
ড: মৃনাল কলিতা::
কলুই না, আজি আৰু চৰু ধইৰ৲বাই পাৰা নাই, কালি ৰাতিৰ পঁইতা ভাত আৰু আলুসিদ্ধ দুটা আছিল, তাকে মোক খাবা দি গেছি– বাপা শুদা পেটেই আছে৷’
‘বাপা’ মানে সৌৰভ কুমাৰ চলিহাৰ ‘খৰাং’ নামৰ গল্পটোৰ ভৃগু কুমাৰ৷ কথাখিনি কলেজ এখনলৈ প্রেক্টিকেল পৰীক্ষা ল’বলৈ গুৱাহাটীৰ পৰা অহা দুগৰাকী অধ্যাপক মেধি আৰু তালুকদাৰক কৈছিল ভৃগুৰ বৃদ্ধা মাকে৷ দুদিনীয়া লঘোনীয়া পেটেৰে ৰাতিপুৱা হাল বাই ভৃগু কুমাৰে পৰীক্ষা দিবলৈ যায়৷ নকল-টকল নকৰাকৈ সততাৰে প্রেক্টিকেলবোৰ কৰিবলৈ চেষ্টা কৰিছে৷ তথাপি মেধিৰ সন্দেহ ৰৈ যায়– শেষ পর্যন্ত হয়তো ভৃগু কুমাৰ ৰৈ যাব– পৰীক্ষাত ফেইল কৰিব৷
ইয়াৰ বিপৰীতে ভৃগু কুমাৰৰ সহপাঠীয়ে বিৰাট গর্জন কৰি মটৰচাইকেল চলাই মেধি আৰু তালুকদাৰক গ্রাহ্যই নকৰি তেওঁলোকৰ গায়ে-মুখে ধূলি ছটিয়াই তীব্রগতিৰে পাৰ হৈ গৈছে৷ তাকে দেখি মেধিয়ে আক্ষেপ কৰিছে–
‘অ’, বাপেকৰ পইচাত মটৰচাইকেল পাইছে, নিজে কষ্ট কৰি খাটিতো আৰু কিনিব লগা হোৱা নাই– চুটাই দিছে ফুল স্পীডত– আমাক যে খুন্দিয়াই থৈ নগ’ল সেইটোৱেই ভাগ্য, চহৰততো চব ট্রেফিক ৰুল উৰাই দি যাকে-তাকে ঢাক্কা মাৰি পেলাই থৈ যায়, মানুহটো মৰিলেই বা ভৰিয়েই ভাঙিল সেইবোৰ চাই থাকিবৰ সিহঁতৰ সময় নাই– আমাৰ ইয়ং জেনেৰেশ্যন– বজৰুৱা চাল-চলন, বেছিভাগৰে পঢ়া-শুনাত আগ্রহ নাই, কাম কৰি খোৱাৰ মতি-গতি নাই, খালী লোকৰ ওপৰত ডকা দি ফাকিৰ ওপৰত চলি থকাৰ ধান্দা– ইহঁতেই ডাঙৰ হ’ব– ইহঁতেই হ’ব আমাৰ জাতিৰ ভৱিষ্যৎ– আমাৰ আৰু কি আশা আছে– আমিতো ধবংস হৈ যাম– নাযামনে তালুকদাৰ?’
এনেকুৱা এটা নিৰাশাজনক পৰিৱেশত ভৃগু কুমাৰৰ কষ্টৰো এটা মূল্য থাকিবই লাগিব৷ সেইবাবেই তালুকদাৰে কৈছে–
‘মানে, বুজিছে মেধি, বহুত ল’ৰাতো নকল-টকল কৰি পাছ কৰি যাব, ভৃগুৱে অন্ততঃ নিজৰ চেষ্টাৰে যিখিনি পাৰে কৰিছে– পথাৰত হাল-কোৰ বায়ো পঢ়া-শুনা কৰিবৰ চেষ্টা কৰিছে, সামান্য দুই-চাৰি নম্বৰৰ বাবে তাৰ পঢ়া-শুনা বন্ধ হৈ গ’লেতো বৰ আফচোচৰ কথা হ’ব– অনেষ্ট এফর্টৰোতো এটা ৰিৱার্ড থাকিব লাগে– তাক এটা চান্স দিয়াই যাওকচোন– নে কি কয়?’
আমি যিটো ইয়ং জেনেৰেশ্যন দেখি থাকোঁ, ভৃগুহঁত সেই দলত নপৰে৷ এই ভৃগুহঁতেই আমাৰ শেষ আশা৷ সেই অৱশিষ্ট আশাকণ সজীৱ কৰি ৰাখিবলৈকে ভৃগুহঁতৰ প্রতি কোমল হ’বই লাগিব, দৰদী হ’বই লাগিব৷ জাতিটোৰ ভৱিষ্যতক লৈ উদ্বিগ্ন বাবেই মোৰ মনটোৱেও বিচাৰি ফুৰে আন্ধাৰত হেৰাই যাব খোজা ভৃগু কুমাৰবোৰক৷ পাওঁ– হঠাতে কেতিয়াবা পথে-ঘাটে, দুই-একোজন ভৃগু কুমাৰক লগ পাই যাওঁ৷ এছাটি সতেজ স্নিগ্ধ বতাহৰ স্পর্শত যেন মনটো সজীৱ হৈ পৰে– প্রায়েই ৰাস্তাৰ দাঁতিত মম’ বিক্রী কৰা ল’ৰা এজনৰ অস্থায়ী দোকানত মম’ খাওঁ৷ এদিন তেওঁক সুধিলোঁ–
ঃ কিমানলৈ পঢ়িছা?
ঃ বি এ পাছ কৰিছোঁ৷
ঃ মেজৰ আছিল?
ঃ আছিল৷ পলিটিকেল ছায়েন্সত৷
ঃ আৰু নপঢ়িলা?
ঃ যোৱাবাৰ এড৲মিশ্যন ল’বলৈ টকা যোগাৰ নহ’ল৷ মম’ বিক্রী কৰি টকা সাঁচি আছোঁ৷ এইবাৰ ল’ম৷
নাই– ল’ৰাজনে বা তেওঁৰ পিতৃয়ে টিভি চেনেলত ওলাই আৱেগত কঁপা কণ্ঠেৰে, চকুলো টুকি কাৰো সহায় বিচৰা নাই৷ নিজৰ অৱস্থাটোক সুবিধা ল’বলৈ ব্যৱহাৰ কৰা নাই৷ বৰং আত্মমর্যাদা ৰক্ষা কৰি যুঁজিছে৷ যি সময়ত ‘পঢ়ি কি হ’ব’ বুলি এচাম ল’ৰা হতাশাত ডুবি গৈছে, এচাম উদণ্ড উচছৃংখল হৈ গৈছে– সেই সময়ত এনে অভিজ্ঞতাই মনটোকে জোকাৰি থৈ যায়৷ ভাবিবৰ মন যায়– এতিয়াও যেন সকলো শেষ হৈ যোৱা নাই৷ শীতৰ এচেৰেঙা কোমল ৰ’দৰ দৰে আশা অকণমান এতিয়াও যেন বাচি আছেগৈ৷
হয়, ল’ৰাজনৰ পৰিকল্পনাক লৈ বহুত প্রশ্ন তুলিব পাৰি৷ তথাপি ল’ৰাজনৰ সততা, সপোন সংগ্রাম– এইবোৰৰো জানো সুকীয়া মূল্য নাই?
গধূলি ভাৰা গাড়ী এখনেৰে ঘৰলৈ গৈ আছিলোঁ৷ গাড়ীৰ চালকক সুধিলোঁ– ‘গাড়ীখন তোমাৰনে?’ তেওঁ উত্তৰ দিলে– ‘হয় দাদা৷’ ইটো-সিটো কথা পাতি গৈ আছোঁ৷ কিয় জানো এসময়ত ল’ৰাজনে নিজৰ জীৱনৰ কথাবোৰ মোক নিঃসংকোচে কৈ যাবলৈ ধৰিলে– ‘দাদা জীৱনত বহুত কষ্ট কৰিছোঁ৷ এতিয়া ছয় বাজিছে৷ কালি চাৰি বজাত ঘৰৰ পৰা ওলাই আহিছিলোঁ৷ শোৱাও নাই৷ ছাবিবশ ঘণ্টা ভাৰা মাৰিছোঁ৷ এটাই চিন্তা– ছোৱালী দুজনীক মানুহ কৰিব লাগিব... ’89 চনত গুৱাহাটীলৈ আহিছিলোঁ৷ তেতিয়া মই তেনেই সৰু৷ ডাঙৰ মানুহৰ ঘৰত চাকৰ থাকোঁ৷ (হয়, চাকৰ শব্দটোৱেই তেওঁ কৈছিল) মাই পার্ট টাইম কাম কৰে– ঘৰ সাৰে, বাচন ধোৱে৷ পিতাই কামলা কৰিছিল– এদিন কাম কৰে, দুদিন ভাং খাই পৰি থাকে৷ যুঁজি যুঁজি আজি এইখিনি পালোঁ৷ চাকৰ থাকোঁতে যিবোৰ ডাঙৰ মানুহে মোক লাথি-চৰ মাৰিছিল, আজি সিহঁতৰ ল’ৰা-ছোৱালীৰ লগত একেখন স্কুলতে মোৰ ছোৱালী দুজনীও পঢ়ে৷ সিহঁতৰ বাপেকহঁতে মদ খাই গুণ্ডামি-দাদাগিৰি কৰি ঘূৰি ফুৰিছিল৷ সিহঁত একে ঠাইতে ৰৈ গ’ল৷ মই অন্ততঃ জীৱনত কিবা অলপ পালোঁ...৷ এইবাৰ ছোৱালী দুজনীক ভাৰত নাট্যম বা সত্রীয়া নাচত এড৲মিশ্যন দিম বুলি ভাবিছোঁ৷’
কথাবোৰ কওঁতে মাজে মাজে ল’ৰাজনৰ মাতটো আৱেগত কঁপিছিল, কেতিয়াবা, আত্মবিশ্বাসত উদাত্ত হৈ পৰিছিল৷ নাই, তেওঁৰ মুখত মদৰ গোন্ধ নাছিল৷ 26 ঘণ্টাৰ উজাগৰি চকু তন্দ্রালস হোৱাও নাছিল৷ সপোনবোৰে তেওঁক শুবলৈ দিয়া নাই়, সপোনবোৰে তেওঁক ভাগৰি পৰিবলৈ দিয়া নাই৷ কিন্তু দুখৰ কথা– এনেকুৱা যুৱকৰ সংখ্যা দুখ লগাকৈ কম৷ বৰং কাণ্ডজ্ঞানহীন বেপৰোৱা দুঃচৰিত্রৰ এচাম যুৱকৰ কাণ্ড-কাৰখানাই কৰি তোলে বিৰক্ত, হতাশ আৰু কেতিয়াবা ক্রোধান্বিত৷ ভৃগু কুমাৰে জগাই তোলা আশাকণ– ইহঁতৰ দপ৲দপনিত পিষ্ট হৈ যাব খোজে৷ ইহঁতক দেখিলে এনেকুৱা লাগে– ইহঁতৰ কোনো সমস্যা নাই়, আমাৰ জাতিটোৰো কোনো সমস্যা নাই, সংকট নাই৷
পিতৃ ঃ শিপিনী৷
সন্তান ঃ স্নাতক শ্রেণীৰ ছাত্র৷
পুত্রৰ আবদাৰ, বাপেকৰ দুখ ঃ তিনি কিঃমিঃ দূৰৈৰ কলেজখনলৈ বাছ বা ট্রেকাৰত অহা-যোৱা কৰোঁতে তাৰ কষ্ট হয়৷
(পথটোত চলা বাছ-ট্রেকাৰত সংখ্যা ঃ বাছ 5খন, ট্রেকাৰ 40খন৷ দহ মিনিটৰ মূৰে মূৰে বাহনৰ চলাচল৷)
সমাধান ঃ লোণ লৈ বাপেকে ছয়াশী হাজাৰ টকীয়া মটৰচাইকেল কিনি দিলে আদৰৰ সন্তানক৷
বাইক কিনাৰ এসপ্তাহ পিছত–
সময় ঃ নিশা দহ৷
সন্তানৰ যাত্রা ঃ সম্ভৱতঃ মদৰ ভাতীলৈ৷ বাইকেৰে৷ গাড়ী চলোৱা লাইচেন্স নাই৷ ভালকৈ চলাবলৈ জনা হোৱা নাই৷
যাত্রাপথৰ স্ফূর্তি ঃ বন্ধুৰ বাইকৰ সৈতে কোনে কিমান স্পীডত যাব পাৰে তাৰে কম্পিটিশ্যন৷ সামান্য ব্যৱধানত বিপজ্জনকভাৱে তীব্রবেগী দুখন বাইক৷
কেঁকুৰিত স্পীড ঃ সন্তানৰ স্বীকাৰোক্তি মতে 70 কিঃমিঃ প্রতি ঘণ্টাত৷
ফলাফল ঃ কেঁকুৰিত কণমানি সন্তানসহ নিৰীহ পৰিয়াল এটাৰ গাড়ীত প্রচণ্ড খুন্দা৷ গাড়ীখন তৎপৰতাৰে পথৰ দাঁতিলৈ নমাই দিয়াৰ ফলত মুখামুখি সংঘর্ষৰ পৰা ৰক্ষা৷ দুর্ঘটনাৰ পিছত পিতৃৰ দুর্ভগীয়া পৰিয়ালটোক অনুৰোধ ঃ আমি দুখীয়া মানুহ৷ থানাত কেচ নিদিব৷ অ’ চিজন মহা বদমাচ, ঘোচখোৰ৷ আমাক লুটি-পুটি খাব৷ আমাৰ মুখলৈ চাওক৷ আপোনালোক শিক্ষিত মানুহ৷ বুজিব৷ মানৱতা বুলিও কথা এটা নাই জানো?
অচিনাকি নম্বৰৰ পৰা পৰিয়ালটোলৈ ফ’ন ঃ কেচ নিদিব৷ কেচ দিলে আপোনাৰ বিপদ আছে ঃ এইজন অ’ চিক কেনেকৈ মেনেজ কৰিব লাগে আমি জানোহ্ল
দুদিন পিছৰ দৃশ্য ঃ পিতা-পুত্রই বাইকৰ ৰং এৰাই যোৱা ঠাইখিনিত আলফুলে মৰম কৰি আছে৷ একেলগেহ্ল
:::হয়, দুর্ঘটনা ঘটিব পাৰে৷ কিন্তু দুর্ঘটনা দুর্ঘটনাই– ওপৰৰ দুর্ঘটনাটো তেনেদৰে ল’ব পাৰিনে? লোৱা উচিত নে?৷ ৰাস্তাত গতিৰ বেপৰোৱা প্রতিযোগিতাত লিপ্ত এনে নিবোর্ধ যুৱক আৰু হাতত পিষ্টল লোৱা বিবেকশূন্য উগ্রপন্থীৰ মাজত কোনো পার্থক্য মই দেখা নাপাওঁ৷
এচাম মানুহ আছে যিসকলে সুযোগ পালে চুবুৰিয়াৰ সৈতে প্রতিযোগিতাত লিপ্ত হ’ব আৰু বিপদত পৰিলে নিজকে দুখীয়া বুলি কৈ সহানুভূতি আদায়ৰ চেষ্টা কৰিব, মানৱতাৰ জয়গান গাব, শিক্ষাৰ দোহাই দিব৷ ভৃগু কুমাৰহঁত এইটো দলতো নপৰে৷ ক্ষমা কৰিব– ভৃগু কুমাৰৰ প্রতি মোৰ যি দৰদ সেই দৰদ এইচামৰ প্রতি মোৰ নাই৷ মোৰ মানৱতা, মোৰ দৰদ বিবেকশূন্যতাৰ বায়ুৰে স্ফীত নহয়৷ ওপৰৰ কাহিনীৰ পিতা-পুত্রক যদি বিনা প্রতিৰোধেৰে ৰেহাই দিয়া হয় সিহঁত উৎসাহিত হ’ব, আগতকৈ অধিক বেপৰোৱা হ’র, হয়তো কাইলৈ উদণ্ড সন্তানৰ বাইকৰ খুন্দাত কোনোবা পথচাৰী নিহত হ’ব৷ সেই বিবেকশূন্য পিতৃৰ উদণ্ড, অসভ্য সন্তানৰ বাইকৰ খুন্দাত নিহতজন হয়তো হ’ব পাৰে কোনোবা ভৃগু কুমাৰ বা ভৃগু কুমাৰৰ বৃদ্ধা মাক বা এড৲মিশ্যন ফীজ যোগাৰ কৰিবলৈ পথৰ দাঁতিত মম’ বিক্রী কৰা ল’ৰাজন বা বৰ কষ্টৰে সপোন দেখিবলৈ চেষ্টা কৰা গাড়ীচালকজনৰ স্কুলৰ পৰা উভতি অহা কণমানি ছোৱালী দুজনী৷ বিপথগামী কোনো সন্তানৰ অধঃপতনৰ ৰে’চত এইবোৰ মানুহৰ বা আন কাৰোৱেই সপোনমুখী আশাভৰা যাত্রাক আদবাটতে স্তব্ধ হ’বলৈ যাব দিব নোৱাৰি৷ মোৰ বিবেক, মোৰ মানৱতা বা মোৰ মনুষ্যত্বই সেই অধঃপতিত পিতা-পুত্রলৈ সেই বার্ও কঢ়িয়াই নিবই লাগিব৷ নহ’লে অপৰাধী বা অধঃপতিতজনৰ প্রতি প্রদর্শন কৰা মানৱতা শেষত গৈ নিৰপৰাধজনৰ প্রতি নিষ্ঠুৰতাহে বুলি প্রমাণিত হ’ব পাৰে৷[উৎস;; ড: মৃনাল কলিতা ]
0 comments:
Post a Comment