ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ ::মডেলিংৰ সুযোগ পালে পাকিস্তানৰ এজন 'চাহ বিক্রেতা’ যুৱকে




ছ'চিয়েল মিডিয়াৰ শক্তি কিমান, সেয়া পুনৰ প্রমাণিত হ’ল। পাকিস্তানৰ এজন 'চাহ বিক্রেতা’ই ছ'চিয়েল মিডিয়াৰ বাবেই বর্তমান মডেলিঙৰ জগতখনত ভৰি থ’বলৈ সক্ষম হােৱাৰ বাতৰি লাভ কৰা গৈছে। নীলা চকুৰ এই চাহ বিক্রেতা যুৱকজনৰ এখন ফটোরে ছ'চিয়েল মিডিয়াত তোলপাৰ লগোৱাৰ ফলত তেওঁ মডেলিং কৰিবলৈ সুযোগ পায়। মোহনীয় চেহেৰাৰ এই যুৱকজনৰ কিলাৰ লুকচ' ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছিল। প্রথমে এই চাহ বিক্রেতা যুৱকজনৰ ছবি ইনষ্টাগ্রামত প্রকাশ কৰে ফটোগ্ৰাফাৰ জিয়া আলীয়ে। তেতিয়াৰ পৰাই নীলা চকুৰগৰাকী পাকিস্তানৰ এই যুৱকজনে ছ'চিয়েল মিডিয়াত তোলপাৰ লগায়। ফটোগ্রাফাৰ জিয়া আলীয়ে এই যুৱকজনক ইছলামাবাদৰ সমীপৰ সবজি এলেকাৰ ইটােৱাৰ বাজাৰ এলেকাত দেখা পাহছিল। এই যুৱকজনৰ আচল নাম হ’ল আৰ্ছদ খান। ১৬গৰাকী ভ্রাতৃ-ভগ্নীৰে বৃহৎ পৰিয়ালটােক চাহৰ লোকান দি পোহপাল দিছিল আছাদ খানে। পাকিস্তানৰ খাইবাৰ পখাটুনখোৱা প্ৰদেশৰ মাৰ্দনত তেওঁৰ ঘৰ। তেওঁৰ বয়স হৈছে ১৮ বছৰ। আগতে তেওঁ আছিল ফল মূল বিক্রেতা, কিন্তু বর্তমান তেওঁ চাহ বিক্ৰী কৰে। উল্লেখ্য, এই যুৱকজনৰ এতিয়ালৈকে ছ'চিয়েল কোনো একাউন্ট নাই। বর্তমান তেওঁ ইছলামাবাদৰ এটা অনলাইন গোটৰ পৰা মডেলিঙৰ বাবে প্রস্তাব লাভ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment