অসমীয়া জাতি ধ্বংস হ’লে বিজেপিৰ কি লোকচান হ’ব ? প্রফুল্ল কুমাৰ মহন্ত



প্ৰাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত বাংলাদেশীৰ নাগৰিকত্বৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে । নগাঁৱত এখন সংবাদ মেলত মহন্তই কয় যে - শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে যি সিদ্ধান্ত গ্রহণ কৰিব বিচাৰিছে, সেয়া অসমৰ বাবে আত্মঘাতী সিদ্ধান্ত হ’ব। হিন্দু বাংলাদেশী সংস্থাপনৰ তীব্র বিৰােধিতা কৰি মহন্তই কয় যে কেন্দ্রীয় চৰকাৰে আইন সংশোধনৰ জৰিয়তে এই কাম কৰিলে। অসম চুক্তি বিঘ্নিত কৰা হ’ব। সেয়ে অসম চুক্তি বিঘ্নিত কৰিব পৰা কাম কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট মন্তব্য কৰে। নগাঁও চহৰত থকা নিজা বাসভৱনত অনুষ্ঠিত কৰা সংবাদ মেলখনত মহন্তই কয় যে এটা সময়ত পূব পাকিস্তানৰ (বর্তমানৰ বাংলাদেশ) পৰা অহা হিন্দু শৰণার্থক দণ্ডকৰণ্যত সংস্থাপিত কৰা হৈছিল। কেন্দ্রীয় চৰকাৰে সেইসকল শৰণার্থক সংস্থাপিত কৰিছিল যদিও তেওঁলোক তাত নাথাকিলে। তেওঁলোকে দণ্ডকৰণ্য এৰি অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰালৈ গমন কৰে। ফলস্বৰূপে অসমে সেই সময়তো হিন্দু বাংলাদেশীৰ এক বৃহৎ বােজা বহন কৰিব লগা হয়। ঠিক সেইদৰে এতিয়া নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা বুলি উল্লেখ কৰি মহন্তই কয় যে অসমে আৰু বিদেশীৰ বোজা বহন কৰিব নােৱাৰে। তেওঁ লগতে এই কথাও উল্লেখ কৰে যে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে হিন্দু শৰণার্থী ৰাজ্যখনত নাৰাখে বুলি স্পষ্টভাৱে কৈছে। সেইদৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সৰকাৰেও ইয়াৰ মৃদু প্রতিবাদ কৰিছে। দুয়ােখন ৰাজ্যৰে মুখ্যমন্ত্রী দুগৰাকীয়ে বাঙালী সম্প্রদায় হােৱাৰ পাছতো তেওঁলোকে হিন্দু বাংলাদেশীৰ সংস্থাপনক বিৰােধিতা কৰিছে। তেনে ক্ষেত্ৰত দুয়োজন মুখ্যমন্ত্রীয়েই কিন্তু বাঙালীবিৰােধী হৈ পৰা নাই। অথচ মহন্তই হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰােধিতা কৰা বাবে তেওঁক বাঙালীবিৰােধী বুলি কোৱা হৈছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে। অগপ কোনাে জাতিৰ বিৰােধী নহয়। প্ৰসংগক্ৰমে মহন্তই উল্লেখ কৰে যে অসম চুক্তি স্বাক্ষৰ কৰা আন্দােলনকাৰী নেতাসকলৰ ভিতৰত তেওঁৰ লগতে আৰু এজনহে আছে। সেয়ে চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত দলীয় সিদ্ধান্তৰ বাহিৰেও নিজৰ দায়বদ্ধতা থকা বুলি উল্লেখ কৰি এই দায়িত্ব পালন কৰি যাব বুলি মহন্তই উল্লেখ কৰে। অগপ অসম চুক্তি ৰূপায়ণত আজিও দৃঢ় হৈ আছে বুলি উল্লেখ কৰি ভৱিষ্যতেও ইয়াৰ পৰা আঁতৰি নাযায় বুলি তেওঁ কয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment