এ পি এছ চিৰ কেলেংকাৰী::বাণ্ডিলে বাণ্ডিলে ওলাইছে টকা


অসম লোক সেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ কার্যকালত সংঘটিত প্রশাসনিক পদৰ নিযুত্তিু কেলেংকাৰিৰ অভিযোগ সত্য প্রমাণিত হোৱাৰ তথ্য নিতৌ পোহৰলৈ আহিবলৈ ধৰিছে৷ শেহতীয়াকৈ ডিব্রুগড়ত এজন অভিযন্তাই নিযুত্তিুৰ নামত উৎকোচ লৈ গ্রেপ্তাৰ হোৱাৰ পাছত বহু চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে৷
উল্লেখযোগ্য যে যোৱা 25 অক্টোবৰত ডিব্রুগড় নগৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ সহকাৰী অভিযন্তা নৱকান্ত পাতিৰ প্রশাসনিক পদৰ নিযুত্তিুৰ নামত এগৰাকী মহিলা দন্ত চিকিৎসকৰ পৰা 10 লাখ টকা উৎকোচ লোৱা অৱস্হাত হাতে-লোটে ধৰা পৰিছিল৷ তেওঁৰ ঘৰৰ পৰা আৰক্ষীয়ে বেংকৰ পাছবুক, লেপটপ, ম’বাইল হেণ্ডছেট আদি জব্দ কৰি বহু গুৰুত্বপূর্ণ তথ্য লাভ কৰিছিল৷ পৰৱর্তী সময়ত আৰক্ষীয়ে তদন্তৰ আঁত ধৰি কালি (30 অক্টোবৰ) ৰঙিয়াৰ পৰা অসম লোক সেৱা আয়োগৰ সদস্য ড0 চাবেদুৰ ৰহমানৰ ব্যত্তিুগত দেহৰক্ষী মাবুদ আলী চৌধুৰীক গ্রেপ্তাৰ কৰাৰ পাছত  ডিব্রুগড়ৰ আৰক্ষীয়ে বোকাখাতৰ পৰা অভিযন্তা নৱকান্ত পাতিৰৰ খুলশালী মৃদুলা পেগুক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে মৃদুলা পেগুৰ বোকাখাতৰ বাসগৃহৰ পৰা 12 লাখ নগদ ধন জব্দ কৰিছে৷ বর্তমান মহিলাগৰাকীক ডিব্রুগড়লৈ আনি থকা হৈছে৷ ইপিনে, অসম আৰক্ষীৰ বিশেষ শাখাৰ হাবিলদাৰ মাবুদ আলী চৌধুৰীক কালি গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰাই ডিব্রুগড়ৰ আৰক্ষীয়ে 8 দিনৰ বাবে জিম্মাত লয়৷ তেওঁৰ বিৰুদ্ধে 936û16 নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে৷  ডিব্রুগড়ত উপস্হিত থকা মুখ্যমন্ত্রী সর্নন্দ সোণোৱালে এই সম্পর্কত কয় যে দুর্নীতিৰ ক্ষেত্রত কোনো ধৰণৰ আপোচ কৰা নহ’ব৷ দুর্নীতিত জড়িত যিকোনো লোকেই উপযুত্তু শাস্তি পাব আৰু এই ক্ষেত্রত কাকো ৰেহাই দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ অসম লোক সেৱা আয়োগৰ নিযুত্তিু কেলেংকাৰিৰ অভিযোগৰ সম্পর্কত উচিত তদন্ত হ’ব আৰু দোষী সাব্যস্ত হোৱাসকলক কঠোৰ শাস্তি প্রদান কৰা হ’ব বুলি মুখ্যমন্ত্রী সোণোৱালে স্পষ্ট কৰি দিয়ে৷
নৱকান্ত পাতিৰৰ স্বীকাৰোত্তিুৰ ভিত্তিত  বোকাখাত নগৰৰ 1 নং ৱার্ডৰ উদয় নগৰত থকা পাতিৰৰ খুলশালীৰ ঘৰৰ পৰা 12 লাখ টকা আৰক্ষীয়ে উদ্ধাৰ কৰে৷ ডিব্রুগড়ৰ অতিৰিত্তু আৰক্ষী অধীক্ষক, গোলাঘাটৰ আৰক্ষী অধীক্ষক, বোকাখাত মহকুমা আৰক্ষী বিষয়া অনিন্দিতা গগৈ আৰু বোকাখাতৰ দণ্ডাধীশ সংগীতা বৰঠাকুৰৰ উপস্হিতিত অভিযানকাৰী আৰক্ষীয়ে নৱকান্তৰ খুলশালী মঞ্জুলা পেগুৰ ঘৰৰ পৰা এটা ষ্টীল আলমাৰিত পেকেটত ভৰাই থোৱা টকাখিনি জব্দ কৰে৷ পেগুৰ মতে, দুদিন আগেয়ে নৱকান্তৰ সম্পর্কীয় দুজন যুৱকে টকাখিনি থবলৈ দিছিল৷ কিমান টকা আছিল সেয়া তেওঁ নেজানিছিল৷
দীর্ঘদিন ধৰি অসম লোকসেৱা আয়োগত চাকৰিৰ নামত লাখ লাখটকীয়া ব্যৱসায় চলি থকাৰ যি অভিযোগ উঠি আহিছে সেয়া লাহে লাহে আঁৰ কাপোৰ উঠিবলৈ আৰম্ভ কৰিছে৷ কংগ্রেছৰ দিনত আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ নেতৃত্বত ব্যাপক ধনৰ লেনদেনেৰে চাকৰি বিক্রী কৰাৰ অভিযোগ তুলি একাধিক দল-সংগঠনে আন্দোলন কৰাৰ লগতে ৰাকেশ পালৰ বিৰুদ্ধে উচচ ন্যায়ালয়ৰ দ্বাৰস্হও হৈছিল৷ কিন্তু তাৰ পাছতো চৰকাৰে বিতর্কিত ৰাকেশ পালৰ বিৰুদ্ধে কোনো ব্যৱস্হা গ্রহণ কৰা নাছিল৷ কিন্তু বিগত 27 অক্টোবৰত ৰাকেশ পালৰ নাম লৈ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ কৰি অসম চিকিৎসা মহাবিদ্যালয়ত চাকৰি দিয়াৰ নামত দন্ত চিকিৎসক ডাঃ অংশুমিতা গগৈৰ পৰা 10 লাখ টকা উৎকোচ লোৱাৰ সময়ত আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই ডিব্রুগড়ৰ নগৰ আৰু পৰিকল্পনা বিভাগৰ সহকাৰী অভিযন্তা নৱকান্ত পাটিৰক হাতে-লোটে গ্রেপ্তাৰ কৰাৰ পাছতে এখন এখনকৈ আঁৰ কাপোৰ আঁতৰ হ’বলৈ আৰম্ভ কৰিছে৷ নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্হিতি লোৱাৰ বাবে এইপর্যন্ত বহুকেইজন দুর্নীতিগ্রস্ত বিষয়া আৰক্ষীৰ জালত পৰিছে৷ লোকসেৱা আয়োগৰ চাকৰিৰ দালালগিৰি কৰা সহকাৰী অভিযন্তা নৱকান্ত পাটিৰক আৰক্ষীয়ে তীব্র জেৰা কৰাৰ পাছত সম্প্রতি আয়োগৰ চাকৰিৰ অবৈধ বজাৰখনৰ ন-ন তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে৷ পাটিৰৰ তথ্যৰ ভিত্তিত কালি ৰঙিয়াৰ পৰা ডিব্রুগড় আৰক্ষীয়ে লোকসেৱা আয়োগৰ সদস্য ড0 চামেদুৰ ৰহমানৰ চৰকাৰী দেহৰক্ষী মাবুদ আলী চৌধুৰীক গ্রেপ্তাৰ কৰে৷ এই কথাই লোকসেৱা আয়োগৰ একাধিক দুর্নীতিপৰায়ণ সদস্যই নিজৰ দেহৰক্ষী বা গাড়ীচালক আদিৰ জৰিয়তে ৰাজ্যত চাকৰিৰ এক দালাল চক্র গঢ়ি লোৱাৰ সত্যতা প্রমাণ কৰিছে৷ আনহাতে গ্রেপ্তাৰৰ পাছত প্রথমাৱস্হাত দালালিৰ কথা অস্বীকাৰ কৰা নৱকান্ত পাতিৰে লাহে লাহে মুখ খুলিবলৈ আৰম্ভ কৰাত আয়োগৰ বহুকেইজন দুর্নীতিগ্রস্ত সদস্য, বিষয়াৰ নাম আৰক্ষীয়ে লাভ কৰা বুলি জানিব পৰা গৈছে৷  পাতিৰৰ স্বীকাৰোত্তিুৰ ভিত্তিত বোকাখাতৰ পৰা খুলশালীয়েক মৃদুলা পেগুৰ জিম্মাত জমা ৰখা উৎকোচৰ 12 লাখ টকা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ কালি গ্রেপ্তাৰ কৰা আৰক্ষী মাবুদ আলীয়েও কেইবাজনো লোকৰ নাম ইতিমধ্যে আৰক্ষীৰ আগত লোৱা বুলি জানিব পৰা গৈছে৷ মাবুদ আলীয়ে নাম প্রকাশ কৰা কেইবাজনো দুর্নীতিগ্রস্ত লোক আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ ঘনিষ্ঠ বুলিও জানিব পৰা গৈছে৷[উৎস :: দৈনিক জনমভূমি ]
ইফালে নৱকান্ত পাতিৰে ধন লৈ আয়োগৰ কেইবাজনো ব্যত্তিুলৈ পৰীক্ষার্থীৰ ৰোল নম্বৰ, পৰীক্ষাৰ বিষয়, তাৰিখ আদি প্রেৰণ কৰাৰ তথ্য তদন্তকাৰী আৰক্ষীয়ে লাভ কৰিছে৷ এনে প্রার্থীৰ সংখ্যা প্রায় 50জন হ’ব বুলিও আৰক্ষীৰ এক শীর্ষ সূত্রৰ পৰা জানিব পৰা গৈছে৷ ইফালে ধৃত নৱকান্ত পাতিৰৰ ম’বাইলৰ পৰা লাভ কৰা আয়োগৰ কার্লয়ৰ লগতে কেইবাজনো ব্যত্তিুৰ ফ’ন নম্বৰৰ সূত্র ধৰিও আৰক্ষীয়ে তদন্ত আগ বঢ়াইছে৷ কিন্তু ধৰা পৰাৰ ভয়ত দুর্নীতিগ্রস্ত বিষয়াই অন্যৰ নামত ম’বাইলৰ ছীম উলিয়াই ব্যৱহাৰ কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অধিক সাৱধানতাৰে আগ বঢ়াবলৈ বাধ্য হৈছে৷ আৰক্ষীয়ে চিনাত্তু কৰা এনে ফ’ন নম্বৰৰ টাৱাৰ ল’কেশ্যন গুৱাহাটীৰ ভঙাগড়, ৰাজগড়, খানাপাৰা আদি পোৱা গৈছে৷ ইফালে আৰক্ষীয়ে আয়োগৰ কেইবাজনো বিতর্কিত বিষয়া-সদস্যৰ গাড়ীচালক, দেহৰক্ষী আদিক জেৰা চলোৱাৰ পৰিকল্পনা কৰিছে বুলিও জানিব পৰা গৈছে৷ প্রণিধানযোগ্য যে ৰাকেশ পালৰ চাকৰিৰ বজাৰখন চলাই নিয়াসকলৰ মাজত আয়োগৰ সদস্য চামেদুৰ ৰহমান, সহকাৰী পৰীক্ষা নিয়ন্ত্রক পৱিত্র কৈৱর্ত আদি কেইবাজনৰ বিৰুদ্ধে ইতিমধ্যে একাধিক দল-সংগঠনে অভিযোগ কৰি আহিছিল৷ ইফালে মুখ্যমন্ত্রী সর্নন্দ সোণোৱালে আজি দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্রহণ কৰি দুর্নীতিৰ ক্ষেত্রত কোনো কাৰণতে আপোচ নকৰাৰ লগতে দুর্নীতিগ্রস্তৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্হা গ্রহণ কৰাৰ ঘোষণা কৰাৰ পাছত আয়োগৰ দুর্নীতিপৰায়ণ লোকসকল আতংকিত হৈ পৰা বুলি জানিব পৰা গৈছে৷

Share on Google Plus

About Unknown

0 comments:

Post a Comment