হােমেন বৰগোহাঞিৰ টোকা বহীৰ পৰা ::চিত্ৰকৰ ইৰশ্বাদ আলি


তিনিজন ইৰশ্বাদ আলিৰ লগত মোৰ সামান্য পৰিচয় আছে। তিনিজন বেলেগ বেলেগ মানুহ নহয়, একেজন মানুহৰ মাজত থকা তিনিজন মানুহ।
প্ৰথমজন ইৰশ্বাদক বহুত মানুহেই জানে। তেওঁ হ’ল এজন নৃতত্ত্ববিদ পণ্ডিত, আৰু সেইসূত্রে বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু গৱেষক। তেওঁ অধ্যাপকৰ জীৱন আৰম্ভ কৰিছিল। পাঞ্জাব বিশ্ববিদ্যালয়ত আৰু শেষ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ত। শাস্তশিষ্ট, সদালাপী আৰু বন্ধুবৎসল । এই মানুহজনক তেওঁৰ সংস্পৰ্শলৈ অহা সকলো মানুহেই ভাল পায় আৰু শ্রদ্ধা কৰে।
দ্বিতীয়জন ইৰশ্বাদ হ’ল চিত্ৰকলা, সংগীত, নাটক আৰু কথাছবিৰ পৰা পীড়া পাহৰি থাকিবলৈ চেষ্টা কৰা এজন সুশীল আৰু সংস্কৃতিৱান মানুহ। তেওঁৰ জন্মও হৈছিল এটা অসম বিখ্যাত সংস্কৃতিৱান পৰিয়ালত। তেওঁৰ পিতৃ সুসাহিত্যিক এম ইব্রাহিম আলিয়ে ৰচনা কৰা “তই যদি অসমীয়া, মই তেন্তে বিদ্রোহী পাঠান” নামৰ কবিতাটাে পৃথিৱীত অসমীয়া ভাষা থাকে মানে জীয়াই থাকিব। তেওঁ এই কবিতাটাে লিখিছিল চৈয়দ আব্দুল মালিকে ৰচনা কৰা বিখ্যাত “মই অসমীয়া’ নামৰ কবিতাটােৰ প্ৰতি নিজৰ আৱেগময় সহমর্মিতা প্রকাশ কৰি।
ইৰশ্বাদৰ মোমাইদেউ তফজজুল আলি অসমীয়া ভাষাৰ এজন অমৰ গীতিকাৰ। তেওঁৰ এজন জ্যেষ্ঠ ভ্ৰাতৃ ইন্দ্ৰিছ আলিও এজন বিখ্যাত গীতিকাৰ আৰু অসমীয়া সাহিত্যৰ খ্যাতনামা অধ্যাপক। তেওঁ অসম সাহিত্য সভাৰ উপ-সভাপতিৰ পদো অলংকৃত কৰিছিল। ইৰশ্বাদ লালিত-পালিত হৈছিল এনে এটা সাংস্কৃতিক পৰিমণ্ডলত। মই চিনি পোৱা তৃতীয়জন ইৰশ্বাদ এজন চিত্ৰকৰ। ছবি আঁকিবলৈ তেওঁ ক’তো বিধিবদ্ধ প্রশিক্ষণ লোৱা নাছিল; তেওঁ নিজেই আছিল নিজৰ শিক্ষক। ৰবীন্দ্রনাথ ঠাকুৰে দীর্ঘ জীৱন ধৰি তেওঁৰ সুবিশাল সাহিত্য-কৰ্মত নিজৰ সমস্ত আৱেগতেওঁৰ আন্তজীৱনৰ এটা অপৰিচিত আৰু ৰহস্যময় ৰূপ প্রকাশ কৰে ? ছবি আঁকাটো বোধহয় এটা বেলেগ ধৰণৰ আৱেগিক কিম্বা আধ্যাত্মিক অভিজ্ঞতা— যিটো অভিজ্ঞতা আন কোনো শৈল্পিক মাধ্যমে দিব নোৱাৰে। সি যি কি নহওক, ইৰশ্বাদে জীৱনৰ পৰিণত বয়সত ছবি আঁকিবলৈ আৰম্ভ কৰি এতিয়া তাৰ মাজতেই নিমজ্জিত হৈ আছে আৰু তাকে কৰি জীয়াই থকাৰ আনন্দ বা বেদনা বা দুয়োটাকে অনুভৱ কৰিবলৈ চেষ্টা কৰিছে। মই যদিও ওপৰত লিখিলোঁ যে মই তিনিজন ইৰশ্বাদক চিনি পাওঁ, কিন্তু কথাটাে বোধহয় সম্পূর্ণ শুদ্ধ নহ’ল। তেওঁ মাজে মাজে মোৰ ওচৰলৈ আহে, আৰু তেতিয়া তেওঁৰ লগত গতানুগতিক কথা পাতি থকাৰ মাজতে মই তেওঁৰ মাজত এজন চতুর্থ ইৰশ্বাদৰ উপস্থিতি অনুভৱ কৰোঁ। সেই ইৰশ্বাদক নাজানো বা তেওঁক বৰ্ণনা কৰিবও নোৱাৰোঁ। কিন্তু অনুভৱ কৰােঁ যে সেইজন ইৰশ্বাদ নীৰৱ, নিঃসংগ আৰু আত্মগোপনকাৰী। বোধহয় সেই চতুৰ্থজন ইৰশ্বাদেই তৃতীয়জন ইৰশ্বাদক ছবি আঁকিবলৈ বাধ্য কৰিছে। তেওঁৰ ছবিৰ বিষয়বস্তু কি ? তেওঁৰ ছবিত আমি কি দেখিবলৈ পাওঁ? হৰ্হি লুই বজোছৰ কেইটামান বাক্য মনলৈ আহিছে— ‘সেই মানুহজনে সমগ্র বিশ্বজগতৰ এখন ছবি আঁকিবলৈ আৰম্ভ কৰিছিল। বহুত বছৰ ধৰি তেওঁ জাহাজ, স্তম্ভ, ঘোঁৰা, অস্ত্ৰ আৰু মানুহৰ ছবি আঁকি এখন শূন্য দেৱাল ভৰাই পেলালে। কিন্তু মৃত্যুৰ সময়ত তেওঁ দেখিলে যে দেৱালখনত ফুটি উঠিছে। কেৱল তেওঁৰ নিজৰ মুখৰ
অবিকল প্রতিকৃতি।
অহা ৮ নৱেম্বৰৰ পৰা ৰাজ্যিক কলাবীথিকাত (ৰবীন্দ্ৰ ভৱন) ইৰশ্বাদ আলিৰ ছবিৰ এখন প্রদর্শনী আৰম্ভ হ’ব। তেওঁৰ ছবি চাবলৈ যোৱা লোকসকলৰ বহুমূলীয়া সময়খিনি অথলে নাযাব বুলি মই বিশ্বাস কৰোঁ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment