জার্মানিক হৰুৱাই ভাৰত চেম্পিয়ন চাৰি দেশীয় জুনিয়ৰ হকীত

   
চাৰি দেশীয় আন্তঃৰাষ্ট্রীয় জুনিয়ৰ হকী জার্মানিক হৰুৱাই ভাৰতে শ্রেষ্ঠতা প্রতিপন্ন কৰিছে৷ আমন্ত্রণমূলক টুর্নামেণ্টখনৰ আজিৰ ফাইনেলত জার্মানিক 5-2 গ’লত হৰুৱাই খিতাপ হস্তগত কৰে ভাৰতে৷ আৰম্ভণিৰ পৰাই দমনীয় প্রদর্শন দাঙি ধৰা ভাৰতীয় জুনিয়ৰ হকী দলটোৱে 10 মিনিটতে অগ্রগতি লাভ কৰে৷ পাৰবিন্দৰ সিঙে দিয়া সেই গ’লটোৰ পাছত আৰমান কুৰেছীয়ে 22 মিনিটত ব্যৱধান 2-0 কৰে৷ প্রথমার্ধত দুগ’লত আগবাঢ়ি থকা ভাৰতে দ্বিতীয়ার্ধতো আক্রমণৰ ধাৰা অব্যাহত ৰাখে৷ গুৰজান্ত সিং (40 মিনিট) আৰু বৰুণ কুমাৰে (44 মিনিট) দিয়া একোটাকৈ গ’লেৰে ভাৰতৰ অগ্রগতি বৃদ্ধি পায় 4-0লৈ৷ জার্মানিয়ে অৱশ্যে 46 আৰু 65 মিনিটত ব্যৱধান 4-2 লৈ হ্রাস কৰে৷ দুটাকৈ গ’ল হজম কৰিব লগীয়া হ’লেও ছিমৰনজিৎ সিঙে 69 মিনিটত ভাৰতৰ জয় 5-2ত নিশ্চিত কৰে৷ ভাৰতৰ হৰমনপ্রীত সিঙে প্রতিযোগিতাৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে৷ প্রতিযোগিতাৰ সর্বাধিক গ’লদাতাত উপৱিষ্ট হয় বৰুণ কুমাৰ৷ এই সাফল্যৰ বাবে হকী ইণ্ডিয়াই প্রতিগৰাকী খেলুৱৈলৈ এক লাখকৈ টকা আগবঢ়োৱাৰ লগতে প্রশিক্ষক হৰিন্দৰ সিঙেও লাভ কৰিব সম পৰিমাণৰ ধন৷ তদুপৰি সহযোগী ষ্টাফলৈও 50 হেজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে হকী ইণ্ডিয়াই৷ আনহাতে, প্রতিযোগিতাখনত দাঙি ধৰা ব্যক্তিগত উজ্জীৱিত প্রদর্শনৰ বাবে হৰমনপ্রীত সিং আৰু বৰুণ কুমাৰে অতিৰিক্তভাৱে এক লাখকৈ টকা লাভ কৰিব৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment