ব্যক্তিগত শিক্ষানুষ্ঠানো তথ্য জনাৰ অধিকাৰ আইনৰ আওতালৈ আহিল ::আনুষ্ঠানিক নির্দেশনা জাৰি


এতিয়াৰে পৰা তথ্য জনাৰ অধিকাৰ আইনৰ আওতালৈ আহিব ৰাজ্যৰ ভিন্ন স্থানত থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহাে । ৰাজ্যিক তথ্য আয়োগে ইতিমধ্যে এই সন্দৰ্ভত প্রয়োজনীয় আনুষ্ঠানিক নির্দেশনা জাৰি কৰিছে। ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিমাংশু শেখৰ দাসে অলপতে জাৰি কৰা এই নির্দেশ অনুসৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত অসম চৰকাৰৰ সংশ্লিষ্ট শিক্ষা সঞ্চালকৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ বিষয়ে তথ্য আহৰণ কৰিব পৰা যাব। কিয়নাে এই শিক্ষানুষ্ঠানসমূহ অসম বেচৰকাৰী শিক্ষানুষ্ঠান (নিয়ন্ত্ৰণ আৰু পৰিচালনা) আইন-২০০৬ ৰ অধীনত পৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে গুৱাহাটী মহানগৰীৰ বেতকুছিত থকা দিল্লী পাব্লিক স্কুলৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানি গ্রহণ কৰি দিয়া নিৰ্দেশৰ ভিত্তিত এই নির্দেশ জাৰি কৰা হৈছে। আয়োগে প্রকাশ কৰামতে অসম বেচৰকাৰী শিক্ষানুষ্ঠান আইনৰ ১০(১৭) আৰু ১০০ (১৮) অনুচ্ছেদত প্রদান কৰা ক্ষমতাৰ লগতে তথ্য জনাৰ অধিকাৰ আইনৰ ২(চ) অনুচ্ছেদৰ দ্বাৰা সংশ্লিষ্ট শিক্ষা সঞ্চালকসকলে নিজৰ এলেকাৰ অধীনৰ যিকোনাে বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা তথ্য আহৰণ কৰিব পাৰে।





Share on Google Plus

About Unknown

0 comments:

Post a Comment