
এগৰাকী মহিলা হিচাপে দেশৰ ভিতৰতে সর্বাধিক সময় কাৰাগাৰত থাকি অভিলেখ গঢ়িবলৈ ওলোৱা নলিনী শ্ৰীধৰণে এতিয়া বিচাৰিছে মুক্তি। তেওঁ আঙুলিয়াই দিছে এগৰাকী মহিলাক অন্যায় কৰা হৈছে, গতিকে মানৱীয়তাৰ খাতিৰত তেওঁৰ মুক্তি ন্যায্য অধিকাৰ। শেহতীয়াকৈ সেই কাৰাবন্দী মহিলাগৰাকীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত এই আর্জি দিয়া কথাই বিভিন্ন মহলত চৰ্চাৰ বিষয় হৈ পৰিছে।
কিন্তু এই নলিনীনো কোন ? নলিনী হল সেইগৰাকী মহিলা যাক ১৯৯১ চনত প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ হত্যাৰ অভিযোগত সেই বছৰৰে ১৪ জুনত গ্রেপ্তাৰ কৰা হৈছিল। ৰাজীৱ গান্ধীৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৯৯১ চনৰ ২১ মে’ত। অভিযোগ অনুসৰি ৰাজীৱ গান্ধীৰ হত্যাৰ ক্ষেত্ৰত আত্মঘাতীৰ পৰিকল্পনাকাৰীক নেতৃত্ব দিয়াসকলৰ অন্যতম আছিল এই নলিনী শ্ৰীধৰণ।ভয়াৱহ হত্যাকাণ্ডৰ বহু কথা তেওঁৰ মুখেৰেই সেই সময়ত পোহৰলৈ আহিছিল। মহিলাগৰাকী হৈ পৰিছিল সংবাদ মাধ্যমত চর্চাৰ বিষয়। এই গোচৰ প্ৰায় ৭ বছৰ চলাৰ পাছত ১৯৯৮ চনৰ ২৮ জানুৱাৰীত মহিলাগৰাকীক ২৫ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল। কিন্তু এতিয়া নলিনীয়ে দাবী কৰিছে যে তেওঁৰ সমুখতে বহুকেইগৰাকী মহিলা কাৰাবন্দীয়ে কাৰাদণ্ডৰ নির্ধাৰিত সময়তকৈ আগেয়ে মুক্তি লাভ কৰিছে। কিন্তু তেওঁৰ ক্ষেত্ৰত বাৰে বাৰে কৰি থকা হৈছে বঞ্চনা। এই বঞ্চনাক আঙুলিয়াই নলিনীয়ে যোৱা আগষ্ট মাহৰ ২০ তাৰিখে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত এক প্রার্থনা জনাইছিল যে ভাৰতীয় সংবিধানৰ ৭২ নং অনুচ্ছেদ অনুসৰি তেওঁৰ মুক্তি সন্দৰ্ভত আয়োগে ভাৰত চৰকাৰৰ ওপৰত হেঁচা প্ৰদান কৰিব লাগে। কিন্তু সেই সময়ত আয়োগে তেওঁৰ সেই এই আবেদন সন্দৰ্ভত কোনো প্রতিক্রিয়া ব্যক্তি নকৰিলে। তেনে পৰিপ্ৰেক্ষিতত যোৱা ২২ অক্টোবৰৰ দিনা কাৰাবন্দী নলিনীয়ে পুনৰবাৰ আয়োগৰ ওচৰত আন এখন আবেদন দাখিল কৰি পূৰ্বৰ আবেদনৰ কথা আঙুলিয়াই দিছিল। তেওঁ এই কথাও কৈছে তেওঁৰ ক্ষেত্ৰত সাংবিধানিক সুবিধা প্রযোজ্য হােৱা নাই। উল্লেখনীয় যে নলিনী যেতিয়া গ্রেপ্তাৰ হৈছিল তেতিয়া তেওঁ আছিল গৰ্ভৱতী। তেওঁৰ কন্যা সন্তান ইতিমধ্যে এতিয়া ডাঙৰ হৈছে আৰু দেশৰ বাহিৰত থাকে। গতিকে তেওঁ সস্তানক চোৱাৰ পৰাও দীর্ঘকাল ধৰি বঞ্চিত হৈ আছে। ইতিমধ্যে ২৫টা বছৰ কাৰাবন্দীৰ জীৱন কটোৱা নলিনীয়ে কাৰাদণ্ডৰে দণ্ডিত হােৱাৰ পিছত তেওঁৰ কাৰাবন্দীৰ জীৱন শেষ কৰিবলৈ আৰু ৭ বছৰ বাকী আছে। সেয়ে এই মুহুর্তত আবেদনৰ ন্যায্যতা কিমান তাকে লৈ বিভিন্ন মহলত আৰম্ভ হৈছে চর্চা। বিশেষকৈ নৰেন্দ্ৰ মােদীৰ নেতৃত্বত চৰকাৰ গঠন হােৱাৰ পাছতে কাৰাবন্দী মহিলাগৰাকীয়ে তেওঁৰ বন্দীত্বক লৈ সৰৱ হৈ উঠা কথাকলৈ যে ৰাজনৈতিক কছাৰতৰ আৰম্ভ হ’ব পাৰে সেই কথাৰ উমান দিছে। কিন্তু এই ক্ষেত্ৰত সৰ্বসাধাৰণ নাগৰিকৰ অভিমত কি বা এগৰাকী নাৰী হিচাপে উল্লেখিত প্ৰসংগত নলিনীৰ মুক্তি যুক্তিসংগত হয় নে নহয় সেয়া বিচাৰ্য বিষয়। এই কথাও চৰ্চিত হৈছে যে ৰাজীৱ গান্ধীৰ হত্যাৰ পৰিকল্পনাত উগ্ৰবাদী সংগঠন এলটিটিইয়ে তৰা জালত বন্দী হৈ পৰিছিল নলিনীৰ দৰে সাধাৰণ আৰু কেইবাগৰাকীও যুৱতী। তেনে ধৰণৰ হত্যা অভিযানৰ যুক্তিযুক্ততা বিচাৰ কৰাৰ ক্ষমতা তেওঁলোকৰ নাছিল। গতিকে সেইদিশৰ পৰা তেওঁলোক আছিল নিৰীহ আৰু এক বৃহৎ ৰাজনৈতিক হত্যাকাণ্ডৰ পৰিকল্পনাৰ অংশ মাত্র। সেয়ে এই মূহুৰ্তত নলিনীৰ ক্ষেত্ৰত মানৱ অধিকাৰ সংগঠন বা মহিলা অধিকাৰী সং ভূমিকা কি হয় আৰু নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে বিষয়টােক লৈ কি বিচাৰধাৰাৰ প্ৰতিফলন ঘটায় সেয়া লক্ষণীয় হৈ পৰিছে। সচেতনজনে এই ক্ষেত্ৰত বিচাৰিছে এক ৰাজহুৱা বিতর্কৰো।[উৎস ::নিয়মীয়া বার্তা ]
0 comments:
Post a Comment