
সন্দেহ নাই যে বর্তমান ভাৰতৰ কিছুমান এক আৰু অখণ্ড ভাৰতক দুখন পৃথক স্বাধীন দেশ আৰু তিনিটা সুকীয়া খণ্ডত পৰিণত পাকিস্তানৰ সমৰ-সজাত দুয়োখন দৰিদ্ৰ দেশৰ বহু লাখ কোটি টকা ব্যয় হৈ আছে, যি পৰিমাণৰ ধনে দুয়োখন দেশৰে উন্নয়ন তথা জনসাধাৰণৰ দুখদৈন্যৰ উপশম ঘটােৱাত কিছু বৰঙণি নিশ্চয় দিব পাৰিলেহেঁতেন। ভাৰতৰ কথা ভাবিবলৈকে টান। কাৰো কাৰো হয়তো এনে স্বপ্ন-বিলাস থাকিব পাৰে যে সামৰিক উপায়েৰে এদিন সেইটাে সম্ভৱ হ’ব। কিন্তু তেনে স্বপ্নই সমস্যা বহু পৰিমাণে জটিল কৰিহে তুলিব। সেইধৰণৰ চিন্তা আজি আৰু পোহপাল দিব নোৱাৰি। কিন্তু এই কথাটো সমস্যা সৃষ্টি কৰিছে, আৰু তেনেকৈ ভাবিব পাৰিলে মগজ কম উত্তপ্ত হ’ব, সমাধান নহ’লেও উপশমৰ বাট ওলাব।
এই কথা আজি পৰিষ্কাৰ যে পূর্ব বংগ পূব পাকিস্তানত পৰিণত হােৱাৰ ফলত অসমৰ লগত ভাৰতৰ অন্যান্য অংশৰ সংযোগ হঠাতে কঠিন আৰু কষ্টকৰ হৈ পৰিছিল আৰু সি অসমৰ উন্নয়নৰ পথত জয়ীৰ বাধা হৈছিল। সেইদৰে ভাৰত-পাকিস্তানৰ সীমা-নির্ধাৰণ দুয়ো দেশৰ সংশ্লিষ্ট জনগণৰ আশা-আকাংক্ষা, ইচ্ছা-অনিচ্ছা সম্পূর্ণ উপেক্ষা কৰি কৰা হৈছিল। ৰেডক্লিফ নামৰ এক ব্ৰিটিছ ভদ্রলোকক ঘাইকৈ এইবাবেই সীমা-নির্ধািৰণৰ দায়িত্ব দিয়া হৈছিল। যে তেওঁ কেতিয়াও প্রাক-স্বাধীনতা কালৰ ভাৰতলৈ অহা নাছিল, আৰু সেয়ে তেওঁৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উঠাৰ সম্ভাৱনা নাছিল! তেওঁ টেবুলৰ ওপৰত তাহানিৰ ভাৰতৰ মানচিত্র মেলি কণামুনিকৈ এডাল ৰেখা টানিলে ৰুলমাৰিৰে, যি পূব পাকিস্তান আৰু অসমৰ সীমা নির্ধাৰণ কৰিলে। তেনেকৈ পাঞ্জাব বিভাজন হ’ল, বংগ বিভাজন হ’ল। নিঃসন্দেহে সেই কাৰবাৰ আছিল সাম্রাজ্যবাদী কপাটালিৰ উৎকৃষ্ট বা নিকৃষ্ট নিদর্শন। বহু দুৰ্ভগীয়া পৰিয়ালৰ ঘৰ থাকিল এখন দেশত, খেতি মাটি আন এখন দেশত। কোনো কোনো পৰিয়ালৰ ঘৰেই এই বিভাজনে দুভাগ কৰিলে। ভৌগোলিক বা ভূ-প্রাকৃতিক বৈশিষ্ট্য, জনগণৰ সাংস্কৃতিক পৰিমণ্ডল, অর্থনৈতিক প্রয়োজন— সকলো উলাই কৰা হ’ল।
দীর্ঘস্থায়ী সীমা বিবাদৰ বাহিৰেও সি ভয়াৱহ ভগনীয়া সমস্যাৰ সৃষ্টি কৰিলে, যি জনসাধাৰণক ভীষণভাৱে ক্ষতিগ্রস্ত কৰাৰ উপৰি ভাৰতৰ বাবে সৃষ্টি কৰিলে এক প্রায় অন্তহীন আহুকালৰ। পশ্চিম পাকিস্তানৰ ভগনীয়াৰ দায়িত্ব স্বাধীন ভাৰতৰ কেন্দ্রীয় চৰকাৰৰ মন্ত্রী মেহেৰচাদ খান্নাক দিয়া হ’ল কেন্দ্ৰৰ তুলনামূলকভাৱে চহকী আর্থিক সমলৰ সমর্থনেৰে। পূব পাকিস্তানৰ দায়িত্ব পৰিল নিছলা অসম আৰু দেশ বিভাজনে দুর্বল কৰা পশ্চিম বংগৰ ওপৰত। মই ১৯৫৭ চনত কলিকতালৈ পঢ়িবলৈ যাওঁতে শিয়ালদহ ষ্টেচনৰ পৰা ওলাই থেপাথেপিকৈ প্লেটফৰ্মত অসহায় দুচকু মেলি পৰি থকা লেখ-জোখ নোহােৱা ভগনীয়া(ৰিফিউজি)বিলাকৰ গাৰ ওপৰেদি বেঙা মেলি চেৰাই কোনোমতে খোজ দিব লগা হৈছিল। সেই সময়ত আৰু সেই বয়সত তেওঁলোকৰ জীৱনৰ দুর্বিষহ যন্ত্রণাৰ কথা বুজা মোৰ বাবে সম্ভৱ নাছিল। কংকালসাৰ, শূন্য দৃষ্টিৰ শৰীৰত জমা হােৱা মলিয়ে দুৰ্গন্ধ কৰি পেলোৱা নৰদেহবোৰৰ প্রতি মনত বিতৃষ্ণৰ ভাবহে উপজিছিল। 'Agony of West Bengal' নামৰ এখন কিতাপৰ গ্ৰন্থকাৰে সেইবোৰ দুৰ্দৈবৰ আঁতিগুৰি বুজাই লিখিছিল। গ্রন্থকাৰে মোক নিজহাতে উপহাৰ দিয়া কিতাপখনৰ লেখকৰ নাম আজি আৰু মোৰ মনত নাই। আৰু অতি আচৰিত— আৰু অসমৰ বাবে অতি অন্যায়— সেই সমস্যাৰ বাবে আমি আজিও ভুগিব লগা হৈ আছে। স্বাভাৱিকতে প্রশ্ন উঠে, কেনেকৈ এই বিভাজন হ’ল, তাৰ বাবে জগৰীয়া কোন? এই সময়ত কিছুসংখ্যক লোকে ক’বলৈ আৰম্ভ কৰিছে যে এই মৰণান্তিক শোকাৱহ ঘটনাৰ বাবে ঘাইকৈ জগৰীয়া কংগ্ৰেছ, মুছলিম লীগ আৰু কমিউনিষ্টসকল। কমিউনিষ্টক কিয় দোষাৰােপ কৰা হৈছে, বুজা টান। দেশ-বিভাজনৰ সিদ্ধান্তত, সেই বিষয়ে হােৱা বিভাজনত, তেওঁলোকৰ কোনো হাত নাছিল। তেওঁলোকৰ দল সেই পৰিমাণে শক্তিশালীও নাছিল। বৰং তেওঁলোকেও দেশ বিভাজনৰ বাবে দেশৰ বুর্জোৱা নেতৃবৃন্দ আৰু সাম্রাজ্যবাদক তীব্র ভাষাত নিন্দা কৰিছিল। হেমাংগ বিশ্বাসে সৃষ্টি কৰিছিল। তেওঁৰ বিখ্যাত ব্যংগ। গীত— ‘মাউণ্টবেটেন মংগল কাব্য’। কংগ্ৰেছ আৰু মুছলিম লীগৰ নেতৃবৃন্দই ব্ৰিটিছ চৰকাৰৰ প্রতিনিধিৰ লগত এক উত্তপ্ত, উত্তেজনাপূর্ণ মুহুর্তত আগন্তুক স্বাধীনতাৰ স্বৰূপ সম্পর্কে জাঁট লগা আলোচনা কৰিছিল ১৯৪৬-১৯৪৭ চনত। জিন্না আৰু মুছলিম লীগৰ চিধা কথা—মুছলিমবিলাক তেওঁলোকৰ ধৰ্মৰ বাবেই এক সুকীয়া সংস্কৃতি আৰু জাতীয় পৰিচয়ৰ অধিকাৰী। কংগ্ৰেছৰ নেতৃবৃন্দৰ ভিতৰত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মৌলানা আজাদ আদি নেতা আছিল ঐক্যবদ্ধ ভাৰতৰ সপক্ষে। আনহাতে, চৰ্দাৰ বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ আদি নেতাসকলে স্বাধীনতা লাভৰ চৰ্ত হিচাপে দেশ বিভাজন মানি ল’বলৈ প্রস্তুতি চলাইছিল। কংগ্ৰেছ দলৰ কাৰ্যনির্বাহক Congress Working Committee দীর্ঘকাল ধৰি ইয়াকে লৈ উত্তপ্ত তর্কবিতর্ক হৈছিল। অর্থাৎ কংগ্ৰেছ নেতৃত্বই দেশ বিভাজন উৎসাহ আৰু তৎপৰতাৰে মানি লোৱা কথাটো এক উপাখ্যান মাত্র। ইতিপূর্বে গ্রপিং আঁচনি'ৰ জৰিয়তে দেশ বিভাজন ৰােধ কৰাৰ প্রচেষ্টা ব্যর্থ হৈছিল, কাৰণ অসম কংগ্রেছে ‘গ্রপিং আঁচনি’ পাকিস্তান প্ৰৱৰ্তনৰ প্রথম সোপান বুলি যুক্তিসংগত কাৰণতে সন্দেহ পোষণ কৰিছিল। অসম কংগ্ৰেছৰ তুমুল বিৰােধিতা আৰু অসম প্রদেশজুৰি প্রবল গণ-আন্দোলনৰ ফলত কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সেই প্রস্তাৱ প্ৰত্যাখ্যান কৰিবলৈ বাধ্য হৈছিল। ফলত দেশত সাম্প্রদায়িক ৰাজনীতিৰ বল বৃদ্ধি হয়। পাকিস্তানৰ দাবীত মুছলিম লীগৰ সভাপতি জিন্নাই ১৯৪৬ চনৰ ১৬ আগষ্টক Direct Action Day ঘোষণা কৰিলে, আৰু তাৰ গইনা লৈ কলিকতাত মুছলিম লীগে ব্যাপক সংঘর্ষ আৰু লুটপাত চলালে। শ শজনে প্রাণ হেৰুৱালে। হাজাৰ হাজাৰজন আহত হ’ল। (ভাৰতৰ স্বাধীনতা লাভ, মীে আবুল কালাম আজাদ, অনুঃ আবু নাছাৰ চাঈদ আহমদ, ৱৰ্ডউইদ্ভূছ ইণ্ডিয়া, ২০:১৬, পৃঃ ২০৬-২০৭)। কৈ থােৱা ভাল যে সেই সংঘৰ্ষত সাধাৰণ হিন্দুতকৈ বেছিসংখ্যক সাধাৰণ মুছলমানৰ মৃত্যু হৈছিল। সংঘর্ষ বােম্বে, পাঞ্জাব, বিহাৰলৈকো বিয়পি গৈছিল। মুছলিমপ্রধান পূর্ববংগত প্রবল উত্তেজনা বিৰাজ কৰিবলৈ ধৰিছিল। এনে পৰিস্থিতিতে সাম্রাজ্যবাদী ব্ৰিটিছৰ চক্রান্তমূলক কাম-কাজে কি প্ৰভাৱ পেলাইছিল, সেই বিষয়ে যথাযথ অনুসন্ধান আজিও হােৱা নাই। “১৯৪৭ চনৰ ২০ ফেব্ৰুৱাৰীত (ব্রিটিছ প্রধান মন্ত্রী) এটুলিয়ে একেবাৰে পৰিষ্কাৰভাৱে কৈছিল যে ১৯৪৮ চনৰ জুনৰ ভিতৰত দায়িত্বশীল ভাৰতীয়ৰ হাতত ক্ষমতা গটাই দিবলৈ ব্ৰিটিছ চৰকাৰ বদ্ধপৰিকৰ। ২০ ফেব্ৰুৱাৰী আৰু ৩ জুনৰ ভিতৰত বহুত ঘটনা ঘটি গ’ল।” (ঐ, পৃঃ ২৬৩; তদুপৰি পৃঃ ২৩৯)। এইটাে একধৰণৰ চৰম-পত্ৰ (Ultimatum) আছিল, আৰু ব্ৰিটিছ ভাইচৰয় মাউণ্টবেটেনে সেই সময়সীমাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। কোৱা বাহুল্য যে মুছলিম লীগ ব্ৰিটিছ ৰণকৌশলৰ অংশীদাৰ আছিল। সাম্প্রদায়িক সংঘর্ষই ভয়াৱহ ৰূপ ধৰাৰ আশংকা আৰু ব্রিটিছে বান্ধি দিয়া সময়সীমা, দুয়োটাই কংগ্ৰেছ নেতৃত্বক বিচলিত কৰিছিল। এই সময়ত জৱাহৰলালৰ ভূমিকাকে কঠোৰ সমালোচকসকলে বিশেষ নিন্দা কৰে। তেওঁক দেশ বিভাজনৰ অন্যতম খলনায়ক সজোৱা হয়। আনকি সাম্যবাদীসকলেও সময়ে সময়ে এনে সমালোচনা কৰে। কিন্তু কংগ্ৰেছৰ ইতিহাস পঢ়া মানুহ মাত্রেই জানে যে সেই সময়ত কংগ্ৰেছত জৱাহৰলালৰ অপ্রতিদ্বন্দ্বী নেতৃত্ব নাছিল। গান্ধীজীৰ সমৰ্থনৰ ওপৰতে তেওঁ বহু পৰিমাণে নিৰ্ভৰশীল আছিল। আৰু গান্ধীজী প্রায় শেষ মুহুর্তলৈকে, অর্থাৎ ১৯৪৭ চনৰ মাৰ্চলৈকে দেশ বিভাজনৰ বিৰুদ্ধে স্থিতিত অটল আছিল। কিন্তু কংগ্ৰেছৰ আন কোনো কোনো জ্যেষ্ঠ নেতাৰ হেঁচাত শেষত তেওঁৰাে মত সলনি হৈছিল। অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ (AICC) সভাত ২৯জন সদস্যই দেশ বিভাজনৰ প্ৰস্তাৱৰ সপক্ষে আৰু ১৫জন সদস্যই তাৰ বিৰুদ্ধে ভোট দিছিল। ‘‘গান্ধীজীৰ আৱেদনেও দেশ বিভাজনৰ পক্ষত অধিক ভোট আনিব নোৱাৰিলে। প্রস্তাৱটাে গৃহীত হ’ল।” (ঐ, পৃঃ ২৬২)। অর্থাৎ জৱাহৰলালৰ নেতৃত্ব আৰু প্ৰভাৱতে কংগ্ৰেছে দেশ বিভাজন মানি লোৱা ‘ব্যাখ্যাটাে” এক উপাখ্যান মাত্র। এইক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা কেনেকুৱা আছিল? আটায়ে জানে যে চৰ্দাৰ পেটেলো গান্ধীজীৰ অন্যতম প্রিয়পাত্র, বিশ্বাসভাজন নেতা আছিল। কিন্তু গান্ধীজী আৰু নেহৰুৰ ভাৰতীয় জাতি সম্পর্কে থকা ধাৰণা— হিন্দুমুছলমান আদি বিভিন্ন ধৰ্মৰ ভাৰতীয়ৰে গঠিত এক সংমিশ্রত জাতি (Composite Iltion) হিচাপে- পেটেলে ১৯৪৬ চনত বৰ্জন কৰিছিল। তেওঁ দেশ বিভাজনৰ পোষকতা কৰিবলৈ ধৰিছিল। (ঐ, পৃঃ ২৪০)। পেটেলো জিন্নাৰ দৰে তেতিয়া মানে ‘দ্বিজাতি-তত্ত্ব’ৰ অন্যতম পৃষ্ঠপোষক হৈ পৰিছিল। মৌলানা আজাদে তেওঁৰ গুৰুত্বপূর্ণ স্মৃতিচাৰণত লিখিছে— ‘মই স্তম্ভিত আৰু ব্যথিত হ’লোঁ যেতিয়া পেটেলে উত্তৰত ক’লে যে আমি ভাল পাওঁ বা নাপাওঁ ভাৰতত দুটা ৰাষ্ট্ৰীয় (অর্থাৎ জাতীয়) গোষ্ঠী আছে। তেওঁৰ এতিয়া দৃঢ় বিশ্বাস হৈছে যে হিন্দু আৰু মুছলমানক এটা ৰাষ্ট্ৰীয় (জাতীয়) গোষ্ঠীত একত্ৰিত কৰিব নােৱাৰি। এই সত্যটােক স্বীকাৰ কৰাৰ বাহিৰে আন বিকল্প নাই।” (উল্লিখিত গ্রন্থ, পৃঃ ২৪৪)। অর্থাৎ হিন্দুত্ববাদীসকলৰ বাবে এতিয়া স্বাধীনতা সংগ্ৰামৰ জ্যেষ্ঠ সেনাপতি হৈ পৰা চৰ্দাৰ পেটেলেও ভাৰতৰ বিভাজন সমর্থন কৰিছিল। আনহাতে, জৱাহৰলাল দুই নাৱত দুই ভৰি থকা অৱস্থাত এসময়ত বিভাজনৰ পিনে হালি গৈছিল। ইয়াত ব্ৰিটিছ সাম্রাজ্যবাদৰ লাভ কি আছিল? আজাদে সঠিকভাৱেই অনুমান কৰিছিল যে ‘‘...দ্বিখণ্ডিত ভাৰতৰ মুছলমানপ্রধান অঞ্চলক লৈ এখন সুকীয়া আৰু স্বাধীন ৰাষ্ট্ৰ হ’লে ভাৰতৰ জীৱনধাৰাত ব্রিটিছে টেটু চেপি ধৰিব পাৰিব।” (পৃঃ ২৫৪)। ভাৰতৰ স্বাধীনতাৰ ঘোৰ বিৰােধী চাৰ্চিলৰ নেতৃত্বাধীন বিলাতৰ কনজাৰভেটিভ দলটােৱে দেশ-বিভাজনৰ চৰ্তৰে ভাৰতক স্বাধীনতা দিয়াৰ আঁচনি কিন্তু উৎসাহেৰে সমৰ্থন কৰিছিল। আনহাতে, প্রধান মন্ত্রী এটুলিৰ নেতৃত্বাধীন লেবাৰ দলে মুছলিম লীগক প্রতিক্রিয়াশীল’ বুলি ভাবিলেও “ব্ৰিটিছ স্বর্থ সুৰক্ষিত কৰাৰ বাবেহে দেশ বিভাজনৰ পোষকতা কৰিছিল। (পৃঃ ২৫০, পৃঃ ২৫৪)। লর্ড মাউণ্টবেটেনে আজাদক কথা দিছিল যে দেশ বিভাজনৰ ফলত যাতে কোনো ৰক্তপাত আৰু দাংগা নহয় তেওঁ তাৰ বাবে যথাযথ ব্যৱস্থা ল'ব। আজাদে লিখিছে— ‘সমগ্র জগতে জানে লর্ড মাউণ্টবেটেনৰ বীৰদৰ্প ঘোষণাৰ পৰিমাণ কি হ’ল। যেতিয়া ভাৰত প্রকৃতাৰ্থত দ্বিখণ্ডিত হ’ল, দেশৰ বৃহৎ অঞ্চলত তেজৰ নৈ বৈ গ’ল।” (পৃঃ ২৫২)। ইতিপূর্বে দিয়া বিৱৰণৰ পৰা বুজা যায় যে যদিও মুছলিম লীগৰ জেদ আৰু সাম্রাজ্যবাদী ব্ৰিটিছৰ আঁচনি অনুযায়ী মুছলমানপ্রধান কিছুমান অঞ্চলক লৈ পাকিস্তান গঠিত হ’ল, তথাপি তাক পোনছাটেই ‘ধৰ্মৰ ভিত্তিত দেশ বিভাজন’ বুলি ক’ব নোৱাৰি। কাৰণ ভাৰতত থাকি যোৱা সকলো ধৰ্মৰ মানুহ নির্বিশেষে ভাৰতীয় নাগৰিকত্বৰ দাবীদাৰ হ’ব পাৰিলে। গান্ধীজৱাহৰলালৰ নেতৃত্বই ভাৰত কেৱল হিন্দুৰ বাবে, এনে ধাৰণা কেতিয়াও পোষণ কৰা নাছিল। সেয়ে আজিও ভাৰতক এক হিন্দু ৰাজনৈতিক পৰিচয়েৰে সংজ্ঞায়িত কৰাৰ শেহতীয়া চেষ্টা ভ্রান্ত আৰু অসাংবিধানিক। সাংস্কৃতিকভাৱে ভালে-বেয়াই হিন্দু সংস্কৃতিৰ প্রভাৱ অৱশ্যে ভাৰতত ব্যাপক আৰু গভীৰ।[উৎস::আমাৰ অসম ]
0 comments:
Post a Comment