বাংলাদেশ আবামী লীগৰ অধিৱেশনলৈ আমন্ত্ৰিত প্রফুল্ল কুমাৰ মহন্ত::যাত্রা কৰিব আজি




অসমৰ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত শ্বেখ হাছিনা নেতৃত্বাধীন বাংলাদেশ আবামী লীগৰ ২০সংখ্যক ত্রিবার্ষিক অধিৱেশনলৈ আমন্ত্ৰিত হৈছে। অহা ২২ আৰু ২৩ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত অংশগ্রহণ কৰাৰ উদ্দেশ্যৰে আজি মহন্তই বাংলাদেশ অভিমুখে যাত্রা কৰিব। ভাৰতবাংলাদেশৰ মাজত থকা পুৰণি সম্পর্ক, বাংলাদেশৰ স্বাধীনতাৰ সময়ত অসমে দেশখনৰ প্ৰতি কৰা সহায়, বাংলাদেশৰ স্বাধীনতাৰ সময়ত দেশখনৰ পৰা অহা নাগৰিকসকলৰ বাবে অসমত স্থাপন কৰা শৰণার্থী শিবিৰত আশ্রয় প্রদান কৰা আদি দিশসমূহত মহন্তই বক্তব্য ৰাখিব। তদুপৰি দেশখনৰ লগত অসম তথা উত্তৰ পূবাঞ্চলে সম্পর্ক স্থাপন কৰি অর্থনৈতিক, সামাজিক দিশ টনকিয়াল কৰা আদি দিশসমূহাে আলোকপাত কৰিব বুলি মহন্তই জানিবলৈ দিছে। উল্লেখযোগ্য যে অসমৰ পৰা বিদেশী বহিষ্কাৰ আন্দােলনৰ নেতৃত্ব দিয়া মহন্তক বাংলাদেশৰ শাসনাধিষ্ঠিত দলটোৰ অধিৱেশনলৈ আমন্ত্রণ জনোৱাটো উল্লেখযোগ্য দিশ হিচাপে বিবেচিত হৈছে। মহন্তই অসমত বিদেশী বহিষ্কাৰৰ আন্দোলন কি পৰিস্থিতিত সূচনা হৈছিল তাৰাে ব্যাখ্যা আগবঢ়াব বুলি জানিবলৈ দিছে।



Share on Google Plus

About Unknown

0 comments:

Post a Comment