পাক অধিকৃত কাশ্মীৰত ভাৰত ভূমিত পুনৰ প্ৰৱেশ কৰিবলৈ খাপ পিটি আছে ১০০ সন্ত্রাসবাদী। কেইবাটাও গােটত বিভক্ত হৈ এল অ' চি অতিক্ৰমি ভাৰত ভূমিত অনুপ্ৰৱেশ কৰি কূটাঘাতমূলক কার্য সংঘটিত কৰিবলৈ সাজু হৈ আছে তেওঁলোক । ভাৰতত অনুপ্ৰৱেশৰ ক্ষণ গণি থকা পাক অধিকৃত কাশ্মীৰত নতুনকৈ ১২টা শিবিৰ পাতি থকা এই সন্ত্রাসবাদী সকলক পাকিস্তানী সেনাই নিৰাপত্তা দি আছে। ভয়ংকৰ আত্মঘাতী আক্রমণেৰে ভাৰত ৰক্তাক্ত কৰাৰ পৰিকল্পনাৰে এল অ' চিত অনুপ্ৰৱেশৰ বাবে সাজু হৈ থকা সন্ত্রাসবাদীৰ ভয়াৱহ তথ্য চােৰাংচােৱাই লাভ কৰা বুলি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্ট অজিত দােভালে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক অৱগত কৰিছে। পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই ছাৰ্জিকেল ষ্ট্রাইকেৰে সন্ত্রাসবাদীৰ শিবিৰ ধ্বংস কৰাৰ লগতে কেইবাগৰাকীক হত্যা কৰাৰ পাছত এল অ' চিত সৃষ্টি হৈ থকা পৰিস্থিতি সন্দৰ্ভত কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ অধ্যক্ষতাত নিৰাপত্তা কেবিনেট কমিটীৰ (চি চি এ)ৰ গুৰুত্বপূর্ণ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে এন এছ এ অজিত দোভালে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক এল অ' চিৰ সিপাৰে ১২টা নতুন শিবিৰত প্রায় ১০০ সন্ত্রাসবাদীয়ে ভাৰত ভূমিত কূটাঘাতমূলক কার্য সংঘটিত কৰাৰ বাবে খােপপিটি থকা বুলি কয়। চােৰাংচােৱা সূত্ৰৰ আধাৰতেই লাভ কৰা তথ্যৰ ভিত্তিত এই সন্ত্রাসবাদীকেইজনক আনকি পাকিস্তানী স্থল সেনাবাহিনীয়ে নিৰাপত্তা দি থকা বুলি প্রধানমন্ত্রী মোদীক অৱগত কৰে এন এছ এ, দোভালে। কেইবাটাও চােৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা তথ্য মতেই ইতিমধ্যে সন্ত্রাসবাদীৰ অৱস্থিতি, অর্থাৎ শিবিৰসমূহাে চিহ্নিত কৰা হৈছে। লক্ষণীয় যে অনুপ্ৰৱেশৰ বাবে শিবিৰ পাতি থকা সন্ত্রাসবাদীৰ গােটক অতি কমেও ৪০-৫০জন পাক সেনাই নিৰাপত্তা দি আছে। বৈঠকত কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙে কাশ্মীৰৰ বৰ্তমান পৰিস্থিতি সম্পর্কে অৱগত কৰে প্রধানমন্ত্রী মোদীক। প্ৰসংগক্ৰমে উনুকিয়াব পাৰি যে যোৱা ১৮-২৯ ছেপ্টেম্বৰত এল অ' চি অতিক্ৰমি পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই ছাৰ্জিকেল ষ্ট্রইক” চলাই সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰাৰ লগতে ৪০-৭০জন সন্ত্রাসবাদীক হত্যা কৰিছিল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment