উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে দিয়া এটা কঠোৰ নির্দেশৰ পিছত একছত্রী ক্রিকেট প্রশাসকৰ হাতত পৰি মদগর্বিতাৰে পৰিচালিত হােৱা বিচিচি আইৰ কর্তৃত্ব ক্রিকেট প্রশাসকৰ হাতৰ পৰা সুলকি পৰাটাে একপ্ৰকাৰ নিশ্চিত হৈছে। উচ্চতম ন্যায়ালয়ে ইয়াৰ বাবে বি চি চি আইক চৰমসীমা নির্ধাৰণ কৰি দিছে ৭ অক্টোবৰ। উচ্চতম ন্যায়ালয়ে এক শুনানিত কয়— যদিহে ৭ অক্টোবৰৰ ভিতৰত বি চি চি আয়ে সর্বোচ্চ আদালতত লোধা কমিটীৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰিব বুলি মুচুলুকা (লিখিত প্রতিশ্রুতি) নিদিয়ে, তেন্তে উচ্চতম ন্যায়ালয়ে এক নির্দেশৰ জৰিয়তে বি চি চি আইৰ সকলো কর্মকর্তাকে অপসাৰণ কৰিব। ক্রিকেট ব’ৰ্ড পৰিচালনা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে নিযুক্তি দিব ভিন্ন প্রশাসক। বি চি চি আইৰ অধিবক্তা কপিল ছিবালে সর্বোচ্চ আদালতক এই ক্ষেত্ৰত সময় বিচাৰিলেও আদালতে অধিক সময় দিবলৈ অস্বীকাৰ কৰে। তিনিজন বিচাৰকৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠৰ মুৰব্বী, মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰে কপিল ছিবালক কঠোৰ ভাষাত কয়—আপুনি কি বিচাৰে ? ব’ৰ্ডৰ সৈতে জৰুৰী আলোচনা কৰি লওক আৰু ৭ অক্টোবৰৰ ভিতৰত লিখিতভাৱে ব’ৰ্ডৰ সিদ্ধান্ত সর্বোচ্চ আদালতক জনাওক। হয় আপোলোকে কাইলৈ লোধা কমিটীৰ সকলো পৰামৰ্শাৱলী নিঃচার্তভাৱে ৰূপায়ণ কৰিব বুলি লিখিতভাৱে জনাওক নহয়। আমি নির্দেশ জাৰি কৰিম।” উল্লেখ্য, বি চি চি আইৰ হৈ ছিবালে ১৭ অক্টোবৰলৈকে সময় বিচাৰিছিল, যিটো খণ্ড বিচাৰপীঠে পোনছাটেই অগ্রাহা কৰে। তদুপৰি অধিবক্তা কপিল ছিবালে এই পৰামৰ্শাৱলী ৰূপায়ণৰ বাবে বি চি চি আয়ে সিদ্ধান্ত ল’বলৈ ব’ৰ্ডৰ দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্রয়োজন বুলি আদালতক জনাইছিল। কিন্তু মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰে তেনে অজুহাত কৰ্ণপাত কৰিবলৈ অস্বীকাৰ কৰি কয় যে ইতিমধ্যে বি চি চি আইক যথেষ্ট সময় প্রদান কৰা হৈছে। তেওঁ কঠোৰভাৱে ছিবালক কয়— “যদি বি চি চি আয়ে ভাবে আইন তেওঁলোকৰ মতে চলিব, তেন্তে সেয়া ভুল। ব’ৰ্ডে আদালতৰ নির্দেশ পালন কৰি চলিব লাগিব। হয় আইন মানি চলা, নহয় আইন মানি চলিবলৈ বাধ্য কৰা হ’ব।” উচ্চতম ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰৰ পৰা লোধা কমিটীৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰাৰ বাবে বি চি চি আইক নির্দেশ দিছিল। কিন্তু ক্রিকেট ব’ৰ্ডে সেই নির্দেশ পালন নকৰিলে। ইয়াৰ বিপৰীতে বিচি চি আয়ে ২১ ছেপ্টেম্বৰত বার্ষিক সভাত একাধিক গোপন সিদ্ধান্ত লোৱাৰ উপৰি এই বিষয়টাে পর্যালোচনাৰ বাবে এখন কমিটী গঠন কৰিছিল। আদালতে সেই কমিটীৰ অস্তিত্বও অস্বীকাৰ কৰে। বি চি চি আয়ে লোধা কমিটীৰ পৰামৰ্শাৱলীৰ আংশিক ৰূপায়ণৰ বাবে সন্মত হ’লেও সর্বোচ্চ আদালতে সেয়া মানি লোৱা নাই। উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত প্রাক্তন মুখ্য ন্যায়াধীশ আৰ এম লোধাৰ নেতৃত্বাধীন কমিটীয়ে বি চি চি আইক মূলতঃ (১) বি চি চি আইক তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ অনা (২) ক্রিকেটৰ জুৱা আইনসিদ্ধ কৰা (৩) ক্রিকেটাৰ আৰু বিষয়ববীয়াই নিজৰ সম্পত্তিৰ হিচাপ দিয়া (৪) এখন ৰাজ্য, এটা ভোট নীতি ৰূপায়ণ কৰা (৫) কোনো বিষয়ববীয়াই একেৰাহে দুটাতকৈ অধিক কার্যকাল ভোগ কৰিব নোৱৰা (৬) কোনো বিষয়ববীয়াই সর্বাধিক তিনিটাকৈ কার্যকাল ভোগ কৰিব নোৱৰা (৭) ৭০ বছৰতকৈ অধিক বয়সৰ ব্যক্তিয়ে কোনো পদ দখল কৰিব নোৱৰা আৰু (৮) মন্ত্রী, সাংসদ আৰু চৰকাৰী কর্মচাৰীয়ে কোনো পদ গ্রহণ কৰিব নোৱৰা আদি কিছুসংখ্যক পৰামৰ্শ ৰূপায়ণ কৰিবলৈ কৈছিল। কিন্তু ব’ৰ্ডে লোধা কমিটীৰ সকলো পৰামৰ্শ ৰূপায়ণ কৰিবলৈ অস্বীকাৰ কৰিছে।
Home / ক্রিকেট কন্ট্রোল ব’ৰ্ড
/ ব্যাপক পৰিবর্তনৰ দিশে ক্রিকেট কন্ট্রোল ব’ৰ্ড:: আজি উচ্চতম ন্যায়ালয়ে হস্তগত কৰাৰ সম্ভাৱনা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment