নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠন ষ্টুডেণ্টছ ইছলামিক মুভমেন্ট অৱ ইণ্ডিয়া (ছিমি)ৰ আঠজনকৈ সদস্য মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ ভূপালৰ উপকণ্ঠত এক সংঘৰ্ষত নিহত হয়। উল্লেখ্য যে ভূপািল কেন্দ্রীয় কাৰাগাৰত থকা এই সন্ত্রাসবাদীকেইজনে আজি নিচেই পুৱা কাৰাগাৰখনৰ এজন নিৰাপত্তাৰক্ষীক হত্যা কৰি কাৰাগাৰৰ দেৱাল বগাই পলায়ন কৰে। কাৰাবন্দীকেইজনে বিছনাৰ চাদৰ জোৰা দি কাৰাগাৰৰ দেৱাল বগাবলৈ সক্ষম হয়। আৰু এই কথা কিছু সময় পাছতে কাৰাগাৰ কর্তৃপক্ষই গম পাই হুৱাদুৱা লগায়। লগে লগে সন্ত্রাসবাদীকেইজনৰ সন্ধানত মধ্যপ্রদেশ আৰক্ষীয়ে অভিযান চলায় আৰু ভূপাল মহানগৰীৰে উপকণ্ঠৰ মালিখেৰা নামৰ ঠাইত আৰক্ষী আৰু সন্ত্রাসবাদীকেইজনৰ মাজত মুখামুখি সংঘর্ষ হয়। এই সংঘৰ্ষত ৮জন সন্ত্রাসবাদী নিহত হয়। নিহত সন্ত্রাসবাদীকেইজন ক্ৰমে আমজাদ, জাকিৰ হুছেইন চাদিক, মহম্মদ চালিক, মুজিব শ্বেখ, মেহবুদ গুদু, মহম্মদ খালিক আহমেদ, আকিল আৰু মজিদ বুলি জানিব পৰা গৈছে। মধ্যপ্ৰদেশৰ গৃহমন্ত্রী ভূপেন্দ্র সিঙে এই ঘটনাৰ পাছতে সাংবাদিকৰ আগত সন্ত্রাসবাদীকেইজনৰ পলায়ন আৰু মুখামুখি সংঘৰ্ষৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ স্বীকাৰ কৰে যে ভূপাল কেন্দ্রীয় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাত থকা সুৰুঙাৰ বাবেই এই ঘটনাটাে সংঘটিত হ’বলৈ পালে। কালিৰ এই ঘটনাৰ পাছতে কাৰাগাৰখনৰ কেইবাজনো শীর্ষ বিষয়াক চাকৰিৰ পৰা নিলম্বিত কৰা হয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment