অসম আৰােগ্য নিধিৰ অধীনত ৰাজ্যৰ ১৯৭৮ গৰাকী হিতাধিকাৰীক প্রদান :: ২৭ খন জিলাত হ’ব অমৃত ফার্মাচী




গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অসম আৰােগ্য নিধি আঁচনিৰ অধীনত কালি ৰাজ্যৰ ১৯৭৮ গৰাকী হিতাধিকাৰীক চেক প্রদান কৰা হয় । উল্লেখ্য যে অসম আৰােগ্য নিধিৰ অধীনত ১,৫৪৮ জন কর্কট ৰােগী, ৭৯ জন বৃক্ক ৰােগী, ১৫৪ জন হৃদৰােগী আৰু অন্যান্য ৰােগত আক্রান্ত ১৯৭ জন মুঠ ১৯৭৮ জনক চেক প্রদান কৰা হয়। চেক প্রদান কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্রী হিমন্তবিশ্ব শৰ্মাই। চেক প্রদানৰ পিচতে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে চৰকাৰে জনতাক আস্থা আৰু বিশ্বাসত লৈ আগবাঢ়িছে। এই চাৰে তিনিমহীয়া কার্যকালত জনতাক সেৱা আগবঢ়াবলৈ চৰকাৰে আপ্রাণ চেষ্টা চলাইছে। সকলো সময়তে জনতাৰ কাষত চৰকাৰখন থাকিব বুলি উল্লেখ কৰি সোণোৱালে কয়— “জনতাক সেৱা কৰাটো আমি ৰাজধৰ্ম হিচাপে গ্রহণ কৰিছো। আমি নিস্বার্থভাৱে ৰাইজক সেৱা কৰিম। জনতাই পৰিবর্তন বিচাৰিছে আৰু জনতাক লগত লৈ আমি পৰিবর্তন কৰিম।” অহা দিনসমূহত দুখীয়া পৰিয়ালসমূহক চিনাক্ত কৰি অর্থনৈতিকভাৱে সবল কৰি সামাজিক সুৰক্ষা প্রদান কৰিব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি স্বাস্থ্য মন্ত্রী হিমন্তবিশ্ব শৰ্মাই অহা এপ্রিল মাহৰ পৰা ৰাজ্যত অটল অমৃত অভিযান আৰম্ভ হ’ব বুলি ঘোষণা কৰে। তেওঁ কয় যে এই অভিযানৰ অধীনত ২ লাখ টকালৈকে বিনা পইচাত যিকোনো চিকিৎসালয়ত চিকিৎসা কৰিব পাৰিব জনসাধাৰণে। আনহাতে অসম আৰােগ্য নিধিৰ অধীনত আজিৰ অনুষ্ঠানৰ পিচত পুনৰ এক লাখ আবেদন আহিলেও সেয়া চৰকাৰে ফেব্ৰুৱাৰী মাহত অনুষ্ঠান পাতি হিতাধিকাৰীক প্রদান কৰিব বুলিও ঘোষণা কৰে স্বাস্থ্য মন্ত্রীয়ে। আনহাতে গুৱাহাটীৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ ২৭ খন জিলাতে স্থাপন হ’বলগীয়া অমৃত ফার্মাচীৰ জৰিয়তে ৬০-৭০ শতাংশ কম দৰত ঔষধ লাভ কৰিব বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment