অসমীয়াৰ প্ৰাণ গামোচাক অপমান নকৰিব:::

---ডঃছবি গগৈ
ইয়াৰ পাছত আৰু কাৰোবাক গামোচা পিন্ধাই সন্মান যাচিবলৈ গৈ জিভা কামোৰ খাবহে লাগিব ! পিন্ধোৱাবোৰো কম নহয়, পিন্ধাবোৰো কম নহয় । এইধৰণৰ কথাত জাতিটোৰ অভিমান নাই নেকি ? কিয় কঠোৰভাৱে প্ৰতিবাদ নহয় । কোন কিমান নাঙঠ হয় হৈ থাকক , তাত ক'বলগীয়া নাই । কিন্তু গামোচাখনৰ ওপৰত বা গামোচাক লৈ কোনো পৰীক্ষা-নিৰীক্ষা বা ফেচন ডিজাইন হ'বই নালাগে ।

কোনোবাই ক'ব পাৰে এইখন অসমত বোৱা গামোচা নহয় বুলি ! কিন্তু এই ৰঙা ফুল আঁচু দিয়া ডুখৰি কাপোৰ খন বাহিৰৰপৰা অসমলৈ কিয় আহিছে ? গামোচাৰ ব্যৱহাৰ , সন্মান আৰু জনপ্ৰিয়তালৈ লক্ষ্য ৰাখিয়েই জানো বাহিৰত এই কাপোৰ উৎপাদন আৰু অসমলৈ আমদানি হোৱা নাই ? তেন্তে এইখন গামোচাই । এইখনকে আমি কাৰোবাৰ ডিঙিত সন্মানেৰে পিন্ধাওঁ, ধৰ্মীয় কামত মূৰত লওঁ, ভগৱানৰ আসনতো পাৰি দিওঁ । তাৰ পাছতো এই ফেচনৰ সপক্ষে যুক্তি দিয়া মানুহো ওলাব । এই ক্ষেত্ৰত তালিবানী বা আইচিচৰ দৰে কঠোৰ হ'বলৈহে বাকী থাকিল !! কাৰণ বহু আগৰেপৰাই গামোচাৰ অপব্যৱহাৰ সম্পৰ্কে প্ৰতিবাদ হৈ আহিছে যদিও সেয়া নৰম হৈছে আৰু সেয়ে কামত দিয়া নাই ।

Share on Google Plus

About Unknown

2 comments:

  1. মোৰ প্ৰশ্নটো হ'ল যে তুমি গামোচা চিনি নোপোৱা নেকি?

    ReplyDelete
    Replies
    1. বহি ৰাজ্যত নিৰ্মিত হুবহু নকল গামোচাসমূহ অসমত এইবাবেই আহে, যাতে অসমৰ মানুহবোৰক ঠগি পইচাবোৰ বাহিৰলৈ নিব পৰা যায়। এই হুবহু নকল গামোচা আৰু অসমৰ হাতেৰে বোৱা গামোচা সমূহৰ মাজত যঠেষ্ট পাৰ্থক্য আছে।

      Delete