বেজৰ নাকতে খৰ::ঘোচ লৈ জালত পৰিল আৰক্ষী বিষয়া



কেশৱ ৰঞ্জন চৌধুৰী বিশ্বনাথ চাৰিআলি থানাৰ নামৰ উপ-পৰিদৰ্শকজন কালি উৎকোচ লোৱাৰ অপৰাধত গ্রেপ্তাৰ হোৱা ঘটনাই ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, কেইদিনমান পূর্বে বিশ্বনাথ জিলাৰ জামুগুৰিহাট থানাৰ পৰা বিশ্বনাথ চাৰিআলি থানালৈ বদলি হৈ অহা কেশৱ ৰঞ্জন চৌধুৰী নামৰ আৰক্ষী উপ-পৰিদৰ্শকজনে জামুগুৰিহাটত যোৱা ২৫ আগষ্টত আত্মহত্যা কৰা ৰমেশ মহেশ্বৰী গ্রেপ্তাৰৰ ভাবুকি দি বহু লাখ টকা সংগ্ৰহ কৰিছিল। আত্মহত্যা কৰা মহেশ্বৰীৰ কৰ্মচাৰী জামুগুৰিহাটৰ যুৱক কন্দৰ্প বৰাকো এই গোচৰত জড়িত কৰাৰ ভাবুকি দি গোচৰৰ পৰা ৰক্ষা পাবলৈ হ’লে ৫০ হাজাৰ টকা দিব লাগিব বুলি কয়। আৰক্ষী বিষয়াজনে বিশ্বনাথ চাৰিআলিলৈ বদলি হৈ আহিল যদিও কেছ ডায়েৰীত কন্দৰ্পৰ নাম অস্তভূক্ত কৰাৰ ভাবুকি দিয়ে। কন্দৰ্পই বিষয়টাে অসম আৰক্ষীৰ দুনীতি নিবাৰক শাখাক অৱগত কৰে। কালি বিয়লি ২.৪৫ বজাত কন্দৰ্পই পূর্বে কৰা যোগাযোগ মতে, বিশ্বনাথ চাৰিআলি থানাৰ সন্মুখৰ এখন চাহ দোকানত আৰক্ষী বিষয়া কেশৱ ৰঞ্জন চৌধুৰীক নগদ দহ হাজাৰ টকা দিয়ে। কন্দৰ্পৰ পৰা ঘোচ লোৱাৰ লগে লগে পূৰ্বৰে পৰা খাপ পিটি থকা দুনীতি নিবাৰক শাখাৰ বিষয়াই আৰক্ষী বিষয়াজনক হাতে-লোটে গ্রেপ্তাৰ কৰে
Share on Google Plus

About Unknown

0 comments:

Post a Comment