চৰকাৰক দাখিল ছাৰ্জিকেল ষ্ট্ৰাইকৰ ভিডিঅ’ ফুটেজ




ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰত ছাৰ্জিকেল ষ্ট্রাইকক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কালি ভাৰতীয় সেনাই এই ষ্ট্রাইকৰ ভিডিঅ’ ফুটেজ চৰকাৰক অৰ্পণ কৰে। কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী হংসৰাজ আহিৰে এই সন্দৰ্ভত স্পষ্ট মত দি সাংবাদিকৰ আগত কয় যে লিখিত প্রতিবেদন দাখিল কৰিলেই হয়, কিন্তু ভিডিঅ’ ফুটেজো অৰ্পণ কৰিছে। ইতিমধ্যে ডি জি এম অ’ ৰণবীৰ সিঙে সমস্ত ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰা বুলি ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীয়ে বিভিন্ন মঞ্চত উত্থাপিত এই ছাৰ্জিকেল ঘটনাক লৈ যি সন্দেহৰ বাতাৱৰণ সৃষ্টি হৈছে, তাক নস্যাৎ কৰি কয় যে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী , গৃহমন্ত্রী কিম্বা প্রধানমন্ত্রীয়ে এই ছাৰ্জিকেল ষ্ট্রইক সন্দৰ্ভত সংবাদ মাধ্যমক আনুষ্ঠানিকভাৱে বৰ্ণনা কৰাৰ পূর্বে লিখিত ৰূপত ডি জি এম আই বৰ্ণনা কৰি গৈছে। সেনাই কৰিবলগীয়া শুদ্ধ কামখিনি তেওঁলোকে কৰি গৈছে। অৱশ্যে চৰকাৰৰ হাতত ভিডিঅ’ ফুটেজ সেনাই অৰ্পণ কৰিলেও সেয়া প্ৰচাৰ কৰাৰ চৰকাৰৰ পৰিকল্পনা সন্দৰ্ভত মীেনতা অৱলম্বন কৰে ৰাজ্যিক গৃহমন্ত্রীগৰাকীয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment