ৰাজ্যত ভয়ংকৰ গতিত বৃদ্ধি পাইছে বাংলাভাষী লোকৰ সংখ্যা ::চৰকাৰী তথ্যত প্রকাশ


হেমন্তকুমাৰ নাথৰ এক বিশেষ প্রতিবেদন :::
অসমতে ক্ৰমাৎ এলাগী হোৱাৰ পথত অসমীয়া ভাষা।ৰাজ্যলৈ অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনে যিদৰে "ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ ভাবুকি আনিছে সেইদৰে অসমীয়া ভাষাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ মাজতে কেন্দ্ৰৰ মোদী চৰকাৰে নাগৰিকত্ব আইনৰ সংশোধন ঘটাই হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰিব বিচৰা বিষয়টোয়ে অসমীয়া ভাষা আৰু খিলঞ্জীয়াৰ অস্তিত্ব লৈ অশনি সংকেত কঢ়িয়াই আনিছে। খোদ চৰকাৰী তথ্যতে প্রকাশ পাইছে যে অসমত ক্রমাৎ হ্রাস পাইছে অসমীয়াভাষী লোকৰ সংখ্যা। ইয়াৰ বিপৰীতে ৰাজ্যখনত অস্বাভাৱিক হাৰত বাংলাভাষী লোকৰ সংখ্যা। ১৯৭১ চনত অসমত অসমীয়াভাষী লোকৰ সংখ্যা ৰাজ্যখনৰ মুঠ জনসং খ্যাৰ ৭০.১ শতাংশ আছিল যদিও ১৯৯১ চনত ইয়াৰ সংখ্যা ৫৭.৮১ শতাংশ আৰু ২০০১ চনত ৪৮.৮০ শতাংশলৈ হ্রাস পায়। সম্প্রতি ৰাজ্যখনত অসমীয়াভাষীৰ সংখ্যা অধিক হ্রাস পাইছে। এতিয়া এনে এক পর্যায় পাইছেগৈ যে ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশৰাে কমসংখ্যক লোকেহে অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্রহণ কৰে। ইয়াৰ বিপৰীতে ৰাজ্যত ভয়ানকভাৱে বাঢ়িছে বাংলাভাষী লোকৰ সংখ্যা। ১৯৭১ চনত ৰাজ্যত ১৯.৭ শতাংশ বাংলাভাষী লোক আছিল যদিও ১৯৯১ চনত ইয়াৰ সংখ্যা ২১.৬৭ শতাংশ আৰু ২০০১ চনত ২৭.৫৪ শতাংশলৈ বৃদ্ধি পায়। বর্তমান ৰাজ্যত বাংলাভাষী লোকৰ সংখ্যা ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩৫ শতাংশলৈ বৃদ্ধি পাইছে। এনে এক জটিল সন্ধিক্ষণতহিন্দুবাংলাদেশীক নাগৰিকত্ব প্রদান কৰিলে অসমতে অসমীয়া ভাষা গভীৰ সংকটত পৰিব।   দহ বছৰৰ ভিতৰতে বাংলাভাষাক মাতৃভাষা হিচাপে গ্রহণ কৰা লোকৰ সংখ্যা ২৪,৮৬,৮০৬ জনলৈ বৃদ্ধি হয়। যদি ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত বাংলাভাষী লোকৰ সংখ্যা প্রায় ২৫ লাখ বৃদ্ধি হয় তেনেহ’লে ২০০১ চনৰ পৰা বৰ্তমানলৈকে যোৱা ডেৰ দশকত কিমানসংখ্যক বাংলাভাষী লোক বৃদ্ধি হ’ব পাৰে, সেয়া সহজেই অনুমেয়। নামনি অসমৰ বৰপেটা জিলাত ১৯৯১ চনত বাংলাভাষী লোকৰ সংখ্যা ৩,৯৫,০৬৩জন আছিল যদিও ২০০১ চনত এই সংখ্যা ৭,৩৫,৮৪৫জনলৈ বৃদ্ধি হয়। সেইদৰে দৰং জিলাত ১৯৯১ চনত ১,৮২,০০৭ৰপৰা ২০০১ চনত ৪,৬২,১৬৭৬ লৈ, শোণিতপুৰত ১৯৯১ চনত ১৮৭,৪৩৮ৰপৰা ২০০১ চনত ৩,১৫,৮৪০ লৈ,বঙাইগাঁৱত ১৯৯১ চনত ২,২৪,১৬৭ৰপৰা ২০০১ চনত ৩,৫০,৯২৮ লৈ, মৰিগাঁৱত ১৯৯১ চনত ৬৭,০০১ৰপৰা ২০০১ চনত ২,১৯,০৩৯ লৈ, লখিমপুৰত ১৯৯১ চনত ৭৩,৮২৯ৰপৰা ২০০১ চনত ১·৩৪,৬১৬ লৈ বৃদ্ধি হয়। মন কৰিব লগীয়া যে লখিমপুৰ জিলাত ১৯৯১ চনত মিচিংভাষী লোকৰ সংখ্যা ১,০৮,৮৭১ থকাৰ বিপৰীতে ২০০১ চনত ১,৫০,৮৭৩ লৈ বৃদ্ধি হয়। লখিমপুৰ জিলাত সম্প্রতি মিচিংভাষী লোকৰ সমানে সমানে আগ বাঢ়িছে বাংলাভাষী লোকৰ সংখ্যা। এনে এক পৰিস্থিতিত বাংলা ভাষাক মূল ভাষা হিচাপে গ্রহণ কৰা হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰিলে অসমত অসমীয়া ভাষা প্রকৃততে কোন দিশে গতি কৰিব সেয়া সহজেই অনুমেয় হৈ পৰিছে। ৰাজ্যত অসমীয়াৰ পৰিৱৰ্তে মূল ভাষা হ'ব বাংলা ভাষা।
Share on Google Plus

About Unknown

0 comments:

Post a Comment