নিনুৱাক মাধ্যমাৰ::চাকৰিৰ বাবে সাধাৰণ শ্রেণীৰ প্ৰাৰ্থীৰ আবেদন মাচুল হ’ব ২৫০ টকা




পৰিবৰ্তনৰ শ্ল’গান দি ৰাজ্য শাসনত বহা সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এইবাৰ নিবনুৱা সকলক মাধমাৰ দিব্ ওলাইছে। পূৰ্বতে নিবনুৱা যুৱক-যুৱতীৰ আবেদন মাচুল লোৱাৰ নিয়ম নাছিল যদিও নতুন চৰকাৰখনে সেই নীতিৰ সলনি কৰি সকলো চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে আবেদন মাচুল ধার্য কৰি বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নির্ধাৰণ কৰিছে। সেইমৰ্মে যোৱা ২৮ অক্টোবৰত ৰাজ্য চৰকাৰে এক অধিসূচনা জাৰি কৰিছে। ৰাজ্য চৰকাৰখনৰ বিত্ত বিভাগৰ আয়ুক্ত-সচিব ডাঃ ৰবি কোটাই জাৰি কৰা উক্ত অধিসূচনা অনুসৰি এতিয়াৰে পৰা যিকোনাে চৰকাৰী চাকৰিৰ বাবে ৰাজ্যৰ সাধাৰণ শ্রেণীৰ নিবনুৱা যুৱক-যুৱতীয়ে আবেদন মাচুল হিচাপে ভৰিব লাগিব ২৫০ টকাকৈ। আনহাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্রেণীৰ প্রার্থীয়ে প্ৰতিখন আবেদনৰ বিপৰীতে ভৰিব লাগিব ১৫০ টকাকৈ। অৱশ্যে বি পি এল প্রার্থীৰ ক্ষেত্ৰত আবেদন মাচুল ৰেহাই দিয়া হৈছে। অধিসূচনাখনৰ মতে চাকৰিৰ বাবে আবেদন কৰা নিবনুৱা যুৱক-যুৱতীসকলে উক্ত মাচুল আদায় দিব লাগিব ট্রেজাৰি চালান বা অনলাইনযোগে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment