অখিল গগৈক ১৪ দিনৰ বাবে উত্তৰ লখিমপুৰ কাৰাগাৰলৈ প্ৰেৰণ




কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈক ২ অক্টোবৰত আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত কালি পুনৰ অখিল গগৈক লখিমপুৰ সদৰ থানা আৰু বগী নদী আৰক্ষী থানাত ৰুজু হৈ থকা তিনিটা পৃথক গোচৰত উত্তৰ লখিমপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। নগাঁও কেন্দ্রীয় কাৰাগাৰৰ পৰাই বাগী,নদী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা অখিল গগৈৰ বিৰুদ্ধে ২০১১ আৰু ২০১২ চনত বগী নদী আৰক্ষী থানাত দুটা আৰু ২০১৩ চনত উত্তৰ লখিমপুৰ সদৰ থানাত এটাকে ধৰি মুঠ তিনিটা গোচৰ সংক্রান্তত কালি কটকটীয়া নিৰাপত্তাৰ মাজেৰে উত্তৰ লখিমপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰােৱাৰ পাছতে আদালতখনে গগৈক পুনৰ ১৪ দিনৰ ন্যায়িক জিন্মলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বগী নদী আৰক্ষী থানাত ২০১১ চনত ৰাষ্ট্রদ্রোহিতা, কর্তব্যৰত আৰক্ষীক হত্যাৰ চেষ্টা কৰা, শিল দলিওৱা, গাড়ী জ্বলোৱাকে ধৰি কেইবাটাও অভিযোগত তিনিটাকৈ গোচৰ পঞ্জীয়নভুক্ত হৈ আছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment