আমেৰিকাত কৰ্মৰত তিনি ব্ৰিটিছ বিজ্ঞানীলৈ পদার্থবিজ্ঞানৰ নােবেল বঁটা আগবঢ়োৱা হৈছে।তেখেত সকল হল ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ডেভিদ থালৈছে আৰু বাকী অর্ধেক দুভাগত বিভক্ত কৰি প্ৰদান কৰা হ’ব প্রিন্সটন বিশ্ববিদ্যালয়ৰ ডানকান হালডেম তথা ব্ৰাউন বিশ্ববিদ্যালয়ৰ কষ্টাৰলিজৰ মাজত। এই বঁটাৰ বাবদ দিয়া হ’ব মুঠ ৮০ লাখ ছুইছ ক্ৰ’নাৰ অথবা সাত লাখ ওঠৰ হাজাৰ মার্কিন ডলাৰ। পদার্থবিদ্যাৰ ‘ফেজ ট্ৰেনজিছন বিষয়ক গৱেষণাৰ বাবে এই ব্ৰিটিছ ত্ৰিমূৰ্তিলৈ সর্বোচ্চ সন্মান আগবঢ়োৱা হৈছে। নোবেল কমিটীৰ মতে, এই তিনি বিজ্ঞানীৰ গৱেষণাই ফলিত পদার্থবিদ্যা আৰু প্রযুক্তিৰ নতুন দিগন্ত মুকলি কৰিব। ঘাইকৈ এই গৱেষণাই “কোৱাণ্টাম কম্পিউটাৰ’ আৰু 'ছুপাৰ কণ্ডাক্টৰ’ তৈয়াৰ কৰাত সহায় কৰিব। উল্লেখ্য, কোৱাণ্টাম কম্পিউটাৰ এতিয়াৰ সৰ্বাধিক শক্তিশালী ছুপাৰ কম্পিউটাৰতকৈও অধিক উন্নত আৰু শক্তিশালী। পদার্থৰ সাধাৰণ অৱস্থা কঠিন, তৰল আৰু বাষ্পীয় বুলি ব্যাখ্যা কৰা হ’লেও পদার্থবিদৰ ভাষাত সেই ব্যাখ্যা ভিন্ন। তেওঁলোকৰ মতে, অতিশয় উচ্চ তাপত অথবা অতিশয় শীতল অৱস্থাত কিম্বা অতি চৌম্বকীয় ক্ষেত্ৰত পদার্থৰ বিভিন্ন অৱস্থা সৃষ্টি হয়। যাক কোৱা হয় 'ছুপাৰ কণ্ডাক্টৰ’ বা 'ছুপাৰ ফ্লইড।” এনে অৱস্থাত পদার্থৰ বিচিত্র বৈশিষ্ট্য দেখা যায়। এই বৈশিষ্ট্যসমূহৰ পৰিৱর্তন ঢাপে ঢাপে অথবা পর্যায়ক্রমে সংঘটিত হয়। গণিতৰ ‘টপোলজী’’ শাখাক ব্যৱহাৰ কৰি এই পর্যায়ক্ৰমে হােৱা পদার্থৰ পৰিৱর্তনৰ (ফেজ ট্ৰেনজিছন) চাৰিত্ৰিক বৈশিষ্ট্য ব্যাখ্যা কৰিয়েই ব্ৰিটিছ জন্মজাত তিনি বিজ্ঞানী চলিত বছৰৰ পদার্থ বিজ্ঞানৰ নোবেলৰ অধিকাৰী হ’ল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment