কেতিয়াও আপোনালোকে মাতৃভূমিক অৱহেলা নকৰিব।--- এই মন্তব্য মুখ্য মন্ত্ৰী সর্বানন্দ সোণোৱালৰ। ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত এক অন্তৰংগঅনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে ভাষণত কয়—“আগন্তুক আমাৰ চৰকাৰখন ৰাইজৰ দ্বাৰা পৰিচালিত হ’ব। এই নীতিৰ আধাৰতেই আমি আগবাঢ়ি যাম। মুখ্য মন্ত্রীৰ আসনখন মােৰ পৈতৃক সম্পত্তি নহয়। মোৰ এই আসনখন ৰাইজে দিয়া আসন। ৰাইজে নিবিচাৰিলে মই এই আসনখন এৰি দিব লাগিব। ৰাইজে অসমৰ মর্যাদা বৃদ্ধি হােৱাটাে কামনা কৰিছে। শেহতীয়াকৈ দেশ-বিদেশৰ পৰ্যটকৰ মুখে মুখে অসমৰ বিষয়ে জয়গান গোৱা শুনা যায়। চাহ, কয়লা, তেল, চুণ আদিৰ বাবে অসম চহকী। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ববিখ্যাত এশিঙীয়া গড়ৰ লগতে সেউজীয়া প্রাকৃতিক পৰিৱেশৰ বাবেও বিখ্যাত। আমি এইসমূহ সম্পদক সংৰক্ষণৰ বাবে বিজ্ঞানৰ সহায় ল'ব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ ন ন চিন্তাৰে আগবাঢ়ি যোৱাৰ লগতে গভীৰ অধ্যয়নত মনোনিৱেশ কৰিব লাগিব। অসমৰ বানখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় পর্যােয়ত দাঙি ধৰিব পাৰিলেই জাতীয় দায়িত্ববোধ থকাটাে নুবুজায়। অসমৰ সম্পদৰ ৰূপ বেলেগ বেলেগ। সমস্যা সকলোতে আছে। বিশ্বৰ বিভিন্ন আগশাৰীৰ ৰাষ্ট্রসমূহতো। নানান সমস্যাৰে বিৰাজমান হৈ আছে।” আনহাতে, মুখ্য মন্ত্রীগৰাকীয়ে অসমৰ সন্তানসকলক নিজৰ মাতৃভূমিক আদৰ কৰিবলৈ আহবান জনাই কয় অসমতো "ডিছকভাৰী অৱ আছাম’ৰ প্রয়োজনীয়তা আছে। বাৰেৰহণীয়া সাংস্কৃতিক পথাৰ অসম। এই পথাৰতে শংকৰ-মাধৱ, আজান ফকীৰৰ দৰে বৰেণ্য ব্যক্তিয়ে জন্মগ্রহণ কৰিছিল। অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰত ৪৮খন উপনৈ আছে। এই উপনৈসমূহক আমি সদব্যৱহাৰ কৰিব লাগিব। আনহাতে, ৰাজ্যখনত আছে। ২০০৪টা হ্রদ। বিজ্ঞানীসকলৰ মতে— যিখন দেশত পানী আছে, সেইখন দেশেই ৰাষ্ট্ৰৰ আটাইতকৈ শক্তিশালী দেশ। অসমৰ বান প্রতিৰোধ কৰিবলৈ বিজ্ঞানৰ সহায় ল’ব লাগিব। যেনেকৈ চীনে বিজ্ঞান আৰু ধন প্রয়োগ কৰি হােৱাংহো নদীক নিয়ন্ত্ৰণ কৰিছিল, ঠিক সেইদৰে অসমতো বান প্রতিৰোধৰ বাবে সেই পন্থা গ্রহণ কৰিব লাগিব। নৱপ্ৰজন্মসকলে অসমক আৱিষ্কাৰ কৰাৰ প্রয়োজন আছে। অসমৰ বিশুদ্ধ বায়ু সেৱন কৰিবলৈ বিদেশৰ পৰা বহু পর্যটকৰ আগমন হয়। কিন্তু অসমৰ মানুহে নিজৰ মাতৃভূমিৰ বিশুদ্ধ বায়ু তথা সম্পদৰ ওপৰত আজিলৈকে অধ্যয়নেই কৰিব পৰা নাই। মাতৃভূমিক অৱহেলা কৰিলে জাতীয় চেতনা জাগৃত নহয়। ছাত্রছাত্ৰীসকলে অসমক ন ৰূপত আৱিষ্কাৰ কৰি বিশ্বৰ দৰবাৰত উজলাই তোলক। অসমক চহকী ৰাজ্য হিচাপে প্রতিষ্ঠা কৰিব পাৰিব। যদিহে অসমৰ জনতাই সংকল্প গ্রহণ কৰে। যেতিয়ালৈকে আন্তৰিকতা সৃষ্টি কৰিব পৰা নাযায়, তেতিয়ালৈকে এখন সুস্থ বাতাবৰণ সমাজ সৃষ্টি কৰিব পৰা নাযায়। হিংসাই মানুহৰ সমন্বয় গঢ়াত বাধাৰ সৃষ্টি কৰে। মুখ্য মন্ত্রী সোণোৱালে অসৎ উপায়েৰে ধন উপার্জন নকৰিবলৈ সকলোকে আহবান জনোৱাৰ লগতে চৰকাৰী যন্ত্ৰৰ লগত জড়িত সকলো পক্ষকে নলও” শব্দ ব্যৱহাৰ কৰাৰ বিপৰীতে ৰাইজে “নিদিওঁ” শব্দটো প্রয়োগ কৰিবলৈ আহবান জনায়। ইয়াৰ উপৰি তেওঁ নলওঁ৷” আৰু নিদিওঁৰ মাজত মহামিলন ঘটিলেহে অসমৰ পৰা দুনীতি মুক্ত কৰিব পৰা যাব বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰে দুনীতি, বিদেশী, সন্ত্রাস আৰু প্ৰদূষণমুক্ত কৰাৰ বাবে সংকল্প গ্রহণ কৰা কথা জানিবলৈ দি কয় এইক্ষেত্ৰত অসমৰ ৰাইজৰ সহযোগিতাৰ প্রয়োজন। প্ৰদূষণমুক্ত অসম গঢ়িবলৈ আমি গছ ৰুব লাগিব। গতিকে বন্ধু-বান্ধৱীৰ জন্মদিনত গছ উপহাৰ দিয়ক। অসমৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে নতুন দিনৰ সূচনা কৰিব বুলি আশা ব্যক্ত কৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment