
সোণাৰিৰ ৰতনপুৰ কাঠনি গাঁও এক শিহৰণকাৰী বর্বৰতাই জোকাৰি গ’ল । এই গাঁওখনতেই কেইজনমান ৰক্তপিপাসু, পাষণ্ডৰ হিংস্ৰতাৰ বলি হ’ল এটি চাৰিবছৰীয়া কন্যা শিশু। অভিযোগ মতে, এই গাঁওখনৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্রহণ কৰা চুনু গাদবা নামৰ এটি শিশু বলি হৈছে এক জঘন্য হত্যাকাণ্ডৰ। এই শিশুটিক সেই গাঁওখনৰেই হনুমান ভূমিজ নামৰ এজন লোকৰ ঘৰত বলি দিয়া হােৱা বুলি সন্দেহ কৰা হৈছে। স্বাভাৱিকতে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্র অঞ্চলটােতে সৃষ্টি হৈছে তীব্র চাঞ্চল্য। ঘটনাৰ বিৱৰণী মতে, গাঁওখনৰ সুচেন গাদবা নামৰ লোকজনৰ চাৰিবছৰীয়া কন্যা সস্তান চুন্নু গদবা যোৱা ২২ অক্টোবৰৰ দিনা সন্ধিয়া নিজ গৃহৰ সমীপৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছিল। এই ঘটনাত জড়িত থকাৰ সন্দেহত স্থানীয় জনতাই ২৫ অক্টোবৰৰ দিনা গাঁওখনৰ হনুমান ভূমিজ নামৰ লোকজনৰ উল্লাহ নামৰ বেজ এজনক উত্তম-মধ্যম শোধাই সোণাৰি আৰক্ষীক গতাই দিছিল। আদালতে দুয়োকে জেল-হাজোতলৈ প্ৰেৰণ কৰে। কিন্তু কালি পুৱাৰে পৰা গাঁওখনৰ এক নির্দিষ্ট স্থানত উৎকট দুৰ্গন্ধ ওলোৱাত স্থানীয় জনতাই বহু বিচাৰ-খোচাৰ কৰি সুচেন গদাবাৰ গৃহৰ সমীপৰ এঘৰ লোকৰ বাৰীৰ পিছফালে পুতি থোৱা অৱস্থাত সন্ধানহীন হৈ থকা গদবাৰ কন্যা সস্তানটােৰ খণ্ডিত মৃতদেহ উদ্ধাৰ কৰে। উল্লেখ্য যে শিশুটিৰ শৰীৰৰ পৰা হাত দুখনৰ লগতে মূৰটােও কাটি আঁতৰাই পেলোৱা আৰু সেয়া মৃতদেহটােৰ সৈতে উদ্ধাৰ নােহােৱালৈ চাই স্থানীয় অধিকাংশ জনতাই এয়া এক নৰবলিজনিত ঘটনা বুলি সংবাদ মাধ্যমৰ আগত প্রায় নিশ্চিত কৰিছে। স্থানীয় লোকৰ মতে সেই অঞ্চলটােত বেজালি কৰি পূর্বেও বিতর্কলৈ অহা আৰিফুদ্দিন হক উল্লাহ নামৰ বেজজনেই শিশুটি বলি দি অভীষ্ট সিদ্ধি কৰিছে। স্থানীয় ৰাইজে সাংবাদিকক এই কথাও জানিবলৈ দিয়ে যে তেওঁৰ হেৰােৱা ম’বাইল এটা উলিয়াই দিয়াৰ আৰ্জি দি উল্লিখিত বেজজনৰ দ্বাৰা পূজাপাতল কৰাইছিল আৰু সম্ভৱতঃ সেই সুযোগ লৈয়েই পাষাণ বেজজনে নৰবলিৰ বুলি জনতাই জানিবলৈ দিয়াৰ সমস্তৰালভাৱে ঘটনাটােৱে গাঁওখনত চাঞ্চল্য আৰু উত্তেজনা সৃষ্টি কৰিছে। অৱশ্যে এইক্ষেত্ৰত ইতিমধ্যে জেল-হাজোতত থকা অভিযুক্ত দুজনক সোধ-পোছাৰ পাছতহে প্রকৃত তথ্য পোহৰলৈ আহিব।
0 comments:
Post a Comment