অসমীয়াৰ স্বার্থৰ পৰিপন্থী কাম নকৰে কেতিয়াও চৰকাৰে ::মুখ্যমন্ত্রী সোণোৱাল




বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমৰ খিলঞ্জীয়া লোকৰ স্বার্থ ৰক্ষাৰ বাবে কাম কৰি যাব ৷ যি সময়ত হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ কেন্দ্রৰ মোদী চৰকাৰে লোৱা তৎপৰতাক লৈ ৰাজ্য উত্তাল হৈ আছে তথা জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দুই মন্ত্রী ড0 হিমন্ত বিশ্ব শর্মা আৰু ৰঞ্জিত দত্তৰ লগতে ৰাজ্যিক বিজেপিয়েও ইয়াৰ পূর্ণ সমর্থন জনাইছে তেনে সময়ত খিলঞ্জীয়াৰ স্বার্থ কোনো কাৰণতে বিঘ্নিত হোৱা কাম ৰাজ্য চৰকাৰে নকৰে বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সতীর্থ মন্ত্রী দুজনে কৰা মন্তব্য তথা দলীয় স্থিতিৰ সম্পূর্ণ বিপৰীত স্থিতি গ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে স্পষ্ট কৰি দিয়ে যে চৰকাৰে খিলঞ্জীয়াৰ স্বার্থ ৰক্ষাৰ কোনো পৰিপন্থী কাম নকৰে৷ মুখ্যমন্ত্রীজনৰ এই মন্তব্যৰ পাছত একপ্রকাৰ স্পষ্ট হৈ পৰিছে হিন্দু বাংলাদেশীৰ প্রসংগক লৈ ৰাজ্য চৰকাৰৰ স্থিতি৷ কোনো মন্ত্রীৰ নাম নোলোৱাকৈ মুখ্যমন্ত্রীজনে মন্ত্রী দুজনে কৰা মন্তব্য আৰু দলীয় স্থিতিক সম্পূর্ণৰূপে নস্যাৎ কৰি কয় যে খিলঞ্জীয়া লোকৰ স্বার্থ ৰক্ষাৰ বাবে চৰকাৰে কাম কৰি যাব৷ যি সময়ত হিন্দু বাংলাদেশীৰ প্রসংগক লৈ ৰাজ্য উত্তাল হৈ আছে তথা অসমীয়া ভাষাৰ অস্তিত্বক লৈয়ো প্রশ্ন উত্থাপিত হৈছে আৰু যুগ যুগ ধৰি চলি অহা সমন্বয়তো বাধা আহিব পাৰে বুলি যি সন্দেহৰ ভাবৰ উদয় হৈছে সেই সময়ত ভাষা আৰু সমন্বয়ৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীজনে কয় যে ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী, ভাষা, সাহিত্য, কৃষ্টি-সংস্ৃকতি, মাটি-ভেটি ৰক্ষা কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী সোণোৱালে কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ হকে কাম কৰিব চৰকাৰে৷ অসমৰ খিলঞ্জীয়া লোকৰ স্বার্থ ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰিব৷ বৰাক-ব্রহ্মপুত্রৰ সমন্বয়ৰ মাজেৰে হ’ব উন্নয়ন৷ সমগ্র ৰাজ্যতে মানুহৰ মাজত হিন্দু বাংলাদেশী প্রসংগক লৈ নানান প্রশ্নৰ অৱতাৰণা হৈছে৷ এইক্ষেত্রত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী, ভাষা, সাহিত্য, কৃষ্টি-সংস্ৃকতি, মাটি-ভেটি ৰক্ষা কৰিবৰ বাবে বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্রীজনে স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্রীজনে লগতে কয় যে এইখিনি কাম কৰা সম্ভৱ, কেৱল আন্তৰিকতাৰ প্রয়োজন, সদিচছাৰ প্রয়োজন৷ অসমীয়া মানুহক নিৰাপত্তা নিশ্চিতভাৱে দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে বৰাক-ব্রহ্মপুত্রক একাকাৰ কৰি বৃহত্তৰ অসমীয়া সমাজখন শক্তিশালী ৰূপত আগুৱাই নিব লাগিব৷ এইক্ষেত্রত সকলো শ্রেণীৰ ওচৰত আহবান জনাই মুখ্যমন্ত্রীজনে কয় যে সকলোৱেই সমন্বয়ৰ দিশত অৰিহণা আগবঢ়াওক৷ এই সময়ত আমি আমাৰ মাজত ভ্রাতৃত্ববোধ ৰক্ষা কৰি উন্নয়নৰ ক্ষেত্রত আগবাঢ়ি যাব লাগিব বুলি মুখ্যমন্ত্রী সোণোৱালে মন্তব্য কৰে৷


Share on Google Plus

About Unknown

0 comments:

Post a Comment