
গ্রেপ্তাৰ হােৱাৰ ভয়ত বহু বিতর্কিত ইছলামীয় ধর্ম প্রচাৰকু জাকিৰ নাইকে মুম্বাইত অনুষ্ঠিত তেওঁৰ পিতৃৰ জানাজাত উপস্থিত থকাৰ পৰা বিৰত থাকে। নাইকৰ ৮৭ বছৰীয়া পিতৃ, শিক্ষাবিদ তথা চিকিৎসক আব্দুল কৰিম নাইকৰ কালি পুৱা স্বগৃহত হৃদৰােগত আক্রান্ত হৈ মৃত্যু হয়। অৱশ্যে কেন্দ্রীয় চৰকাৰে নতুনকৈ জাকিৰ নাইকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা নাই যদিও তেওঁৰ বেচৰকাৰী সংস্থা ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচনক বেআইনী সংগঠন হিচাপে ঘোষণা কৰাৰ বাবে যো-জা চলাইছে।
0 comments:
Post a Comment