অসম চুক্তিক লৈ নতুন বিতৰ্ক :স্বাক্ষৰ হোৱাৰ দিনাই বিৰোধিতা কৰিছিলোঁ: হিমন্ত



অসম চুক্তি স্বাক্ষৰ হোৱাই দিনাই এই চুক্তিৰ বিৰোধিতা কৰিছিল মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷  নতুন দিল্লীত এই কথা প্রকাশ কৰে মন্ত্রী শর্মাই৷ সাংবাদিকৰ আগত তেওঁ কয় যে চুক্তিখন স্বাক্ষৰ কৰাসকলে চুক্তিখন কৰাৰ সময়ত কাকো একো সোধাও নাছিল৷ যাৰ বাবে আজি বহুতো লোকে এই চুক্তিখন মানি ল’ব খোজা নাই৷ আনকি চুক্তিখনক লৈ উচচতম ন্যায়ালয়তো গোচৰ চলি আছে৷ অৱশ্যে চুক্তিখনত থকা কিছুমান দফাৰ সফল ৰূপায়ণ হোৱাটো বিচাৰে মন্ত্রীজনে৷ বিশেষকৈ খিলঞ্জীয়া লোকক সুৰক্ষা কৱচ প্রদান কৰিব লাগে বুলি উল্লেখ কৰি শর্মাই কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, এখন শুদ্ধ নাগৰিকপঞ্জী উন্নীতকৰণ আদিত আমি গুৰুত্ব দিছোঁ৷ আনহাতে, হিন্দু নাগৰিকক নাগৰিকত্ব প্রদান কৰা বিষয়টোৰ সন্দর্ভত শর্মাই কয় যে 2011 চনৰ নির্বাচনৰ সময়ত কংগ্রেছে কি স্থিতি লৈছিল এতিয়া পাহৰি গৈছে৷ সেয়েহে মই কোৱা কথাক লৈ প্রতিবাদ আৰম্ভ কৰিছে৷ হিমন্ত বিশ্ব শর্মাই কথা সলোৱা নাই, তেতিয়া যি কৈছিল এতিয়াও সেই একেই কথা কৈছে বুলি উল্লেখ কৰি মন্ত্রীজনে কয় যে কংগ্রেছেহে এতিয়া কথা সলনি কৰিছে৷ এতিয়া যিমান কৈছোঁ 2011 চনৰ নির্বাচনৰ সময়ত ইয়াতকৈও বেছিকৈ কৈছিলোঁ বুলি মত ব্যক্ত কৰি তেওঁ প্রকাশ কৰে যে এই সম্পর্কত মই ছ’চিয়েল মিডিয়াত বহুতবাৰ টুইট কৰিছোঁ৷ আনহাতে, মই নিজৰ দৃষ্টিভংগীহে প্রকাশ কৰিছোঁ বুলি জনাই শর্মাই কয়, ‘মই মোৰ ক’ব লগাখিনি কৈছোঁ৷ কোনোবাই নামানিলে নামানিব পাৰে৷ তাত কি আপত্তি আছে৷’ কংগ্রেছে আনকি হিন্দু লোকসকলৰ সম্পর্কত যে এটা কেবিনেট প্রস্তাৱ লৈছিল সেয়া পাহৰিলে নেকি বুলি প্রশ্ন উত্থাপন কৰি শর্মাই কয় যে বিজেপিয়ে এতিয়াও তেনে কাম কৰা নাই৷ কংগ্রেছে নিজে কৰা কামবোৰকে পাহৰি গ’ল বুলি কটাক্ষ কৰে মন্ত্রীজনে৷ আনহাতে, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলকো তীব্র ভাষাৰে সমালোচনা কৰে শর্মাই৷ তেওঁ কয় যে আজমলে মোক সমালোচনা কৰাটো বা গালি পৰাটো মই মোৰ ৰাজনীতি জীৱনৰ সফলতা বুলিহে গণ্য কৰোঁ৷ উল্লেখযোগ্য যে আজি গুৱাহাটীতো প্রাক্তন কংগ্রেছ নেতা কিৰিপ চলিহাই কেতবোৰ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ইয়াৰ লগে লগেই বিজেপিৰ মাজৰ পৰা চুক্তিখনক লৈ এক নতুন বিতর্কৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্রবল হৈ পৰিল৷[উৎস :: দৈনিক জনমভূমি] 
Share on Google Plus

About Unknown

0 comments:

Post a Comment