শ্মশানেই ঘৰ ::দৈনিক জনমভূমিৰ সম্পাদকীয়



  তান্ত্রিক বা কাপালিকৰ শ্মশান বাসক সাধাৰণ ঘটনা বুলিয়েই ধৰা হয়। কাৰণ তেওলোকৰ সাধনা সিদ্ধিৰ বাবে শ্মশানত  বাস কৰাটাে প্রয়োজনীয় বুলি কয়। কিন্তু সাধাৰণ মানুহ শ্মশানত বাস কৰিবলৈ লোৱাটােক স্বাভাৱিক বুলিব নোৱাৰি। কিন্তু ৰাজ্যত তেনে ঘটনাই ঘটিবলৈ লৈছে। বিশ্বনাথ চাৰিআলিৰ শ্মশানৰ পৰিত্যক্ত ঘৰ এটাত দুটা পৰিয়াল বাস কৰিবলৈ লোৱাৰ ঘটনা পোহৰলৈ আহিছে। উপায়হীন হৈ দুয়োটা পৰিয়ালে শ্মশানৰ ঘৰতে আশ্রয় লৈছে আৰু তাৰ পৰাই দিন হাজিৰা কৰি জীৱন নির্বাহ কৰাৰ চেষ্টা চলাইছে। একেধৰণৰ ঘটনা ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াতো ঘটিছিল। নদীয়ে খেদি পঠিওৱা কেইবাঘৰাে মানুহে ৰাজহুৱা শ্মশান এখনত বাস কৰাৰ ঘটনাই কেইবছৰমান আগতে বাতৰিৰ শিৰোনাম দখল কৰিছিল। তেওঁলোকে চৰকাৰক মাটি বিচাৰিছিল যদিও চৰকাৰে সেই দিহা কৰিব নােৱৰাত ভূমিহীন সেই লোকসকলে শ্মশানতেই থিতাপি লৈছিল। 
    ৰাজ্য চৰকাৰৰ বাবে ভূমিহীনক সংস্থাপিত কৰাটাে এক ডাঙৰ সমস্যা। সততে উচ্চাৰিত খিলঞ্জীয়াসকলৰ বৃহৎ সংখ্যক লোক বান, খহনীয়া আদিৰ দৰে প্ৰাকৃতিক দুর্যোগত সর্বস্বান্ত হৈ আহিছে। এই লোকসকলক থিতাপি লগাবলৈ আৰু জীৱিকাৰ উপায় দিবলৈ চৰকাৰ এতিয়াও সমর্থ হােৱা নাই। ৰাজ্যৰ ভূমি ব্যৱস্থা ইমানেই পুৰণি আৰু চালুকীয়া অৱস্থাত আছে যে যুগ যুগ ধৰি জৰীপ, বন্দােৱস্তি আদি হােৱা নাই। এতিয়াও বহু খিলঞ্জীয়া গাঁও ওলাব য'ত বহু যুগ বাস কৰাৰ পিছতো গাঁওবাসীয়ে পট্টা পোৱা নাই। চৰকাৰী নথিপত্র নিদিয়াকৈ অন্যায়ভাৱে বহু লোকক এইদৰে ৰখা হৈছে। কোনো এখন চৰকাৰেই ভূমি আৰু ৰাজহ ব্যৱস্থা উন্নত কৰাৰ চেষ্টা কৰা নাই। কাৰণ এনে কৰিবলৈ হ’লে কপ’ৰেট খণ্ড আৰু প্ৰভাৱশালী লোকৰ গাত আচোৰ পৰিব। বর্তমানৰ চৰকাৰে বেদখলমুক্ত ৰাজ্য গঢ়াৰ কথা কৈছে। ভাল কথা। কিন্তু ভূমি ব্যৱস্থাৰ প্ৰাথমিক কামখিনি আৰম্ভ কৰিলেহে চৰকাৰে বেয়া অৱস্থাত থকা ভূমি ব্যৱস্থাৰ মূল কেৰােণ উপলদ্ধি কৰিব পাৰিব। 

Share on Google Plus

About Unknown

0 comments:

Post a Comment