কৰ বিভাগৰ সূত্রই প্রকাশ কৰা অনুসৰি বিমুদ্রাকৰণৰ পাছত বিভাগটোৱে বর্তমানলৈকে ৫০০০ লোকলৈ জাননী প্রেৰণ কৰিছে৷ সূত্রটোৱে লগতে প্রকাশ কৰে যে অঘোষিত আয় মজুত কৰি ৰখা লোকৰ বিৰুদ্ধে দেশজুৰি অভিযান চলাবলৈ সাজু হৈছে আয়কৰ বিভাগ৷ আনহাতে, আয়কৰ বিভাগে যোৱা ২৮ ডিচেম্বৰলৈকে দেশৰ বিভিন্ন স্থানত ৪১৭২ কোটি টকাৰ অঘোষিত আয় ধৰা পেলাইছে আৰু ১০৫ কোটি টকাৰ নতুন ন’টসহ ৫৫০ কোটি টকা জব্দ কৰিছে৷ আয়কৰ বিভাগৰ সূত্রটোৱে লগতে প্রকাশ কৰে যে যোৱা ১০ নৱেম্বৰৰ পৰা বর্তমানলৈকে দেশৰ ১.১৭ লাখ লোকে ২৫ লাখ টকাৰ অধিক ধনৰ ঋণ পৰিশোধ কৰিছে আৰু এই ঋণ পুৰণি ন’টেৰে পৰিশোধ কৰিছে৷ ঋণ পৰিশোধ কৰাসকলৰ ভিতৰত বহু কোম্পানীও আছে৷ এনেক্ষেত্রত এই লোক, কোম্পানীৰ বিৰুদ্ধেও তদন্ত চলাব আয়কৰ বিভাগে৷ ইয়াৰ উপৰি কে ৱাই চি অবিহনে এক কোটিৰো অধিক ধন জমা কৰা ব্যক্তিৰ তালিকাও প্রস্তুত কৰিছে আয়কৰ বিভাগে৷ আনহাতে, দেশৰ ৫৪৭টা বেংকৰ শাখাত অসামান্য ধৰণে নিষিদ্ধ ন’ট জমা হোৱাৰ বিষয়টো পোহৰলৈ অহাৰ পাছত এই বেংক শাখাসমূহ আৰু একাউণ্টৰ ওপৰত আয়কৰ বিভাগে চোকা নজৰ ৰাখিছে৷ ইফালে নৱবর্ষৰ পহিলা জানুৱাৰীৰ পৰা বেংক আৰু এ টি এমৰ পৰা গ্রাহকে উলিয়াব পৰা ধনৰ সবোর্চচ সীমা অন্ত পৰাৰ কথা প্রকাশ কৰিছে কেন্দ্রীয় ৰাজ্যিক বিত্তমন্ত্রী সন্তোষ গংগৱাৰে৷ কেন্দ্রীয় ৰাজ্যিক বিত্তমন্ত্রীজনে কয় যে যিহেতু প্রতিদিনে গড় হিচাপত ২৫-৩০ কোটিখন ন’ট ছপা কৰা হৈছে তেনেস্থলত পহিলা জানুৱাৰীৰ পৰা বেংক আৰু এ টি এমৰ পৰা গ্রাহকে ধন উলিয়াব পৰাৰ যি সবোর্চচ সীমা আৰোপিত কৰা হৈছে সেয়া অন্ত পৰাৰ সম্ভাৱনা আছে৷[উৎস :: দৈনিক জনমভূমি ]

Share on Google Plus

About Unknown

0 comments:

Post a Comment