প্ৰেৰণা ::মাতৃৰ নিথৰ দেহত সেৱা কৰি পৰীক্ষাত বহা অসমৰ মেধাবী ছাত্রজন



এজন ছাত্রই সকলো দিশত কৃতকার্য হ’বলৈ হ’লে কিমান সহনশীল আৰু সাহসী হ’ব লাগিব তাৰ এক জীৱন্ত উদাহৰণ পোৱা গৈছিল তিতাবৰৰ এগৰাকী মেধাৱী ছাত্ৰৰ পৰীক্ষা আৰু ফলাফলৰ সময়ত। ছাত্ৰজনৰ নাম সিদ্ধার্থ কৰােৱা। ২০১৬ বৰ্ষৰ হাইস্কুল শিক্ষাস্ত পৰীক্ষাৰ প্রার্থী আছিল সিদ্ধার্থ। সিদ্ধার্থৰ পঢ়া আৰু পৰীক্ষণ দিয়াৰ পৰিৱেশ অত্যন্ত কঠিন আৰু দুখ লগা আছিল, কিছু পলমকৈ হ’লেও ছাত্ৰজনৰ বিষয়ে জানিব পাৰি এই লেখাটাে যুগুত কৰা হ’ল। সিদ্ধার্থই হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিতাবৰ প্ৰাগজ্যোতিষ বিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ সুখ্যাতিৰে প্ৰৱেশিকা পাছ কৰিছিল। ছাত্রজনে হিন্দী বিষয়ত কম নম্বৰ লাভ কৰাত এই বৰ্ষত প্ৰাগজ্যোতিক বিদ্যালয়ৰ পৰা স্থান লাভ কৰা ৮ গৰাকী ছাত্ৰ-ছাত্রীৰ ওচৰ চাপিব নোৱাৰিলে। ছাত্ৰজনৰ পৰা জনা মতে তেওঁৰ মাতৃ মীৰা কৰােৱা আছিল হিন্দী বিষয়ৰ ঘৰুৱা শিক্ষয়িত্রী। প্ৰাগজ্যোতিক বিদ্যালয়ৰ হিন্দী বিভাগটাে অত্যন্ত দুর্বল যিহেতু ২০ ১৬ চনৰ শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ১৯গৰাকী ছাত্র-ছাত্রী হিন্দী বিষয়ৰ পৰীক্ষাত বহি বিষয়টােত আটাইকেইগৰাকী উত্তীর্ণ হৈছিল যদিও তিনিজন ছাত্রই ৮০ নম্বৰ লাভ কৰিছিল। অর্থাৎ হিন্দীয়ে স্থান লাভ কৰাত অন্তৰায় হৈ পৰিছিল। যিখন বিদ্যালয়ত ছাত্রছাত্রীয়ে আন আন বিষয়সমূহত সম্পূর্ণ নম্বৰ লাভ কৰিছে সেই বিদ্যালয়ত হিন্দীৰ ওপৰত গুৰুত্ব প্ৰদান নকৰা কথাটো প্রমাণিত হোৱাত আৰু তাৰ বিৰূপ ক্রিয়াত আক্রান্ত হৈ পৰিল সিদ্ধার্থ। মাতৃ মীৰা কাৰােৱাই সুন্দৰভাৱে সিদ্ধার্থক হিন্দী শিক্ষা প্রদান কৰিছিল যদিও সিদ্ধাৰ্থ দশম শ্রেণী পোৱাৰ এক অচিন ৰোগত। তিতাবৰ, যোৰহাট, গুৱাহাটী আৰু অৱশেষত মুম্বাইত চিকিৎসাৰ বাবে যাব লগা হয় মাতৃ মীৰা কৰােৱা। হিন্দী শিক্ষাৰ বাবে বিকল্প কোনো শিক্ষক নাপাই নিৰুপায় হ’ল সিদ্ধার্থ। তথাপি কৰি গ’ল অক্লাস্ত চেষ্টা। সিদ্ধার্থৰ ফাইনেল পৰীক্ষাৰ কিছুদিন পূর্বে মাতৃ মীৰা কৰােৱাক ঘূৰাই অনা হ’ল মুম্বাইৰ পৰা। ঘৰৰ পৰিৱেশ পঢ়াৰ উপযোগী হৈ নাথাকিল সিদ্ধার্থৰ। দেউতাক চজু কাৰােৱাৰ দৰবৰ দােকান হৈ পৰিল কেতিয়াবা সিদ্ধার্থ পঢ়া কোঠা। অৱশেষত ১৮ ফেব্ৰুৱাৰীত শিক্ষান্ত পৰীক্ষণ আৰম্ভ। ১৭ তাৰিখৰ নিশা মানসিকভাৱে সম্পূর্ণ প্রস্তুত হােৱাৰ সময়তে মাতৃ মীৰা কাৰােৱাৰ মৃত্যু হােৱাত সিদ্ধার্থৰ মনৰ অৱস্থা কেনে হ’ব পাৰে সেয়া সকলোৰে বোধগম্য। ৰাতিপুৱা মাতৃৰ নিথিৰ দেহৰ চৰণ স্পর্শ কৰি সিদ্ধার্থ বহিল ইংৰাজী বিষয়ৰ পৰীক্ষাত। উক্ত বিষয়ত তেওঁ লাভ কৰিলে ৯০ নম্বৰ, সেইদৰে গণিতত ৯৬, বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯৬, কম্পিউটাৰ বিজ্ঞানত ৯২ আৰু হিন্দীত লাভ কৰিলে ৭.৫ নম্বৰ। হিন্দীৰ পৰীক্ষাৰ নম্বৰে হতাশ কৰি তুলিছিল সিদ্ধার্থক | তিতাবৰত কাৰোৱা পৰিয়ালৰ অনবদ্য ব্যৱসায়, কৃষি আৰু শিক্ষা এই তিনিওটা শৈলীৰ সুন্দৰ স্থাপনেৰে কৰােৱা পৰিয়ালৰ ১২৫ বছৰীয়া ইতিহাস জিলিকি তাৰাচন্দ কাৰোৱাই ১৯৫৪ চনত তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিকৰ পৰা প্রথম স্থানত মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈছিল। আন এগৰাকী ককাক ৰামচন্দ্ৰ কৰোৱা আছিল এগৰাকী আদর্শ খেতিয়ক। বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি ৭০ৰ দশকত বহু পুৰস্কাৰ লাভ কৰাৰ উপৰি সেই সময়ত হােমেন বৰগোহাঞি ছাৰ সম্পাদিত ‘সাপ্তাহিক নীলাচল'ত আদর্শ খেতিয়কৰূপে আছুতীয়া সাক্ষাৎকাৰ প্ৰকাশ হৈছিল। সেইদৰে সিদ্ধার্থৰ দেউতাক চঞ্জ কৰােৱা এগৰাকী ব্যৱসায়ী হােৱাৰ লগতে সমাজ সেৱকৰূপে তিতাবৰত চিৰপৰিচিত। সিদ্ধার্থৰ ককাই-ভাই সকলো শিক্ষাৰ ক্ষেত্ৰত বহু আগৰণুৱা, পৰিয়ালত তিনিগৰাকী চি এ, এম বি এ থকাৰ লগতে সিদ্ধার্থৰ ইচ্ছা ভাল ৰেংক লৈ এম বি এ কৰাৰ। ইতিমধ্যে মুম্বাইৰ এখন প্রতিষ্ঠিত প্রতিষ্ঠানত নামভৰ্তি কৰিছে সিদ্ধার্থই। পৰিয়ালৰ অনুপ্ৰেৰণা আৰু আদর্শ অনুসৰণ কৰি দেশ আৰু জাতিৰ মংগল চিস্তা কৰাৰ সংকল্প লোৱা সিদ্ধাৰ্থলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

[ইউচুফ আলী::]



Share on Google Plus

About Unknown

1 comments: