অখিল গগৈ গ্রেপ্তাৰ হােৱাৰ পিচতেই ৰাজ্যৰ ভিন্নপ্রান্তত আৰম্ভ হৈছে প্রতিবাদ



অখিল গগৈ কালি গ্রেপ্তাৰ হােৱাৰ পিচতেই ৰাজ্যৰ ভিন্নপ্রান্তত আৰম্ভ হৈছে প্রতিবাদ। কৃষক মুক্তিৰ কৰ্মীসকলে তেওঁলোকৰ নেতাক গ্রেপ্তাৰৰ বিৰােধিতা কৰি গঢ়ি তুলিছে প্রতিবাদ। আনকি কালি নগাঁও সদৰ থানাত অখিল গগৈ উপস্থিত হােৱাৰ পিচতেই একাংশ সমর্থকে প্রতিবাদ কৰে। ইপিনে অখিল গগৈক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। সমিতিৰ সভাপতি ৰাজু বৰাই কয় যে চৰকাৰে নিৰীহ লোকক হত্যা গ্রেপ্তাৰ কৰিছে। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ফেচীবাদী শাসন চলাইছে। সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে সাম্প্রদায়িক দৃষ্টিভংগীৰে চৰকাৰ চলোৱা কার্যক আমি সমর্থন নকৰাে। অসমৰ সাতামপুৰুষীয়া ঐক্য-সম্প্রতি বিনষ্ট কৰাটাে আমি সহ্য নকৰাে। ৰাজু বৰাই অখিল গগৈক শীঘ্ৰে বিনাচার্তে মুকলি কৰি দিয়াৰ বাবে চৰকাৰক দাবী জনায়। অন্যথা তীব্র আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সতর্ক কৰি দিয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment