
তিনি লম্পট যুৱকে নগাঁও জিলাৰ ধিং লহকৰ গাঁৱৰ গকুল দাস নামৰ লোক এজনৰ একমাত্র কন্যাক ২৩ ছেপ্টেম্বৰৰ নিশা দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ পিছত কালি যুৱতীগৰাকীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। উল্লেখ্য, তিনি লম্পট ক্রমে দীপজ্যোতি কলিতা, কংকন শইকীয়া আৰু গৌতম শইকীয়াই ধিং, মহাবিদ্যালয়ৰ দ্বাদশ শ্রেণীৰ ছাত্ৰীগৰাকীক নিশা কৌশলেৰে ঘৰৰ পৰা উঠাই নি বলাৎকাৰ কৰি ধিঙৰ জগন্নাথ মন্দিৰৰ সমীপত এৰি থৈ যায়। মুমূর্ষ অৱস্থাত ছাত্রীগৰাকীয়ে ধিং মহাবিদ্যালয়ৰ এগৰাকী চকীদাৰৰ সহায়ত ঘৰলৈ অহাৰ পিছত পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে তেওঁক চিকিৎসালয়ত ভর্তি কৰে আৰু চিকিৎসাধীন অৱস্থাত পৰিয়ালৰ কষ্টক নেওচা দি কালি যুৱতীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ছাত্রীগৰাকীক আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য কৰা উক্ত তিনি লম্পটৰ উপযুক্ত শক্তিৰ দাবীত ২৯ ছেপ্টেম্বৰত ধিং থানা চৌহদত শ শ লোকে প্রতিবাদেৰে উত্তাল কৰাৰ পিছত উচ্চপদস্থ আৰক্ষী বিষয়াৰ হস্তক্ষেপত পৰিস্থিতিৰ শাম কাটিছিল যদিও যুৱতীগৰাকীয়ে কালি মৃত্যুক আঁকোৱালি লোৱাৰ পিছতেই পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে ।
0 comments:
Post a Comment