
মীনাক্ষী শইকীয়া ::
ফুলকুমলীয়া শিশুৱে বয়সৰ জোখাৰে প্রায় 7 কিঃগ্রাঃ–12 কিঃগ্রাঃ ওজনৰ বেগ কঢ়িয়াই নিব লগা হোৱাটো এক সমস্যা৷ অকল ওজনৰ কথাই নহয়, পাঠ্যপুথিত সন্নিৱিষ্ট বিষয়, হোমৱর্কৰ বোজা, প্রকল্প প্রস্তুত কৰা আদি বিষয়বিলাকো আহি পাৰে৷ অৱশ্যে বর্তমান প্রতিযোগিতাৰ যুগ৷ তাহানিৰ দিনৰ লগত নিমিলে, তথাপি সোঁৱৰণিৰ সুগন্ধিত অতীত সদায়েই মধুৰ৷ আজিৰ শিশুৱে খেলা-ধূলাৰ মাধ্যমেৰে জ্ঞান অর্জন কৰিলেই যথেষ্ট নহয়৷ আমি দেখিছোঁ সন্তানে মাত ফুটাৰ পৰাই, খোজকাঢ়িবলৈ শিকাৰ পৰাই যেন অঘোষিত প্রতিযোগিতাত নামি পৰে৷ য’ত পাহৰি যায় পখিলা খেদা সময়ৰ সোণোৱালী শৈশৱ, সিহঁতৰ ওপৰত চলে অভিভাৱকৰ কঠোৰ অনুশাসন৷ বিদ্যালয়ত নামভর্তি কৰাৰ আগতেই প্র-পত্রৰ বাবে নাম থকা বিদ্যালয়ৰ সন্মুখত ৰাতি নৌপুৱাওঁতেই দীঘলীয়া অভিভাৱকৰ শাৰী৷ বিদ্যালয়ত নামর্ভতি কৰাৰ পাছৰ পৰাই শিশুৰ আজৰি সময় নোহোৱা হয়৷ জীৱনক বুজি পোৱাৰ জোখাৰে ডাঙৰ হোৱাৰ পূর্বেই অভিভাৱকৰ সপোনক পূর্ণতা দিয়াৰ স্বার্থত, সিহঁতৰ ওপৰত জাপি দিয়া হয় সিহঁতে মনেৰে ভাল নোপোৱা কামৰ বোজা৷’ য’ত স্বতঃস্ফূর্ত শাৰীৰিক, মানসিক তথা বৌদ্ধিকভাৱে শিশুৰ বিকাশত অন্তৰায় হৈ থিয় দিয়ে নিজৰ অজানিতেই স্বয়ং অভিভাৱকসকলে৷
0 comments:
Post a Comment