
সুদীর্ঘ ১৩ দিন ধৰি অখিল গগৈৰ গ্রেপ্তাৰক লৈ চলি থকা ৰহস্য আৰু উৎকণ্ঠাৰ কালি অন্ত পৰিল। লগে লগে কৃষক নেতাজনে পুনৰবাৰ জে’লৰ ভাত খোৱাটাে প্রায় নিশ্চিত হ’ল। কিয়নাে কাজিৰঙাৰ উচ্ছেদৰ সময়ত প্রতিবাদকাৰীক প্রশাসনৰ বিৰুদ্ধে যুদ্ধংদেহি ৰূপ গ্রহণ কৰিবলৈ প্ৰৰােচিত কৰাৰ অভিযোগত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছিল জামিনবিহীন গোচৰ। অৱশ্যে কাজিৰঙাৰ উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত নিহত হৈছিল দুই প্রতিবাদকাৰী। জখলাবন্ধা থানাত গোচৰটাে ৰুজু হােৱাৰ পিচৰে পৰা কৃষক নেতাজনে আৰক্ষীৰ শেনদৃষ্টিৰ পৰা আঁতৰি থাকিবলৈ আত্মগোপন কৰিছিল। এই সময়ছােৱাত বিভিন্ন পক্ষৰ তীব্র সমালোচনাৰ মুখত পৰিছিল কৃষক নেতাজন। বিশেষকৈ বাংলাদেশী বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ পৰিস্থিতি বিপৰীত হােৱা দেখি অখিল গগৈয়ে পলায়ন কৰা বুলি এটা চক্ৰই প্ৰচাৰ চলাইছিল। ছচিয়েল মিডিয়াত এই প্রচাৰে অতি তীব্ৰ ৰূপ ধাৰণ কৰিছিল। আনকি ৰাজ্যৰ বন মন্ত্রী প্রমীলাৰাণী ব্ৰহ্মই অখিল গগৈক গ্রেপ্তাৰ কৰা হ’বই বুলি হুংকাৰ দিছিল। ইয়াৰ মাজতে কালি সংবাদ মাধ্যমৰ সন্মুখত আত্মপ্রকাশ কৰে কৃষক নেতাজনে। তেওঁ গান্ধীবস্তিৰ মুখ্য কার্যালয়ত সংবাদমেল সম্বোধনাে কৰে। সংবাদমেলযোগে তেওঁক গ্রেপ্তাৰ কৰিবলৈ ৰাজ্যৰ আৰক্ষী বাহিনীক আহ্বান জনায়।সংবাদ মাধ্যমক সম্বোধন কৰি অখিলে জনোৱা আহ্বানৰ পিচতেই গান্ধীবস্তিত উপস্থিত হয় চানমাৰি আৰক্ষী আৰু তেওঁক আটক।আনহাতে অখিল গগৈক গ্রেপ্তাৰ কৰা ঘটনাৰ তদাৰক কৰা অসম আৰক্ষীৰ মধ্য মণ্ডলৰ উপ-মহাপৰিদৰ্শক অখিলেশ সিঙে কয় যে নির্দিষ্ট অভিযোগৰ ভিত্তিত অখিল গগৈক সোধা-পোছ কৰা হ’ব।কালি নিশাটাে কৃষক নেতা অখিল গগৈক নগাঁও সদৰ থানাতে ৰখা হ'য় । আজি জখলাবন্ধা থানালৈ নিয়াৰ সম্ভাৱনা আছে।
0 comments:
Post a Comment