মণিপুৰৰ নাট্য আন্দােলনৰ পুৰােধা ব্যক্তি পদ্মভূষণ, আন্তর্জাতিক খ্যাতিসম্পন্ন নাট্যকর্মী, হেইছনাম কানহাইলালৰ কালি ৭৫ বছৰ বয়সত মণিপুৰৰ লাংগল টাৰুঙৰ বাসগৃহত পৰলোকপ্রাপ্তি হয়। ১৯৪১ চনৰ ১৪ জানুৱাৰীত মণিপুৰৰ ইম্ফলৰ কেইছামথিং থাংজাম লাইবাকত জন্মগ্রহণ কৰা এইচ কানহাইলালক নাট্য আন্দোলনত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে ২০০৩ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।কানহাইলালে তেওঁৰ গ্রুপৰ দ্বাৰা নাট প্রযোজনা কৰি প্ৰকৃতাৰ্থত পৃথক থিয়েটাৰৰ মাইলৰ খুটি স্থাপন কৰে। বিগত ৪০ বছৰত ২০খনতকৈ অধিক উন্নতমানৰ নাট প্রযোজনা কৰি দেশৰ নাট্যজগতত এগৰাকী প্রসিদ্ধ নির্দেশক হিচাপে স্বীকৃতি লাভ কৰাৰ লগতে ভূয়সী প্রশংসিত হয় এইচ কানহাইলাল। ১৯৭২ চনত তামনালাই (দ্য হাণ্টিং স্পীৰিট), ১৯৭৩ত কাবুই:-কেইঐবা (হাফমেন হাফ টাইগাৰ), ১৯৭৫ত পেবেট, ১৯৭৮ত লাইগী মেছছিংগা, ১৯৮৬ত মেম'ৰিজ অৱ আফ্রিকা, ১৯৯১ত মিগী চাৰং, ১৯৯৭ত কৰ্ণ, ২০০০ত দ্রৌপদী, ২০০৬ত ডাকঘৰ৷ অৱ টেগৰ, ২০০৮ত উছেক লাংমেইডঙত সুদক্ষ সক্ষম হয়। নির্দেশনাৰে নাট্যজগতত অনবদ্য বৰঙণি আগবঢ়োৱাৰ বাবে ১৯৮৫ চনত এইচ কানহাইলালক সংগীত নাটক একাডেমী বঁটা প্রদান কৰা হয়। দেশৰ প্ৰান্তে প্রান্তে কানহাইলালৰ গ্রুপে নাট প্রদর্শন কৰি ভূয়সী প্রশংসা লাভ কৰাৰ সমান্তৰালকৈ বিশ্বৰ বিভিন্ন দেশ, বিশেষকৈ জাপান, ছিংগাপুৰ, মালয়েছিয়া, ইণ্ডোনেছিয়া, বাংলাদেশ আৰু ইজিপ্টতো খ্যাতি বিৱর্তনমূলক পৰীক্ষণৰে অভিনয়ক অভিনৱত্ব প্রদান কৰা কানহাইলাল আৰু সাৱিত্ৰীৰ গ্রুপটোৱে ২০০৫ চনৰ পৰা ৰাজ্যৰ সীমা ভেদি অসম আৰু ত্ৰিপুৰাৰ গ্ৰামাঞ্চল আৰু প্রাকৃতিক পৰিৱেশত থলুৱা সংস্কৃতিক পৰীক্ষণমূলকভাৱে পৰিৱেশনৰ প্রক্রিয়াও আৰম্ভ কৰে।কানহাইলালৰ শেষ নিশ্বাসৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত অনেক গুণমুগ্ধ আৰু শুভাকাংক্ষী উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment