পূজাত চীনা সামগ্ৰী বৰ্জনৰ আহ্বান সোণোৱাল,তৰুণ গগৈ আৰু হিমন্ত বিশ্বৰ::প্রশাসনৰ অভিযান আৰম্ভ


মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে চীনা সামগ্ৰী বর্জন কৰি থলুৱা সামগ্ৰীৰে দুৰ্গা পূজা উদযাপনৰ আহ্বান জনাইছে । বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত অসমবাসীক উদ্দেশ্যি এই আহ্বান জনাই কয়— ‘‘ৰাজ্যৰ সৰ্ব্বত্র চীনা সামগ্ৰী ভৰি পৰিছে। দুৰ্গা পূজা উদযাপনৰ বাবে আমাৰ থলুৱা সমলৰ ভাণ্ডাৰ অফুৰন্ত। থলুৱা সামগ্ৰীৰে দুৰ্গা পূজা উদযাপন কৰিলে প্রকাৰন্তৰে দেশৰ অৰ্থনীতি টনকিয়াল হ’ব।” ইফালে, প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈয়ে দুর্গা পূজা উপলক্ষে শিশুসকলৰ হাতত পুতলা পিষ্টল তুলি নিদিবলৈ আহ্বান জনাইছে। তেওঁ কয়— পুতলা পিষ্টলে আমাৰ ভৱিষ্যৎ প্রজন্মক মাৰণাস্ত্ৰৰ প্রতি আকৰ্ষিত কৰাৰ সম্ভাৱনা থাকে। ৰাজ্যৰ বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে ৰাজ্যবাসীক।মন্ত্রী ড° শৰ্মাই কয়— ‘আমি দেখিছোঁ যে চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰি দিছে। গতিকে আমিও চীনৰ সামগ্ৰী বন্ধ কৰিব লাগে আৰু ব্ৰহ্মপুত্ৰক ব্যৱহাৰ কৰাৰ বাবে ব্যৱস্থা ল’ব লাগে। মই সকলোকে চীনত নির্মিত সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছোঁ। মই যিমান মানুহক লগ পাইছোঁ সকলোকে এই কথা কৈছোঁ। এইকেইদিন দুৰ্গা পূজা চাম আৰু সমষ্টিত ঘূৰিম। তাৰ লগতে এটা ‘মিছন' আছে যে থলুৱা সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে সকলোকে আহ্বান জনাম। চীনৰ সামগ্ৰী একেবাৰে ব্যৱহাৰ কৰিব নালাগে। আনহাতে, পূজাৰ সময়ত শিশুক পুতলা পিষ্টলৰ পৰিৱর্তে ভাল প্রডাক্টিভ’বস্তু দিব লাগে।” আনহাতে, কামৰূপ মহানগৰ জিলা প্রশাসনে বৃহস্পতিবাৰে গুৱাহাটীৰ বজাৰত চীনা সামগ্ৰী মজুতকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। মহানগৰ জিলা প্রশাসনে কেইবা লাখ টকাৰ চীনা সামগ্ৰী জব্দ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment