
:হােমেন বৰগোহাঞি::
সকলো শিক্ষিত মানুহেই মোটামুটিভাৱে মানৱ অধিকাৰৰ কথা (Human Rights) জানে। সেই অধিকাৰকেইটা হ’ল— চিন্তা আৰু বিবেকৰ স্বাধীনতা, বাক স্বাধীনতা, ৰাজহুৱা সমস্যা আলোচনা কৰিবৰ কাৰণে আহ্বান কৰা ৰাজহুৱা সভাত যোগ দিয়াৰ স্বাধীনতা, অবৈধ গ্রেপ্তাৰৰ পৰা সুৰক্ষা পোৱাৰ স্বাধীনতা—’ইত্যাদি। সকলো গণতান্ত্রিক ৰাষ্ট্ৰৰ সংবিধানত এই মৌলিক মানৱ অধিকাৰকেইটা সন্নিৱিষ্ট কৰা হৈছে।
কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছৌৰি বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা ড° পেট্ৰিচিয়া জাকোবৌউস্কিয়ে অনুভৱ কৰে যে সংবিধানপ্রদত্ত এই অধিকাৰকেইটা মানুহৰ কাৰণে যথেষ্ট নহয়। তেওঁ প্ৰতিজন মানুহৰ কাৰণে আৰু দহটা মৌলিক অধিকাৰ প্ৰস্তাৱ কৰিছে। সেই অধিকাৰকেইটা হ’ল—
(১) নিজকে দোষী বা স্বাৰ্থপৰ বুলি নভবাকৈ আনৰ অনুৰােধ প্রত্যাখ্যান কৰাৰ অধিকাৰ।
(২) যুক্তিসংগত ক্ৰোধ অনুভৱ কৰা আৰু প্রকাশ কৰাৰ অধিকাৰ।
(৩) সুস্থ প্রতিযোগিতা কৰাৰ কাৰণে আৰু সফলতা অর্জন কৰাৰ কাৰণে নিজৰ দৃঢ় সংকল্প প্রকাশ কৰাৰ অধিকাৰ।
(৪) নিজে নীতিসন্মত বুলি বিবেচনা কৰা যিকোনো পন্থাৰে নিজৰ উচ্চাকাংক্ষা বাস্তৱত ৰূপ দিয়াৰ অধিকাৰ।
(৫) জীৱনৰ কোনটো প্রয়োজনক আটাইতকৈ বেছি গুৰুত্ব বা অগ্রাধিকাৰ দিয়া হ’ব সেই কথা নিজৰ বিচাৰ-বুদ্ধি প্রয়োগ কৰি নিৰূপণ কৰাৰ অধিকাৰ।
(৬) ভুল কৰাৰ অধিকাৰ।
(৭) আনৰ মতামতক যথাযোগ্য সন্মান দিয়াৰ নিচিনাকৈ নিজৰ মতামতকো একে ধৰণৰ সন্মান দিয়াৰ অধিকাৰ।
(৮) এজন সমর্থসাবালক ব্যক্তি হিচাপে স্বীকৃত হােৱাৰ আৰু আনৰ পৃষ্ঠপোষকতা প্রত্যাখ্যান কৰাৰ অধিকাৰ।
(৯) আনৰ প্রয়োজনৰ নিচিনাকৈ নিজৰ প্রয়োজনবোৰকো সমান গুৰুত্ব দিয়াৰ অধিকাৰ।
(১০) স্বাধীন হােৱাৰ অধিকাৰ।
ড° জাকোবীেউস্কিৰ এই প্রস্তাৱটাে গ্রহণযোগ্য বুলি মই অনুভৱ কৰোঁ। অনেক ক্ষেত্ৰত ভদ্রতাৰ আতিশয্য হৈ পৰে ভণ্ডামিৰ নামাস্তৰ মাত্র, আৰু তেনে ভণ্ডামিয়ে জীৱনৰ বহুত সুখ-শান্তি হৰণ কৰে। ওপৰত উল্লেখ কৰা মানৱ অধিকাৰৰ প্ৰস্তাৱটাে আপুনি গভীৰভাৱে বিবেচনা কৰি চাব পাৰে।
0 comments:
Post a Comment