
নাগৰিকত্ব আইনৰ সংশোধনী সন্দৰ্ভত অহা ২ আৰু ৩ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যুটীয়া সংসদীয় সমিতিৰ শুনানি হঠাৎ বাতিল কৰা হ’ল। কালি যুটীয়া সংসদীয় সমিতিয়ে নিজৰ ভ্ৰমণসূচী স্থগিত ৰখা বুলি জানিবলৈ দিয়ে। এই সন্দৰ্ভত লোকসভা সচিবালয়ে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা ১/১/জে চি চি এ বি/ ২০১৬নং পত্ৰত উল্লেখ কৰে যে নাগৰিকত্ব (সংশোধনী) বিল ২০১৬ সম্পর্কীয় যুটীয়া সমিতিৰ অহা ২ আৰু ৩ নৱেম্বৰৰ প্রস্তাৱিত গুৱাহাটী ভ্ৰমণ কাৰ্যসূচী অনিবার্য কাৰণবশতঃ স্থগিত ৰখা হৈছে। যুটীয়া সংসদীয় সমিতিৰ এই সিদ্ধান্তই স্বাভাৱিকতে বহু জাতীয় সংগঠনক হতাশ কৰি তুলিছে। কিয়নো ইয়াৰ পূর্বে নতুন দিল্লীত অনুষ্ঠিত তিনিটা শুনানিত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূর্ণ সংগঠন, বুদ্ধিজীৱী তথা নাগৰিকে অংশগ্ৰহণৰ সুবিধা নাপালে। এই দল-সংগঠনসমূহে নাগৰিকত্ব আইনৰ শুনানি অসমত অনুষ্ঠিত হ’ব লাগে বুলি জোৰদাৰ দাবী উত্থাপন কৰাৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিষয়টােত হস্তক্ষেপ কৰে। মুখ্যমন্ত্ৰীৰ অনুৰােধমৰ্মেই অহা ২ আৰু ৩ নৱেম্বৰত গুৱাহাটীত যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্রহণ কৰাৰ সিদ্ধান্ত লয়। এই শুনানিৰ বাবে ভালেমান দল-সংগঠনে নির্দিষ্ট পদ্ধতিৰে নিজৰ নাম পঞ্জীয়ন কৰে। তেওঁলোকে শুনানিৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে লোকসভা সচিবালয়ে এই প্রস্তাৱিত ভ্ৰমণ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
0 comments:
Post a Comment