ৰাজ্যৰ ৰাজনীতিত ৰহস্যজনক চৰিত্র হৈ পৰিছে আজমল



বিজেপিৰ সৈতে এ আই ইউ ডি এফৰ গোপন বুজাবুজি আছে নেকি? যোৱা বিধানসভাৰ নির্বাচনৰ সময়ত কংগ্রেছে এই গুৰুতৰ অভিযোগ তুলি ৰাজ্যৰ ৰাজনীতিত তুমুল বিতর্কৰ সৃষ্টি কৰিছিল৷ বিজেপিৰ সৈতে এ আই ইউ ডি এফৰ গোপন বুজাবুজিৰ বিষয়টোক লৈ ৰাজ্যবাসীৰ মাজত একপ্রকাৰ বিভ্রান্তিৰো সৃষ্টি হৈছিল৷ কিন্তু শেহতীয়াকৈ লখিমপুৰ লোক সভা সমষ্টিৰ উপ- নির্বাচনৰ প্রাক৲ক্ষণত এ আই ইউ ডি এফ প্রধান বদৰুদ্দিন আজমলক বিজেপিৰ প্রার্থী প্রদান বৰুৱাই হঠাৎ সাক্ষাৎ কৰাৰ পাছত পুনৰবাৰ এই প্রসংগই মূৰ তুলি উঠিছে৷ আজমলক সাক্ষাৎ কৰাৰ বিষয়টোক প্রদান বৰুৱাই অস্বীকাৰ কৰা নাই৷ ইয়াৰ সমান্তৰালকৈ আজমলেও বিষয়টোক মুকলিভাৱে প্রকাশ কৰিছে৷ এতিয়া প্রশ্ন উঠিছে লখিমপুৰৰ উপ-নির্বাচনৰ প্রাক৲ক্ষণত বিজেপিৰ প্রক্ষেপিত প্রার্থীজনে হঠাৎ কিয় আজমলক সাক্ষাৎ কৰিলে? ইয়াৰ মাজত কিবা গোপন মন্ত্রণা আছে নেকি৷ এয়ে লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত প্রদান বৰুৱা-আজমলৰ গোপন বৈঠকৰ সন্দর্ভত সৰৱ আলোচনা চলিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পূর্বে প্রতিনিধিত্ব কৰা লখিমপুৰ লোক সভা সমষ্টিটো গেৰুৱা দলটোৰ সমান্তৰালকৈ কংগ্রেছৰ বাবে সন্মানৰ যুঁজ হিচাপে পৰিগণিত হৈছে৷ ইতিমধ্যে দুয়োটা প্রধান দলে প্রার্থিত্ব ঘোষণা কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে এ আই ইউ ডি এফে উপ-নির্বাচনৰ বাবে দলীয় প্রার্থিত্ব আগ নবঢ়ায় বুলি আজমলে প্রকাশ কৰিছে৷ লখিমপুৰ লোক সভা সমষ্টিত বৃহৎ সংখ্যক সংখ্যালঘু ভোটাৰ আছে৷ এ আই ইউ ডি এফে প্রার্থিত্ব নিদিয়াক লৈ সমষ্টিটোৰ সংখ্যালঘু ভোটখিনি কংগ্রেছৰ পক্ষলৈ যোৱাৰ ধাৰণা হয় যদিও শেহতীয়াকৈ বিজেপিৰ প্রার্থীজনে আজমলক সাক্ষাৎ কৰাৰ অন্তৰালত সংখ্যালঘু ভোটৰ অংক নিহিত আছে নেকি ইয়াক লৈয়ো প্রশ্ন উত্থাপিত হৈছে৷ প্রদান বৰুৱা আৰু আজমলৰ গোপন বৈঠকত প্রকৃততে কি আলোচনা হৈছিল? বিজেপিৰ প্রার্থীজনে আজমলক সাক্ষাৎ কৰাৰ পাছত এতিয়া সমষ্টিটোৰ সংখ্যালঘু ভোটখিনি গেৰুৱা দলটোৰ পক্ষলৈ যাব নেকি, এনেবোৰ বহু প্রশ্নই অৱতাৰণা হৈছে প্রদান বৰুৱা-আজমলৰ গোপন বৈঠকৰ পাছত৷ ইয়াৰ সমান্তৰালকৈ প্রশ্ন উঠিছে কংগ্রেছে পূর্বৰে পৰা বিজেপি-এ আই ইউ ডি এফৰ গোপন বুজাবুজিক লৈ যি অভিযোগ তুলি আহিছে সেই অভিযোগক প্রদান বৰুৱা-আজমলৰ শেহতীয়া সাক্ষাতে প্রকাৰান্তৰে সত্যত প্রমাণিত কৰিলে নেকি৷ মন কৰিবলগীয়া যে বদৰুদ্দিন আজমলে কংগ্রেছ অথবা বিজেপি কোনো এটা দলক সহায় যে কৰি আহিছে সেয়া নিশ্চিত৷ কিন্তু আজমলে কাক সহায় কৰি আহিছে সেয়া স্পষ্ট নহ’লেও শেহতীয়াকৈ প্রদান বৰুৱাই আজমলক সাক্ষাৎ কৰাৰ পাছত সমগ্র বিষয়টো অধিক ৰহস্যজনক হৈ পৰিছে৷ আজমলে যাকেই সহায় নকৰক কিয় সেয়া যে আজমলৰ ব্যক্তিগত স্বার্থ সিদ্ধিৰ অংক নিহিত হৈ আছে সেয়া নিশ্চিত৷ কিয়নো অসমৰ স্বার্থ, দলৰ স্বার্থতকৈ আজমলে সদায় নিজৰ ব্যৱসায়ক সুৰক্ষা প্রদান কৰা, ব্যক্তিগত লাভালাভক অধিক গুৰুত্ব দি আহিছে আৰু সেয়া আজমলৰ বিগত কর্ম-কাণ্ডই প্রমাণিত কৰিছে৷ দিল্লী আৰু দিছপুৰত বিজেপিৰ চৰকাৰ থকাৰ বাবে নিজৰ ব্যৱসায়ক সুৰক্ষা দিয়া তথা ব্যক্তিগত লাভালাভৰ অংকতেই এইবাৰ আজমলে বিজেপিৰ পক্ষত থিয় দিছে নেকি ইয়াক লৈয়ো প্রশ্ন উঠিছে৷ এনে প্রেক্ষাপটত স্বাভাৱিকতেই অসমৰ ৰাজনীতিত এক ৰহস্যজনক চৰিত্রত পৰিণত হৈছে বদৰুদ্দিন আজমল৷[উৎস ::দৈনিক জনমভূমি]
Share on Google Plus

About Unknown

0 comments:

Post a Comment