বিশ্বখ্যাত জ্যোতিষী নষ্ট্রাডামুৰ ভৱিষ্যদ্বাণী ::তৃতীয় বিশ্বযুদ্ধ সূচনা হ’ব ২০১৬ত



ষোড়শ শতিকাৰ এজন জ্যোতিষীৰ ভৱিষ্যদ্বাণীৰ ভিত্তিত তৃতীয় এখন মহাসমৰ শীঘ্ৰে আৰম্ভ হ’ব বুলি বেছিভাগ লোকে বিশ্বাস কৰিছে। এওঁ হৈছে ফ্রান্সৰ বিশ্বখ্যাত জ্যোতিষী নষ্ট্রাডামু। প্রকৃত না মিছেল ডে’ নাট্রে ডামে আৰু বৃত্তিত আছিল এজন চিকিৎসক। ২০১৬ চন তথা ইয়াৰ পৰৱর্তী সময়ত ঘটিবলগীয়া যি দহটা বৃহৎ ঘটনাৰ ভৱিষ্যদ্বাণী নষ্ট্রাডামুৱে কৰিছিল তাৰ ভিতৰত তৃতীয় বিশ্বযুদ্ধৰ ভৱিষ্যদ্বাণীও অন্যতম। নষ্ট্রাডামুৰ মতে এই বছৰত এখন বৃহৎ যুদ্ধৰ সূচনা হ’ব আৰু যুদ্ধখন ২৭ বছৰ ধৰি চলিব। নষ্ট্রাডামুৰ এই যুদ্ধখনকে এতিয়া বহুতে তৃতীয় বিশ্বযুদ্ধ বুলি ভাবিবলৈ লৈছে। উল্লেখনীয় যে এইজন ফৰাচী তষীৰ মতেই ১৮৭১ চনত ‘গ্রেট চিকাগো ফায়াৰ’ সংঘটিত হৈছিল আৰু কুৰি শতিকাৰ ত্রিশৰ দশকত উত্থান ঘটিছিল হিটলাৰৰ। মধ্য যুগৰ পৰা আমেৰিকাত অল-কায়দাৰ টুইন টাৱাৰ’ আক্ৰমণলৈকে নষ্ট্রাডামুৰ বহু ভৱিষ্যদ্বাণী আখৰে আখৰে ফলিয়াইছে। নষ্ট্রাডামুৰ মতে ২০১৬ চন তথা তৎপৰৱৰ্তী সময়ত যি দহটা ডাঙৰ ঘটনা ঘটিব তাৰ আনকেইটা হৈছে- ভিক্ষুবিয়াছৰ উদগীৰণ, আটাইতকৈ ডাঙৰ ভূমিকম্প, সন্তান জন্ম দিবলৈ অনুমতিৰ প্রয়ােজনীয়তা, বিশ্ব অর্থনীতিৰ পতন, ২০০ বছৰ দীর্ঘায়ু হ’ব মানুহ, বিকিৰণে দহিব পৃথিৱী, পশ্চিমীয়া বিশ্বৰ পৰা দূৰ হ’ব কৰ সংগ্রহ ব্যৱস্থা, মানুহে জীৱজন্তুৰ মাজত বার্তালাপ সম্ভৱ হ’ব আৰু লুপ্ত পাব ভাষাৰ পাৰ্থক্য।

Share on Google Plus

About Unknown

0 comments:

Post a Comment